নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বোকাখাতত মাৰাথন নিৰ্বাচনী প্ৰচাৰ অগপৰ সভাপতি অতুল বৰাৰ

বিশেষ বাৰ্তা, ১৫ এপ্ৰিল : সমাগত লোকসভা নিৰ্বাচন। নিৰ্বাচনক লৈ প্ৰাৰ্থীৰ লগতে বিভিন্ন ৰাজনৈতিক দলে নিৰ্বাচনী সভাৰ লগতে ভোটাৰৰ ঘৰে ঘৰে গৈ ভোটভিক্ষা কৰিছে। ১৯ এপ্ৰিলত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। সেয়ে প্ৰাৰ্থীসকলৰ লগতে দলবোৰৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। আজি অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই বোকাখাত বিধানসভা সমষ্টিৰ অন্তৰ্গত কেইবাটাও অঞ্চলত কাজিৰঙা সংসদীয় সমষ্টিৰ এনডিএ-ৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ সৈতে নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। সভাত এনডিএ-ৰ প্ৰাৰ্থীগৰাকীৰ সপক্ষে ভোট দি তেওঁক বিপুল ব্যৱধানত জয়যুক্ত কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে।

You might also like