নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ১৬ এপ্রিল, ব’হাগ মাহৰ ৩ তাৰিখ
মঙলবাৰ : তিথি– শুক্লা অষ্টমী, নক্ষত্র : পুনৰবাসু, যাত্রা : নাই

মেষ : ঘৰত আলহীৰ আগমনৰ ফলত মনত আনন্দ লাগিব৷ ব্যৱসায়–বাণিজ্যত শুভ যদিও আর্থিক ক্ষেত্রত মধ্যম৷ শুভ ৰং সেউজীয়া৷

বৃষ : গধুৰ কাম–কাজৰ পৰা বিৰত থকাই ভাল। দুর্ঘটনা, ৰক্তপাত আদিৰ যোগ৷ গতিকে, যিকোনো ধৰণৰ ড্রাইভিং এৰাই চলাই ভাল হ’ব। শুভ ৰং বগা, শুভ সংখ্যা ২৷

মিথুন : যোগ্যতা থকা সত্ত্বেও যোগ্যতাৰ সন্মান নাপাব। দেহ আৰু মনত দুর্বলতা প্রকাশ পাব। চলা–ফুৰাত সতর্ক থাকিব৷ শুভ ৰং সোণালী৷

কর্কট : নতুন কামৰ প্রতি আগ্রহ বৃদ্ধি পাব। আকস্মিক দুর্ঘটনাৰ যোগ। প্রেমত শুভ। শুভ ৰং কমলা, শুভ সংখ্যা ৩৷

সিংহ : এই ৰাশিৰ জাতক–জাতিকাই আজিৰ দিনটোত শনি আৰু হনুমান মন্দিৰত ধূপ–বন্তি জ্বলাওক৷ যিকোনো যান–বাহনৰ পৰা সতর্ক থাকিব৷ শুভ ৰং ৰূপালী৷

কন্যা : আজিৰ দিনটোত আর্থিক লেনদেন নকৰিব৷ বিদ্যার্থীসকলৰ বাবে দিনটো শুভ৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৫৷

তুলা : শাৰীৰিক দিশত মধ্যম ফল৷ কর্মস্থান চাকৰিৰ ক্ষেত্রত দিনটো শুভ৷ কথা–বতৰাত সাৱধান থাকিব, সফলতা লাভ কৰিব৷ শুভ ৰং ক’লা৷

বৃশ্চিক : এই ৰাশিৰ জাতক–জাতিকা শৰীৰৰ প্রতি সতর্ক থাকিব৷ টকা–পইচাৰ কাৰণে কর্মৰ ক্ষেত্রত বাধা। শুভ ৰং নীলা৷ শুভ সংখ্যা ৭৷

ধনু : পাৰিবাৰিক সমস্যাৰ কাৰণে কর্ম আৰু আর্থিক ক্ষেত্রত বাধা। শৰীৰত আঘাত প্রাপ্তিৰ যোগ। জুইৰ পৰা সতর্ক থাকিব৷ শুভ ৰং ক্রীম৷

মকৰ : যোগ্যতা থকা সত্ত্বেও তাৰ সন্মান নাপাব৷ দেহ আৰু মনত দুর্বলতা প্রকাশ পাব৷ শুভ ৰং আকাশী নীলা৷ শুভ সংখ্যা ৯৷

কুম্ভ : এই ৰাশিৰ জাতক–জাতিকাই নতুন কামত হাত নিদিব৷ অশুভ ৰাহুৰ প্রভাৱত শৰীৰৰ নিম্নাংশত আঘাত পাব পাৰে৷ শুভ ৰং মেৰুন৷ শুভ সংখ্যা ৭৷

মীন : এই ৰাশিৰ বিদ্যার্থীসকলৰ বাবে দিনটো শুভ৷ ধূপ–বন্তিৰ লগতে ৰঙা ফুল দি হনুমান মন্দিৰত অর্পণ কৰিব৷ শুভ ৰং পার্পল৷ শুভ সংখ্যা ১৷

You might also like