নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজবাটত ৩২২ কেজি ভাংসহ আৰক্ষীৰ জালত দুই সৰবৰাহকাৰী

নিয়মীয়া বাৰ্তা, ১৫ এপ্রিল : ওদালগুৰি জিলাৰ মাজবাট আৰু লালপানী আৰক্ষীয়ে যোৱানিশা পুনৰ পৃথকে পৃথকে অভিযান চলাই বৃহৎ পৰিমাণৰ ভাংসহ দুজন ভাং সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, এটা গোপন সূত্ৰৰ খবৰৰ ভিত্তিত মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় কুমাৰ ডুবে আৰু লালপানী আৰক্ষী চকীৰ আই চি প্ৰণৱ বৰুৱাৰ নেতৃত্বত যোৱা এটা বৃহৎ আৰক্ষীৰ দলে অসম-অৰুণাচল সীমান্ত এলেকাৰ ৰৌতা নদীৰ কাষৰীয়া অঞ্চল নিজৰা জংগল আৰু বৈঠালি জংগলত অভিযান চলায়। এই অভিযানত অৰুণাচল পাহাৰৰ পৰা ভাং সৰবৰাহ কৰি থকা অৱস্থাত ওদালগুৰি জিলাৰ ৰৌতা থানা এলেকাৰ ৪ নং ধনশ্ৰী খুঁটি গাঁৱৰ অমিত নাৰ্জাৰী (২৭) আৰু ৰৌতাৰ ৪ নং গোপচৰ গাঁৱৰ দৈমালু বসুমতাৰী (৩৭)ক আটক কৰাৰ লগতে ৩২২ কিলোগ্রাম ভাং জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটোৱে। পিছত ভাংসহ সৰবৰাহকাৰী দুজনক মাজবাট থানালৈ লৈ আহে আৰক্ষীয়ে । মাজবাট আৰক্ষীয়ে ১৭/২৪ আৰু ২৯৪ নম্বৰত এটা গোচৰ ৰুজু কৰি ভাং সৰবৰাহকাৰী দুজনক ওদালগুৰিৰ জে’ল-হাজোতলৈ প্ৰেৰণ কৰে। জব্দ কৰা ভাংখিনিৰ আন্তর্জাতিক বজাৰ মূল্য প্ৰায় ৩২ লাখ ২০ হাজাৰ টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

প্ৰেৰক ধীৰেন মহলীয়া

You might also like