নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধূলিসাৎ বিৰোধী : বোকাখাতত বিজয়ী অগপ সভাপতি অতুল বৰা

বোকাখাত বিধানসভা সমষ্টিত পুনৰ জিলিকি উঠিল এন ডি এৰ প্ৰাৰ্থী অসম গণ পৰিষদৰ প্ৰাৰ্থী অতুল বৰা। সমষ্টিটোৰ নিৰ্বাচনী ফলাফল ঘোষণা হোৱাৰ লগে লগে স্পষ্ট হৈ পৰিল যে অগপৰ দুৰ্গ হিচাপে পৰিচিত বোকাখাতত অতুল বৰাৰ আধিপত্য অক্ষুণ্ণ আছে। তেওঁ তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী ৰাইজৰ দলৰ হৰি প্ৰসাদ শইকীয়াক ৬০,৫৩৭ টা ভোটৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰি এক ঐতিহাসিক জয় সাব্যস্ত কৰে।

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, অতুল বৰাই সৰ্বমুঠ ৮০,৯৮৭ টা ভোট লাভ কৰি বিপক্ষক বহুত পিছ পেলাই থৈ যায়। আনহাতে, বিৰোধী শিবিৰৰ স্থিতি আছিল তেনেই পুতৌলগা। ইয়াৰে হৰি প্ৰসাদ শইকীয়া (ৰাইজৰ দল) ২০,৪৫০ ভোট, প্ৰণৱ দলে (নিৰ্দলীয়) ১৪,২৫০ ভোট, জিতেন গগৈ (নিৰ্দলীয়)১৩,২৩১ ভোট লাভ কৰে।

এই নিৰ্বাচনত ৰাইজৰ দলৰ প্ৰাৰ্থী হৰি প্ৰসাদ শইকীয়াই ২০,৪৫০টা ভোট লাভ কৰি দ্বিতীয় স্থানত সন্তুষ্ট থাকিবলগীয়া হয়। আনহাতে, এসময়ৰ প্ৰভাৱশালী নিৰ্দলীয় প্ৰাৰ্থী জিতেন গগৈ আৰু প্ৰণৱ দলেই বিশেষ প্ৰভাৱ পেলাবলৈ সক্ষম নহ’ল। গোণ্ডোৱানা গণতন্ত্ৰ পাৰ্টিৰ বিবেকানন্দ ৰাজোৱাৰ ২,৮৮২ ভোট) আৰু নিৰ্দলীয় হেমন্ত দলেই (১,১৩০ ভোট) অতি নগণ্য সংখ্যক ভোটহে লাভ কৰে।

আশ্চৰ্যজনকভাৱে, এইবাৰ বোকাখাতত ২,৮১৮ গৰাকী ভোটাৰে কোনো এজন প্ৰাৰ্থীকে যোগ্য বুলি বিবেচনা নকৰি ‘ন’টা’ (NOTA) বুটাম টিপে, যিটো পৰিমাণ কেইবাজনো নিৰ্দলীয় প্ৰাৰ্থীয়ে লাভ কৰা ভোটতকৈও অধিক।

অতুল বৰাৰ এই বিশাল বিজয়ে সমষ্টিটোত তেওঁৰ জনপ্ৰিয়তা পুনৰ প্ৰমাণ কৰাৰ লগতে মিত্ৰজোঁটৰ স্থিতি অধিক শক্তিশালী কৰিলে। ফলাফল ঘোষণাৰ পাছতেই বোকাখাতৰ আকাশ-বতাহ অগপৰ বিজয় উল্লাসত মুখৰিত হৈ পৰে।

নিয়মীয়া বার্তা, মহুৰামুখ, ৪ মে’

You might also like