নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰশুনাথৰ প্ৰেয়সীৰ পৰা বিৰিখৰ বিৰিণালৈ… দুৰ্গোৎসৱত পশ্চিম নলবাৰীত ভ্ৰাম্যমাণৰ প্ৰতিযোগিতা

নিয়মীয়া বার্তা, ৩০ ছেপ্টেম্বৰঃ যোৱা দুটি বছৰ ছেগা-চোৰোকাকৈ দুই এখন ভ্রাম্যমাণ থিয়েটাৰে ঠায়ে ঠায়ে নাট মঞ্চস্থ কৰিছে যদিও মানুহৰ মন থিয়েটাৰৰ নাটক চোৱাত গুৰুত্ব নাছিল কিয়নো মহামাৰী কৰোনাই বহুত পৰিয়ালৰ নভবাকৈ মুল মানুহক চিৰদিনৰ বাবে নোহোৱা হৈ গৈছে ৷ ইফালে মানুহ মুক্ত মনে ওলাব পৰা নাছিল কেবল ভয় কৰোনা মহামাৰিৰ বাবে ৷ এইবছৰ কোনোধৰনৰ ভয় সংকা নোহোৱা হৈছে যদিও বানপানীয়ে বহুত পৰিয়ালক নিঠৰুৱা কৰিছে ৷ যদিও দূর্গাপূজাৰ লগতে ভ্রাম্যমানৰ নাটক চোৱাৰ বাবে উৎসাহ বহুখিনি দেখা পোৱা যাই ৷ গুৱাহাটী চহৰত যেনেদৰে দূর্গাপুজাৰ মন্দপ সমূহ কোনো কিমান টকা খৰছ কৰি অভিজ্ঞ কাৰিকৰৰ দ্বাৰাই নির্মান কৰি আটক ধূনীয়াকৈ সজাই ভক্ত সকলৰ চকুত লগাকৈ নির্মান কৰে ঠিক তেনেদৰে অসমৰ একমাত্র ভ্রাম্যমানৰ প্রতিযোগিতা নলবাৰী জিলাৰ পশ্চিম নলবাৰীতে আৰম্ভ হোৱা দেখা পোৱা যাই ৷ কোনো এখন থিয়েটাৰে দূর্গাপূজাৰ আগত বা দূর্গাপূজাৰ পাছত ৰাইজৰ মাজত নাট প্রদর্শন কৰি বিপুল সহাৰি পোৱা পৰিলক্ষিত হোৱা নাই ৷ মাত্র দূর্গাপুজাৰ বতৰতে দেখা পোৱা যাই ৷ ইফালে থিয়েটাৰ পৰিচালনা সমিতি সমুহে পূজাৰ প্রায় দুমাহ তিনি মাহ আগৰে পৰা নিজা নিজা কৌশল অৱলম্বন কৰে ৰাস্তাৰ দুয়োকাষে, গছ, বিদ্যুতৰ খুটা সমুহত ডাঙৰ ডাঙৰ হর্দিং লগোৱাৰ লগতে প্রতিখন থিয়েটাৰে দুখন তিনিখনকে ডাঙৰ গেট নির্মান কৰি মানুহক আকর্ষিত কৰি তোলা দেখা যাই ৷ এইবোৰ দেখি অনুভৱ হয় আচলতে দূর্গাপূজা নে ভ্রাম্যমানৰ কিবা সমাৰোহ ৷ কিয়নো পশ্চিম নলবাৰীৰ বিহামপুৰৰ পৰা আৰম্ভ কৰি বেলশৰ ,চামতা ,কৈঠালকুছি আদি সকলো ৰাস্তাতে কেৱল পোষ্টাৰ ৷ পশ্চিম নলবাৰীত প্রতিবছৰে অঘোষিত ভ্রাম্যমানৰ প্রতিযোগিতা চলে ৷ সকলো  নাট্যগোষ্ঠীসমুহৰ ভাব চামতা, সাহপুৰ, বেলশৰ, ককয়া আদিত ভাল সঁহাৰি পালে অসমৰ সকলো ঠাইতে সফল হৱ পাৰিব বুলি আশা ৷এইবাৰ পশ্চিম নলবাৰী গৰিষ্ঠ সংখ্যক থিয়েটাৰে  নাট মঞ্চস্ত কৰিব বুলি জানিব পৰা গৈছে ৷ পশ্চিম নলবাৰীত এনেদৰে নাট মঞ্চস্থ কৰিব ক্রমে বিহামপুৰত ৰাজতিলক থিয়েটাৰ ১, ২, ৩, অক্টোবৰ, চামতাত থিয়েটাৰ ভাগ্যদেৱী আৰু বীণাপাণি থিয়েটাৰ ১, ২, ৩ অক্টোবৰ আৰু ৪, ৫, ৬ তাৰিখত পুনৰ চামতাত হেঙুল আৰু সূর্য থিয়েটাৰ, ইফালে বেলশৰত ক্রমে আৱাহন থিয়েটাৰ, ইতিহাস থিয়েটাৰ আৰু কহিনুৰ থিয়েটাৰ, কৈঠালকুছিত ৰাজমুকুট, বৃন্দাৱন থিযেটাৰে নাট মঞ্চস্থ কৰিব আজিৰ পৰা ৷ প্রায়বোৰ থিয়েটাৰে নিজৰ নিজৰ পেণ্ডেল সমূহ ধুনীয়াকৈ সজাই পৰাই তুলিছে ৷ আজিৰে পৰা আটাইকেইটা নাট্যদলে দুটা তিনিটাকে দর্শনী দর্শকৰ বাবে আগবঢ়াব, পশ্চিম নলবাৰীৰ চৌদিশে কেবল  ভ্রাম্যমানৰ সংলাপ আজিৰ নাট ,পৰিচালনা,অভিনীত আদি বিভিন্ন সুৱলা কন্ঠৰ সমাহাৰ ,ইফালে এখন গাড়ীত আজিৰ নিবেদন আনফালে এখন গাড়ীত তিনিটাকৈ দর্শনী আদি কিমানযে ঘোষনা ৷ মুঠতে আজিৰে পৰা পশ্চিম নলবাৰীত দর্শকৰ অগণন ভিৰ হোৱা দেখা পোৱা যাব ৷
প্রেৰক তপন কুমাৰ শর্মা
You might also like