নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাঘমাৰা চৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিদ্যালয় সপ্তাহৰ সফল সামৰণি

নিয়মীয়া বাৰ্তা, নগৰবেৰা, ১৪ ডিচেম্বৰ : বৰপেটা জিলাৰ চেঙাৰ বাঘমাৰা চৰৰ ঐতিহ্যমণ্ডিত বিদ্যালয় বাঘমাৰা চৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যোৱা ৯ ডিচেম্বৰৰ পৰা ছয়দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা ৪৯সংখ্যক বিদ্যালয় সপ্তাহৰ আজি সামৰণি পৰে। প্ৰথম দিনাৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলনৰ পিছতে কিংবদন্তি কণ্ঠশিল্পী, জনতাৰ হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিভা বিকাশৰ উদ্দেশ্যে অধিৱেশনত বিভিন্ন খেল-ধেমালিৰ লগতে সাহিত্যমূলক প্ৰতিযোগিতা অনুষ্ঠিত কৰি স্থানপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলক পুৰস্কাৰ দিয়াৰ ব্যৱস্থা কৰে ছাত্ৰ একতা সভাৰ তৰফৰ পৰা।

শেষৰ দিনা দুপৰীয়া ১২ বজাত ভাৰপ্ৰাপ্ত অধ্যক্ষ খলিলুৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি আৰু বঁটা বিতৰণী সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মন্দিয়া আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শ্বেখ ফাৰুক আহমেদ। ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে উদ্দেশ্য ব্যাখ্যা কৰাৰ পিছতেই বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি হাকিম উদ্দিন আহমেদে উদ্বোধনী ভাষণ ৰাখে। সহঃ শিক্ষক খুৰশ্বিদ আলমে সভাত উপস্থিত থকা অতিথিসকলক সম্বৰ্ধনা জ্ঞাপন কৰে।

সভাত উপস্থিত থাকে বাঘমাৰা চৰ জিলা পৰিষদৰ সদস্যা কহিনুৰ বেগম, বাঘমাৰা চৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী শ্বামচুন নেহাৰ, বাঘমাৰা চৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ছোলেমান আলী আহমেদ, বাঘমাৰা চৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ তাইজুদ্দিন সৰকাৰ, বাঘমাৰা চৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক আলহাজ তৈয়ব আলী শ্বেখ, প্ৰবক্তা আবুশামা আহমেদ, অৱসৰী শিক্ষক জাফৰ আলী আহমেদ, আলহাজ হবিবুৰ ৰহমান, হাইস্কুল পৰীক্ষা কেন্দ্ৰ পৰিচালনা সমিতিৰ সভাপতি জাফৰ খান, শিক্ষক আঃ বাৰিক মণ্ডল, সমবায় সমিতিৰ সভাপতি এম মুছুৰুদ্দিন আহমেদ, বিশিষ্ট সমাজকৰ্মী আঃ বাৰেকৰ লগতে বিশিষ্ট ব্যক্তিসকল। সভাত উপস্থিত অতিথিসকলে মূল্যৱান শৈক্ষিক ভাষণৰ লগতে নিচাজাতীয় দ্ৰব্য, বাল্য বিবাহ নিৰ্মূলৰ লগতে শিক্ষামূলক বক্তৃতা দিয়ে।

You might also like