নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীহাটত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ মাৰাথন অভিযান

নিয়মীয়া বাৰ্তা, ৰূপহীহাট, ১৪ ডিচেম্বৰ : ৰূপহীহাট আৰক্ষী থানাৰ বিষয়া সুৰুজ দত্তই নতুনকৈ থানাখনত যোগদান কৰিয়েই এটাৰ পিছত আন এটা অভিযান চলাইছে ড্ৰাগছৰ বিৰুদ্ধে। ৰূপহীহাট আৰক্ষী থানাৰ বিষয়া সুৰুজ দত্তই এক গোপন সূত্ৰৰ পম খেদি আজি দিনৰ ভাগত ৰূপহীহাটত ড্ৰাগছৰ বিৰুদ্ধে পৃথকে পৃথকে চলায় ৩টাকৈ অভিযান।

ৰূপহীহাট আৰক্ষীয়ে প্ৰথমে ৰূপহী তিনিআলিত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায়। আৰক্ষীৰ অভিযানত ১৪টাকৈ ড্ৰাগছভৰ্তি কন্টেইনাৰসহ গ্ৰেপ্তাৰ কৰে এজন ড্ৰাগছ সৰবৰাহকাৰীক। ধৃত ড্ৰাগছ সৰবৰাহকাৰীজনৰ নাম শুকুৰ আলী। আৰক্ষীয়ে সৰবৰাহকাৰীজনৰ পৰা জব্দ কৰা ড্ৰাগছখিনিৰ ওজন ২.৫৭ গ্ৰাম। আনহাতে, ৰূপহীহাট আৰক্ষীয়ে ৰূপহীহাটৰ গড়েমাটিখোৱাত ড্ৰাগছৰ বিৰুদ্ধে চলায় আন এক অভিযান। আৰক্ষীৰ অভিযানত ৯টাকৈ ড্ৰাগছভৰ্তি কন্টেইনাৰসহ গ্ৰেপ্তাৰ কৰে আন এজন সৰবৰাহকাৰীক। ধৃত সৰবৰাহকাৰীজনৰ নাম সাহাব উদ্দিন। ধৃত সৰবৰাহকাৰীজনৰ পৰা জব্দ কৰা ড্ৰাগছখিনিৰ ওজন ১.৭১ গ্ৰাম।

ইপিনে, ৰূপহীহাটৰ শিঙিমাৰীত চলায় আন এক অভিযান । আৰক্ষীৰ অভিযানত এটা চাবোনৰ বাকচভৰ্তি ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে আন এজন ড্ৰাগছ সৰবৰাহকাৰীক । ধৃত ড্ৰাগছ সৰবৰাহকাৰীজনৰ নাম বাহাৰুল ইছলাম। আৰক্ষীয়ে জব্দ কৰা ড্ৰাগছখিনিৰ ওজন ১০.১৮ গ্ৰাম।ৰূপহীহাট আৰক্ষীয়ে অধিক তথ্যৰ বাবে ধৃত সৰবৰাহকাৰী ৩জনক জেৰা অব্যাহত ৰাখিছে।

You might also like