গ্ৰন্থ অধ্যয়নৰ সুস্থ পৰিৱেশ গঢ়িবলৈ এমাহজোৰা গ্ৰন্থ অধ্যয়ন প্ৰতিযোগিতা
নতুন প্ৰজন্মক মোবাইল সংস্কৃতিৰ পৰা আতৰাই গ্ৰন্থ অধ্যয়নৰ এক সুস্থ পৰিবেশ ৰচনা কৰাৰ মানসেৰে বাইহাটা চাৰিআলিৰ ৰুৰেল লাইব্ৰেৰীৰ উদ্যোগত এখনি গ্ৰন্থ অধ্যয়নৰ অভিনৱ প্ৰতিযোগিতাৰ আয়োজন কৰিছে।
৫ জুলাই তাৰিখৰ পৰা আৰম্ভ হোৱা এই গ্ৰন্থ অধ্যয়ন প্ৰতিযোগিতা খনি জুলাই মাহৰ ২৭ তাৰিখলৈ প্ৰতি শনিবাৰ আৰু ৰবিবাৰে আবেলি ৪ বজাৰ পৰা ৭ বজালৈ অনুষ্ঠিত হব। এই প্ৰতিযোগিতাৰ প্ৰতি সহাৰি জনাই অসমৰ বিভিন্ন প্ৰান্তৰ নতুন প্ৰজন্মৰ ৩৮ গৰাকী পঢ়ুৱৈ প্ৰতিযোগীয়ে হোমেন বৰগোহাঞি, ভবেন্দ্ৰ নাথ শইকীয়া, অনুৰাধা শৰ্মা পূজাৰী, ৰীতা চৌধুৰী আদি প্ৰতিস্থিত সাহিত্যিকৰ জনপ্ৰিয় গ্ৰন্থ সমূহ অধ্যয়নৰ বাবে বাচনি কৰি প্ৰতিযোগিতাত অংশ লয়।
১৬ বছৰ বয়সৰ পৰা ৩০ বছৰ বয়সৰ ছাত্ৰ ছাত্ৰী তথা নতুন প্ৰজন্মৰ প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰা এই গ্ৰন্থ অধ্যয়ন প্ৰতিযোগিতাৰ গ্ৰন্থ সমূহ ৰুৰেল লাইব্ৰেৰীৰ তৰফৰ পৰা যোগান ধৰা হয়। উল্লেখযোগ্য যে এমাহ ধৰি চলিব লগা এই প্ৰতিযোগিতা খনিৰ পৰা আটাইতকৈ বেছি সময় অধ্যয়ন কৰা ১০ গৰাকী প্ৰতিযোগীক বাচি উলিয়াই তেওলোকে অধ্যয়ন কৰা গ্ৰন্থৰ ওপৰত এক সাক্ষাৎকাৰৰ ব্যবস্থা কৰি তিনি গৰাকী ছুড়ান্ত বিজয়ী প্ৰতিযোগী বাচি উলিওৱা হব।
প্ৰথম তিনিগৰাকী বিজয়ী প্ৰতিযোগীক মথুৰা ডেকা সোঁৱৰণী বঁটা আৰু ১০ হেজাৰ টকা, বুলু দেবী সোঁৱৰণী বটা লগতে নগদ ৭ হেজাৰ টকা আৰু ড০ খগেশ খেন ডেকা সোঁৱৰণী বঁটা লগতে ৫ হেজাৰ নগদ ধনেৰে পুৰস্কৃত কৰিব।
উল্লেখযোগ্য যে, মোবাইল ফোনৰ পৰা আঁতৰত ৰাখি নতুন প্ৰজন্মৰ মাজত এক গ্ৰন্থ অধ্যয়নৰ পৰিবেশ ৰচনা কৰিবলৈ এই প্ৰচেষ্টা হাতত লোৱা বুলি ৰুৰেল লাইব্ৰেৰীৰ সম্পাদক কুশল গোস্বামী তথা বাইহাটা চাৰিআলি শতদল সাহিত্য সভাৰ সভাপতি কৃষ্ণ কান্ত কলিতাই আজি সাংবাদিকক জানিবলৈ দিয়ে। বাইহাটা চাৰিআলি ৰুৰেল লাইব্ৰেৰীৰ যি প্ৰচেষ্টা তাক সচেতন ৰাইজ তথা পঢ়ুৱৈ সমজে আদৰণি জনাইছে।
নিয়মীয়া বাৰ্তা, বাইহাটা চাৰিআলি : Date of Published, 7 July