নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাত চাৰিকড়ীয়াৰ ওপৰত বাঁহৰ দলং নিৰ্মাণ ৰাইজৰ

নিয়মীয়া বাৰ্তা, ৫ অক্টোবৰ : ৰাইজে নখ জোকাৰিলে হেনো নৈ বয়,নৈ বওক বা নবওক কিন্ত ৰাইজে হাত উজান দিলে যে এখন দলং হয় সেয়া পুনৰ প্ৰমানিত কৰিলে ঢকুৱাখনা সমষ্টিৰ চাৰিখনকৈ গাঁৱৰ ৰাইজে। চৰকাৰ-জনপ্ৰতিনিধিৰ আশা এৰি ৰাইজে সাজিলে চাৰিকড়ীয়া নদীৰ ওপৰত ৩০০ মিটাৰ দীঘল এখন বাঁহৰ দলং। সমষ্টিটোৰ পশ্চিম ঢকুৱাখনা পঞ্চায়তৰ অন্তৰ্গত সুঁতিমুখৰ পৰা জাৰণি গাঁও সংযোগী পথৰ চাৰিকড়ীয়া নৈৰ ওপৰত এখন দলং নিৰ্মাণৰ বাবে চৰকাৰ আৰু জনপ্ৰতিনিধিক বাৰম্বাৰ আবেদন নিবেদনৰ পিছতো সুফল লাভ নকৰাত অৱশেষত ৰাইজ নামিল হাতে কামে। ৪খনকৈ গাঁৱৰ ৰাইজ একত্ৰিত হৈ গাঁঠিৰ ধন ভাঙি চাৰিকড়ীয়া নদীৰ ওপৰত এদিনতে সাজি উলিয়ালে ৩০০ মিটাৰ দীঘল এখন বাঁহৰ দলং। উল্লেখ্য যে,সততে উন্নয়ন আৰু বিকাশৰ শ্লোগান আওৰাই অহা বিজেপি চৰকাৰৰ চূড়ান্ত অমানোযোগিতাৰ ফল ভোগ কৰিছে পঞ্চায়টোৰ জাৰণি গাঁও, ৰাওনাবাৰী, সুঁতিমুখ, বৰবাৰী আদিকে কৰি ৪খনকৈ গাঁওৰ চহা ৰাইজে।কাৰণ সুঁতিমুখৰ পৰা জাৰণি গাঁও সংযোগী পথৰ চাৰিকড়ীয়া নদীৰ ওপৰত নাই দলং। চাৰিকড়ীয়া নদীৰ বাঢ়নী পানীয়ে প্ৰতিবছৰেই উটুৱাই নিয়ে ৰাইজে সাজি লোৱা বাঁহৰ দলংখন। তাৰ পিছত বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ বাবে যাতায়াতৰ একমাত্ৰ সম্বল হৈ পৰে টুলুঙা নাও। যাতায়তৰ বাবে অসুবিধাৰ সন্মুখীন হয় স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু ৰোগী। খৰালি পানী কমি গ’লে প্ৰয়োজন হয় এখন দলঙৰ। খৰালি বাঁহৰ দলং সাজি লোৱাটো অঞ্চলটোৰ ৰাইজৰ বাবে বছৰেকীয়া নিয়ম হৈ পৰিছে। যুগ যুগ ধৰি গঞা ৰাইজে ব্যৱহাৰ কৰি অহা পথটোৰ চাৰিকড়ীয়া নদীৰ ওপৰত এখন পকী দলং নিৰ্মাণৰ বাবে বাৰম্বাৰ চৰকাৰ-জনপ্ৰতিনিধিক আবেদন-নিবেদন কৰিও কোনো সুফল নাপালে গাঁওকেইখনৰ ৰাইজে৷ অৱশেষত অতিষ্ঠ গাঁওসমূহৰ ৰাইজে বুধবাৰে একত্ৰিত হৈ সিদ্ধান্ত লয় নিজে শ্ৰমদান কৰি, নিজৰ বাৰীৰ বাঁহ ব্যৱহাৰ কৰি সঞ্চিত পুঁজিৰে যাবতীয় নিৰ্মাণ সামগ্ৰী ক্ৰয়েৰে এখন বাঁহৰ দলং নিৰ্মাণৰ। সেই অনুক্ৰমে বুধবাৰে পুৱাই অতি বিপজ্জনকভাৱে এবুকু পানীত নামি ৰাইজ ব্যস্ত হৈ পৰিল দলং নিৰ্মাণত৷ দিনযোৰা হাড় ভগা পৰিশ্ৰমৰ অন্তত ভুক্তভোগী ৰাইজে নিজৰ বাঁহ, সামগ্ৰীৰে প্ৰায় ৩০০ মিটাৰ দীঘল এখন বাঁহৰ দলং নিৰ্মাণ কৰি উলিয়াই।প্ৰশ্ন হয়,সততে উন্নয়ন আৰু বিকাশৰ শ্লোগান আওৰাই অহা বিজেপি চৰকাৰৰ এই অমৃত কালত দুৰ্দশা ভূগি অহা এইসকল দুৰ্ভগীয়াই সুচল যাতায়াতৰ বাবে পাবনে এখন পকী দলঙৰ সুবিধা?

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like