নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোত নিয়মীয়া বাৰ্তাৰ কাকত বিলোৱা বাহন দুৰ্ঘটনাগ্ৰস্ত

নিয়মীয়া বাৰ্তা, ৫ অক্টোবৰ : কামৰূপ জিলাৰ বকোৰ শাখাতিত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত বৃহস্পতিবাৰে পুৱাই সংঘটিত হল এক ভয়াৱহ পথ দুৰ্ঘটনা। খবৰ অনুসৰি নিয়মীয়া বাৰ্তা কাকতৰ বাতৰি কঢ়িওৱা এখন বলেৰ’ পিকআপ বাহন আৰু এখন চুইফট ডিজায়াৰ বাহনৰ সংঘৰ্ষৰ ফলত সংঘটিত হয় এই পথ দুৰ্ঘটনা। পুৱতি নিশা গুৱাহাটীৰ পৰা কামৰূপ আৰু গোৱালপাৰালৈ বাতৰি কাকত দিবলৈ অহা নিয়মীয়া বাৰ্তা কাকতৰ বলেৰ’ পিকআপ বাহনখন গুৱাহাটীলৈ ওভতাৰ পথতে গোৱালপাৰা দিশৰে পৰা অহা তীব্ৰবেগী এখন চুইফট ডিজায়াৰ বাহনে পিছফালৰ পৰা প্ৰচণ্ড জোৰে খুণ্ডা মৰাৰ ফলতে সংঘটিত হয় এই ভয়াৱহ পথ দুৰ্ঘটনাটো। এই পথ দুৰ্ঘটনাত দহ জন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আঘাতপ্ৰাপ্ত লোককেইজন ক্ৰমে চাদিক আলম, হৰেন চন্দ্ৰ দাস, অজিত বড়ো, ববিতা মমিন, লিলিথা মাৰাক, ধৃষা মাৰাক, হাজিৰা খাতুন, ইউচুফ আলি ফাকিৰ, চাইফুল ইছলাম, ইৰচাড আলী।উল্লেখ্য যে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত চাদিক আলম, ধৃষা মাৰাক, ইউচুফ আলী ফাকিৰ, চাইফুল ইছলাম আৰু ইৰচাড আলীক ইতিমধ্যে সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। দুৰ্ঘটনা সংঘটিত হোৱা বলেৰ’ বাহন খনৰ নম্বৰ AS 01 FC 7416 আৰু চুইফট ডিজায়াৰ খনৰ নম্বৰ AS 01 MB 0966।

প্ৰেৰক প্ৰীতম বায়ন

You might also like