নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছ গণবিচ্ছিন্ন-হতাশাগ্রস্ত দল : অতুল বৰা

🟢নলবাৰীত অগপৰ বুথ সন্মিলনত প্ৰায় ১০ হাজাৰ দলীয় কাৰ্যকৰ্তাৰ শক্তি প্ৰদৰ্শন
🟢অগপ শক্তিশালী হ’লে শক্তিৱান হ’ব অসমৰ জনসাধাৰণ : অতুল বৰা

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ ‘অসম গণ পৰিষদ শক্তিশালী হোৱা মানে অসমৰ জনসাধাৰণ শক্তিশালী হোৱা।’- এই মন্তব্য অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰাৰ ৷ আজি নলবাৰীত উপস্থিত হয় অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰাৰ লগতে কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ৷ নলবাৰী শ্বহীদ মুকুন্দ কাকতি বাছ আস্থানত অনুস্থিত হোৱা এখন বিশাল দলীয় বুথ কৰ্মী সভাত উপস্থিত হৈ বহু গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰাৰ লগতে কাৰ্যকৰী সভাপতি কেশৱ মহন্তই৷ বিশেষকৈ নৱগঠিত জিলা সমষ্টিসমূহক অধিক শক্তিশালী কৰা দলৰ প্ৰধান উদ্দেশ্য বুলি মন্তব্য কৰে সভাপতি অতুল বৰাই ৷ অসম গণ পৰিষদ দলে ৰাজ্যৰ আগন্তুক পঞ্চায়ত আৰু লোকসভা নির্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আজি নলবাৰী জিলা অসম গণ পৰিষদৰ সহযোগত, বৰপেটা লোক সভা সংসদীয় সমষ্টিৰ উদ্যোগত নলবাৰী ছহীদ মুকুন্দ কাকতি বাছ আস্হানত এখন বিশাল বুথ কৰ্মীসভা অনুষ্ঠিত কৰা হয়। কেন্দ্ৰীয় সাধাৰণ সম্পাদক ভূপেন ৰয়ে উদ্দেশ্য ব্যাখ্যা কৰা বুথ সন্মিলনৰ আদৰণি ভাষণ দিয়ে দলৰ জ্যেষ্ঠ নেতা তথা বিধায়ক ফণীভূষণ চৌধুৰীয়ে। জ্যেষ্ঠ নেতা চৌধুৰীয়ে বিগত ৪০ বছৰে দলটোৰ সেৱা কৰি আহিছো বুলি কৈ সম্প্ৰতি ৭০ বছতো দলৰ হৈ নিষ্ঠাৰে কাম কৰি ভাগৰুৱা হৈ পৰাই নাই বুলি আবেগিক হৈ চকুলো টুকি ভাষণ দিয়ে। সম্বৰ্ধনা অনুষ্ঠান টোৰ আঁতধৰে দলৰ জ্যেষ্ঠ নেতা আক্ৰাম হুছেইন আৰু সভাপতি আনন্দ ৰাজবংশীয়ে। সন্মিলনখন সঞ্চালনা কৰে দলৰ কেন্দ্ৰীয় সভাপতি অতুল বৰাই। সভাত কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, ৰাজ্য সভাৰ সাংসদ বীৰেন্দ্ৰ কুমাৰ বৈশ্যই অসম গণ পৰিষদ দলৰ ভাল দিন আহিছে বুলি ভাষণ দিয়াৰ উপৰিও দলক শক্তিশালী কৰিবলৈ তৃণমূল কৰ্মীসকলৰ প্ৰতি আহ্বান জনায় ভাষণ দিয়ে। বুথ সন্মিলনত বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত ১০ টা বিধানসভা সমষ্টিৰ প্ৰায় ৯০ শতাংশ বুথ সমিতিৰ সভাপতি, সম্পাদক সহ অন্যান্য দলীয় সমৰ্থক প্ৰায় দহ সহস্ৰাধিক ৰাইজে অংশগ্ৰহণ কৰে। সভাত ভাষণ দি পুনৰ সভাপতি অতুল বৰাই কয় যে- অনাগত লোকসভা আৰু পঞ্চায়ত নিৰ্বাচনৰ ৰণকৌশল প্ৰস্তুত কৰা হয়। দলটোক অধিক শক্তিশালী কৰাৰ স্বাৰ্থত দলীয় কৰ্মকৰ্তাসকলক জনসংযোগ বৃদ্ধিৰ বাবে নিষ্ঠা আৰু সমৰ্পিত মনোভাবেৰে আগবাঢ়িবলৈ আহ্বান জনোৱাৰ লগতে দললৈ আৰু অধিক ডেকা তেজৰ আগমন ঘটাবলৈ বদ্ধপৰিকৰ বুলি বক্তব্য ৰাখে। মন্ত্ৰী বৰাই পুৰ্বৰ কংগ্ৰেছ চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি থকা মাহীআইৰ দৃষ্টিৰ আজিও পৰিৱৰ্তন নহ’ল বুলি বিষোদগাৰ প্ৰকাশ কৰে। ইয়াৰ উপৰি তেওঁ কংগ্রেছ এতিয়া অস্তমিত সূৰ্য বুলি উল্লেখ কৰি কংগ্রেছৰ কেন্দ্রীয় নেতৃত্বৰ পৰা অসমৰ ৰাজ্যিক নেতৃত্বলৈ ৰাইজৰ লগত ন্যূনতম জনসংযোগ নোহোৱাৰ বিষয়টো দাঙি ধৰি কংগ্রেছক গণবিচ্ছিন্ন-হতাশাগ্রস্ত দল বুলি অভিহিত কৰে। দলৰ কৰ্মকৰ্তাসকলক উত্তৰ-পূববিৰোধী কংগ্রেছ দলৰ বিৰুদ্ধে মাৰবান্ধি থিয় হ’বলৈ সভাপতিগৰাকীয়ে উদাত্ত কন্ঠে আহ্বান জনায়।লগতে মন্ত্ৰীগৰাকীয়ে অসম মিত্ৰদলৰ চৰকাৰখনৰ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনসাধাৰণৰ কল‍্যাণৰ বাবে বিভিন্নখন অভিলাষী আঁচনি প্ৰস্তুতি কৰি দুখীয়া ৰাইজক উপকৃত কৰি আহিছে বুলিও সদৰী কৰে। সভাত অসম গণ পৰিষদৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই ভাষণ কয় যে কৰ্মীসকলৰ কৰ্মস্পৃহা আৰু পৰিকল্পনাৰ ওপৰতেই দলৰ সফলতা নিৰ্ভৰ কৰে। আগন্তুক পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনত দলে আশানুৰূপ ফলাফল দেখুওৱাৰ বাবে দলৰ প্ৰতিগৰাকী সদস্যক এতিয়াৰে পৰা একাগ্ৰতাৰে কাম-কাজত আত্মনিয়োগ কৰিবলৈ আৰু সন্মুখলৈ অহা প্ৰত্যাহ্বানকো নেওচি প্ৰতিজন দলীয় বিষয়ববীয়া, সদস্যক নিৰন্তৰভাৱে দলৰ পৰিকাঠামো সুদৃঢ় কৰিবলৈ কাৰ্যকৰী সভাপতি মহন্তই আহ্বান জনায়। আজিৰ সভাত অগপৰ ভাতৃ-ভগ্নী সংগঠনসমূহৰ সভাপতি, সম্পাদকসকলৰ লগতে বিভিন্ন পৰ্যায়ৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে। আজিৰ অগপৰ বুথ কৰ্মীসভাই নলবাৰী জিলাৰ লগতে বৰপেটা লোক সভা সমষ্টিত অগপৰ আঞ্চলিকতাবাদী ভেটি শক্তিশালী কৰিব বুলি আশা ব্যক্ত কৰিছে দলটোৰ নেতৃত্বই। বুথ সন্মিলনৰ সভাত বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰমেন্দ্ৰ নাৰায়ণ কলিতা, ডাঃ কমলা কলিতা, নুৰুল হুছেইন, সাংসদ কুমাৰ দীপক দাস, উপ সভাপতি ডঃ ৰঞ্জিত ডেকা, কেন্দ্ৰীয় সমিতিৰ সম্পাদক দিলীপ কুমাৰ দাস আদি কৰি জ্যেষ্ঠ নেতা সকল উপস্থিত থাকে। আনহাতে ৰাতিপুৱা ১১ বজাত এটা বিশাল বাইক ৰেলীৰে কেন্দ্ৰীয় নেতৃত্বক ঘগ্ৰাপাৰ হাইৱে চকৰ পৰা আদৰি আনে নলবাৰী হৰিমন্দিৰলৈ। তাৰ পৰাই এক সাংস্কৃতিক শোভাযাত্ৰাৰে কেন্দ্ৰীয় নেতৃত্বতক আদৰি আনে বুথ সন্মিলনলৈ।

প্ৰেৰক বীৰেন কলিতা

You might also like