নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কামৰূপৰ মূল্যায়ন সাময়িকভাৱে স্থগিতঃ বৰপেটা–শিৱসাগৰত্ পুনৰীক্ষণ

প্রতিখন জিলাৰ বিদ্যালয় পৰিদর্শকৰে ছেবাৰ জৰুৰী বৈঠক

নিয়মীয়া বাৰ্তা ২০ জুলাইঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ‘ধনৰ বিনিময়ত নম্বৰ’ কেলেংকাৰি পোহৰলৈ অহাৰ পিছতে হাহাকাৰ লাগিছে ৰাজ্যৰ শিক্ষা বিভাগৰ ভিতৰচ’ৰাত৷ এনে নজিৰবিহীন অনিয়মৰ লগত জড়িত দুজনকৈ ব্যক্তি গ্রেপ্তাৰ হোৱাৰ পিছতে কেতবোৰ কঠোৰ সিদ্ধান্ত লোৱাৰ দিশে অগ্রসৰ হৈছে মাধ্যমিক শিক্ষা পৰিষদ, অসম চমুকৈ ছেবা৷ আজি ৰাজ্যৰ প্রতিখন জিলাৰ বিদ্যালয় পৰিদর্শকৰ লগত ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তে এখন জৰুৰী বৈঠকত মিলিত হয় ছেবা কর্তৃপক্ষ৷ ছেবাৰ অধ্যক্ষ তথা সচিব উপস্থিত থকা বৈঠকখনত জিলাসমূহৰ মূল্যায়ন সন্দর্ভত বিশদ আলোচনা কৰা হয়৷ এই বৈঠকতে তিনিখন জিলাৰ প্রসংগ বিশেষভাৱে আলোচনা কৰা হয়৷

জিলাকেইখন হৈছে কামৰূপ, বৰপেটা আৰু শিৱসাগৰ৷ কিয়নো এই তিনিখন জিলাত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মূল্যায়নত বিসংগতি সংঘটিত হোৱাৰ অভিযোগ লাভ কৰিছিল ৰাজ্য চৰকাৰে৷ কামৰূপত এই ঘটনা স্পষ্ট ৰূপত পোহৰলৈ অহাৰ পিছত জিলাখনৰ মূল্যায়ন সাময়িকভাৱে স্থগিত ৰখা হৈছে৷ ইয়াৰ বাহিৰেও বৰপেটা আৰু শিৱসাগৰ জিলাৰ মূল্যাংকন পদ্ধতিও কঠোৰভাৱে পুনৰীক্ষণ কৰাৰ সিদ্ধান্ত লোৱা হয়৷ বৈঠকৰ সিদ্ধান্তৰ বিষয়ে সোমবাৰে ছেবাৰ অধ্যক্ষই ৰাজ্যৰ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুক বিশদভাৱে অৱগত কৰায়৷

ইপিনে, কামৰূপ জিলাৰ মূল্যায়ন সন্দর্ভত জিলাখনৰ নৱনিযুক্ত বিদ্যালয় পৰিদর্শক অপূর্ব ঠাকুৰীয়াৰ সৈতে পৃথক আলোচনাত মিলিত হয় ছেবা কর্তৃপক্ষ৷ কামৰূপৰ হাইস্কুল শিক্ষান্ত পৰীক্ষার্থীৰ সবিশেষ মূল্যাংকন তালিকাও শীঘ্রে দাখিল কৰিবলৈ নির্দেশ দিয়া হৈছে৷ ছেবাৰ এক শীর্ষ সূত্রই সদৰী কৰা মতে, কামৰূপৰ বাহিৰে আন সকলো জিলাৰ মূল্যাংকনৰ সবিশেষ তালিকা ইতিমধ্যে ছেবাৰ কার্যালয়ত আহি পৰিছে৷ এই তালিকা অনুসৰিয়ে কম্পিউটাৰত নম্বৰসমূহ উল্লেখ কৰা হৈছে নে নাই, সেই বিষয়টোও বিশেষভাৱে পৰীক্ষা কৰা হ’ব৷

সূত্রটোৱে লগতে জানিবলৈ দিয়া মতে, অহা ৩১ জুলাইৰ পূর্বে ফলাফলৰ সকলো কাম সম্পূর্ণ কৰিবলৈ ছেবাই যুদ্ধকালীন গতিৰে কাম অব্যাহত ৰাখিছে৷ ফলাফল নির্ধাৰিত সময়ৰ ভিতৰতে ঘোষণা কৰা হ’ব৷ ইপিনে, অভিযোগৰ আঙুলি উঠা কামৰূপ জিলাৰ সমন্বয়ৰক্ষী বিষয়া ফুলপাহি নাথৰ বিৰুদ্ধেও যাৱতীয় ব্যৱস্থা গ্রহণৰ প্রস্তুতি চলা বুলি জানিব পৰা গৈছে৷ তদুপৰি উৎকোচেৰে নম্বৰ বৃদ্ধিৰ চেষ্টা কৰি গ্রেপ্তাৰ হোৱা মাজৰটোপ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আক্কাছ আলী আহমেদকো শিক্ষা বিভাগে তৎকালে কার্যকৰী হোৱাকৈ চাকৰিৰ পৰা নিলম্বন কৰিছে৷

You might also like