নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাতত ভাগৱত লৈ চিকিৎসালয়লৈ আহিল বৰপেটা সত্রৰ বুঢ়াসত্রীয়া বশিষ্ঠ শর্মা, ক’ভিডত আক্রান্ত

নিয়মীয়া বাৰ্তা, ২২ অক্টোবৰঃ শ্রীমন্ত শংকৰদেৱ বঁটাপ্রাপক বৰপেটা সত্রৰ বুঢ়া সত্রীয়া, বৰপেটা সত্রৰ শাখা সত্র সমাজ অসমৰ সভাপতি বশিষ্ঠ দেৱশর্মাৰ শৰীৰত ক’ভিড–১৯ পজিটিভ ধৰা পৰিছে৷ বুঢ়া সত্রীয়াৰ লগতে তেওঁৰ বোৱাৰী বিনীতা শর্মা আৰু নাতিনী তনয়া শর্মাও ক’ভিড আক্রান্ত হৈছে৷ কালি দুপৰীয়া প্রায় বাৰ বজাত বৰপেটা চহৰৰ দুর্গাবাৰীত তেওঁৰ বোৱাৰীয়েকৰ ক’ৰোনা পৰীক্ষা কৰাত ক’ভিড–১৯ পজিটিভ ধৰা পৰে৷

তাৰ পিছত বুঢ়াসত্রীয়া আৰু তেওঁৰ নাতিনীয়েকক দিনৰ প্রায় ডেৰ বজাত ঘৰলৈ আহি পৰীক্ষা কৰাত দুয়োজনৰে দেহত ক’ভিড–১৯ পজিটিভ ধৰা পৰে৷ বুঢ়াসত্রীয়া শর্মাক বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত বিয়লি প্রায় ৪ বজাত ভর্তি কৰায়৷ সম্প্ৰতি তেওঁক উন্নত চিকিৎসা সেৱাৰ বাবে জি এম চি হাস্পতাললৈ অনা হৈছে। উল্লেখ্য বুঢ়াসত্রীয়াই ঘৰৰ পৰা আহোঁতে হাতত ভাগৱত শাস্ত্র এখন লৈ চিকিৎসালয়ত ভর্তি হয়৷

বৰপেটা সত্রৰ ভকত–আইসকলৰ লগতে বৰপেটা সত্রৰ শাখা সত্র সমাজ অসমৰ প্রধান সম্পাদক মহানন্দ পাঠক, বৰপেটা প্রেছ ক্লাবৰ সম্পাদক অশোক কুমাৰ দাস, জার্নেলিষ্ট ইউনিয়নৰ বৰপেটা জিলা সমিতিৰ সাধাৰণ সম্পাদক নৱজিৎ বায়ন, বৰপেটা সাহিত্য সভাৰ সভাপতি ডাঃ কমল কৃষ্ণ দাস প্রমুখ্যে বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠান, তেওঁৰ অসংখ্য গুণমুগ্ধই বুঢ়াসত্রীয়াৰ লগতে তেওঁৰ বোৱাৰী আৰু নাতিনীয়েকৰ আশু আৰোগ্য কামনা কৰি ভগৱানৰ ওচৰত প্রার্থনা জনাইছে৷

You might also like