নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাটিলে তেজ ওলোৱা শিল…! চিলি আৰু পেৰুৰ দুৰ্লভ খাদ্য

নিয়মীয়া বাৰ্তা, ২২ অক্টোবৰঃ এটা অদ্ভুত শিল। ইয়াক ভাঙি দিলে কোনো প্ৰাণীৰ দৰে ইয়াৰ দেহত দেখিবলৈ পোৱা যায় ৰঙা পদাৰ্থ। ওলাই তেজ, দেখা যায় মঙহৰ দৰে কিছু বস্তু। এই মঙহৰ দৰে পদাৰ্থ বিধ বিক্ৰী কৰা হয় বজাৰত, মানুহে কিনে আৰু খায়। সাধাৰণতে চকু কপালত তুলিব পাৰে এই শিলৰ চৰিত্ৰই। কিন্তু এয়াই সঁচা।

চিলি আৰু পেৰুৰ সাগৰতলিত দেখিবলৈ পোৱা এই শিল কোনো লোকে পোনপ্ৰথমবাৰৰ বাবে দেখিলে নিশ্চিতভাৱে আচৰিত নোহোৱাকৈ নাথাকে। এই শিলবিধক পায়ুৰা চিলেন্সিছ শিল বুলি কোৱা হয়। ইয়াক পিৰিয়ড ৰক বুলিও কয়। ডাঙৰ ডাঙৰ শিলত লাগি ধৰা এই শিলটো আচলতে এটা সাগৰীয় জীৱেই।

কিন্তু হুবহু শিলৰ দৰে আৰু সাগৰৰ শিলতে লাগি ধৰি জীৱন নিৰ্বাহ কৰে। প্ৰজনন-প্ৰসৱ আদি জৈৱিক প্ৰক্ৰিয়াৰ দ্বাৰা ই বংশবৃদ্ধি কৰে। স্থানীয় বজাৰত অতি মূল্যৱান ৰূপে পৰিচিত এই শিল।

You might also like