নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পূজাৰ মণ্ডপত এনেদৰে ক’ৰোনাক আঁকিছে শিল্পীয়ে…

নিয়মীয়া বাৰ্তা, ২২ অক্টোবৰঃ কলকাতাৰ কেশোপুৰ প্ৰফুল্ল কানন পেণ্ডেলত দেৱী মাৰ মূৰ্তিৰ লগত প্ৰবাসী শ্ৰমিকৰ মূৰ্তি সজা হৈছে। মূলতঃ কৰোনাকেন্দ্ৰিক পৰিকাঠামো তৈয়াৰ কৰা হৈছে গোটেই পূজা মণ্ডপত।

তীব্ৰ গৰমত ভোকে কলমলাই থকা অৱস্থাত শ্ৰমিকৰ যাত্ৰ, দূৰ যাত্ৰাৰ ফলত অসুস্থ হৈ পৰা শ্ৰমিক, বিহাৰৰ ১৫ বছৰীয়া ছোৱালী জ্যোতি কুমাৰীয়ে নিজ পিতৃক চাইকেল চলাই গুৰুগ্ৰামৰ পৰা দৰভংগালৈ অনা, চৰকাৰে লকডাউনৰ সময়ত ব্যৱস্থা কৰা শ্ৰমিক ৰেল, চুটকেছৰ ওপৰত টোপনি যোৱা সন্তানক আনি থকা মাতৃ আদি লকডাউনৰ সময়ত প্ৰচাৰ মাধ্যমত জনপ্ৰিয় হৈ পৰা বিষয়ক লৈ সজাই তোলা হৈছে বিভিন্ন মূৰ্তি।

কৰোনাৰ কাৰণে দুৰ্গাপূজাৰ উছাহ ম্লান পৰিলেও শিল্পীৰ হাতৰ পৰশে এক অনন্য দুৰ্গা পূজাৰ স্বৰূপ প্ৰকাশ কৰিছে। অকল কেশোপুৰেই নহয়, অসম, ঝাৰখণ্ডৰ পূজা মণ্ডপতো কৰা হৈছে ক’ৰোনাৰ চিত্ৰণ।

You might also like