নিয়মীয়া বার্তা, বটদ্রৱা, ১৪ ডিচেম্বৰ : মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্রৱা থানৰ ঐতিহ্যমণ্ডিত আকাশীগংগাৰ তীৰত নির্মাণ হৈ থকা বটদ্রৱা প্রকল্পৰ কাম–কাজৰ বুজ ল’বলৈ উপস্থিত হৈ মন্ত্রী পীয়ূষ হাজৰিকাই এই প্রকল্প মুকলি কৰিবলৈ অহা ২৯ ডিচেম্বৰত গৃহমন্ত্রী অমিত শ্বাহ আহিব বুলি প্রকাশ কৰে৷
উল্লেখ্য যে ঐতিহাসিক বটদ্রৱা প্রকল্প ৰাইজৰ বাবে মুকলি কৰিব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে৷ ২৯ ডিচেম্বৰত বটদ্রৱাত উপস্থিত হৈ গৃহমন্ত্রীগৰাকীয়ে মাংগলিক অনুষ্ঠানৰ মাজেৰে নাম-কীর্তন, গায়ন-বায়ন অনুষ্ঠানৰ মাজেৰে ৰাইজৰ বাবে মুকলি কৰিব এই প্রকল্প৷ উল্লেখ্য যে বটদ্রৱা প্রকল্প জনাজাত হ’ব আৱির্ভাৱ ক্ষেত্র নামেৰে৷
অমিত শ্বাহৰ আগমনৰ পূর্বে বটদ্রৱাৰ প্রকল্পস্থলীত মন্ত্রী পীয়ূষ হাজৰিকা, কেশৱ মহন্ত, বিধায়ক ৰূপক শর্মা, জিতু গোস্বামী আৰু শশীকান্ত দাস উপস্থিত হয়৷ তেওঁলোকে জিলা আয়ুক্ত দেৱাশিস শর্মা, জিলা আৰক্ষী অধীক্ষক স্বপ্ণনীল ডেকা, ৰাজ্যিক বিজেপিৰ অ’ বি চি মর্চাৰ সম্পাদক অভিজিৎ নাথ, ৰাজ্যিক বিজেপিৰ সদস্য ৰোহিণী বৰাৰ লগতে লোকনির্মাণ বিভাগকে আদি কৰি বিভিন্ন বিভাগৰ বিষয়া–কর্মচাৰীক লগত লৈ প্রকল্পস্থলী পৰিদর্শন কৰে৷ গৃহমন্ত্রী অমিত শ্বাহৰ উপস্থিতিত ৬৫ হাজাৰ লোকৰ সমাগম হোৱাৰ পৰিকল্পনা কৰে মন্ত্রী পীয়ূষ হাজৰিকাই৷
সত্রীয়া সংস্কৃতিৰ প্রদর্শন আৰু কেইবাশ গায়ন–বায়নেৰে প্রকল্পস্থলীলৈ আদৰি আনিব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক৷ নগাঁও–বটদ্রৱা সমষ্টি, ৰহা সমষ্টি, বঢ়মপুৰ সমষ্টি, জাগীৰোড সমষ্টি, কলিয়াবৰ সমষ্টিৰ সকলো অঞ্চলৰ পৰা ভক্তিপ্রাণ ৰাইজ উপস্থিত থাকিব বুলিও প্রকাশ কৰে৷
উল্লেখ্য যে ২০২১ চনৰ ২৫ ফেব্রুৱাৰীত গৃহমন্ত্রী অমিত শ্বাহে বহুপ্রত্যাশিত এই বটদ্রৱা প্রকল্পৰ নির্মাণকার্যৰ শুভাৰম্ভ কৰিছিল আৰু তেতিয়াৰ পৰাই নির্মাণ হৈ থকা এই প্রকল্পত পৃথিৱীৰ আটাইতকৈ ওখ গুৰু আসন, সত্রীয়া সংস্কৃতি প্রতিফলিত হোৱা বিভিন্ন কাৰুকার্য খটোৱা অতিথিগৃহ, দেৱবাদ্য তালৰ সাজত কলাকেন্দ্ৰ, খোলৰ সাজত গৱেষণা কেন্দ্র, নাৱৰ সাজত কৌশল বিকাশ কেন্দ্র, জাপিৰ সাজত নাটঘৰকে আদি কৰি এই নির্মাণসমূহ সম্পূর্ণ হোৱাৰ পথত৷
ওম কনষ্ট্রাকচন নামৰ এটা নির্মাণ প্রতিষ্ঠানৰ তত্ত্বাৱধানত সাজু হৈ থকাৰ উপৰি গছ–গছনি ৰোপণ কৰি প্রাকৃতিকভাৱে সুন্দৰ কৰাৰ প্রচেষ্টা লোৱা হৈছে৷ শ্রীমন্ত শংকৰ গুৰুজনাৰ জন্মস্থান বটদ্রৱা থানখনক বিশ্বৰ ধর্মীয় আৰু আধ্যাত্মিক গৱেষণাৰ ক্ষেত্র হিচাপে গঢ়াৰ সংকল্পৰে ২০১৬ চনৰ ছেপ্টেম্বৰ মাহত বেদখলমুক্ত কৰা হৈছিল ঐতিহ্যমণ্ডিত আকাশীগংগাৰ তীৰৰ ১৬০ বিঘা ভূমি৷