নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণতলীৰ নিজ কাঠমীত ভূমি বিবাদক কেন্দ্ৰ কৰি মাৰপিট, আহত ৩

নিয়মীয়া বাৰ্তা, সোণতলী, ১৪ ডিচেম্বৰ : কামৰূপ জিলাৰ ছমৰীয়া ৰাজহ চক্ৰৰ অন্তৰ্গত সোণতলীৰ নিজ কাঠমী গাঁৱত আজি দিনৰ প্ৰায় ১১ বজাত ভূমি বিবাদক কেন্দ্ৰ কৰি হোৱা মাৰপিটত তিনিজন লোক গুৰুতৰভাৱে আহত হয়।

জানিব পৰা মতে, সোণতলীৰ নিজ কাঠমী গাঁৱৰ মোকাদ্দেছ আলী আৰু আব্দুল হাইৰ ফৈদৰ মাজত এডোখৰ ভূমিক কেন্দ্ৰ কৰি ভয়ংকৰ মাৰপিট সংঘটিত হয়৷ মাৰপিটত নিজ কাঠমী গাঁৱৰ মোকাদ্দেছ আলী (৪০), ছিদ্দিক আলী (৩৫) আৰু শ্বাহজামাল আলী (৩৪) গুৰুতৰভাৱে আহত হয়৷ আহত আটাইকে সোণতলী সামূহিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও প্ৰাথমিক চিকিৎসাৰ অন্তত চিকিৎসকে ছিদ্দিক আলী আৰু শ্বাহজামাল আলীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে৷

উক্ত ঘটনা সন্দৰ্ভত দুয়োপক্ষই পৃথকে সোণতলী আৰক্ষী চকীত এজাহাৰ দাখিল কৰা বুলি জানিব পৰা গৈছে।

You might also like