নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূমধ্য সাগৰৰ অশান্তি

ভূমধ্য সাগৰক কেন্দ্র কৰি ইউৰোপজুৰি সৃষ্টি হৈছে অশান্তি৷ ভূমধ্য সাগৰৰ পূব প্রান্তৰ জলৰাশি হৈছে প্রাকৃতিক সম্পদৰ ভঁৰাল৷ জলগর্ভৰ এই বৃহৎ সম্পদৰ ওপৰত দীর্ঘদিন ধৰি ইউৰোপৰ প্রতিখন দেশৰ চোকা নজৰ আছে৷ ইয়াৰ উপৰি পাশ্চাত্যৰ মহাশক্তি হিচাপে পৰিচিত আমেৰিকাৰ লোলুপ দৃষ্টিও আছে ভূমধ্য সাগৰৰ এই বিশাল প্রাকৃতিক সম্পদৰ ভাণ্ডাৰৰ ওপৰত৷ ইউৰোপৰ কোনো দেশেই এই জলৰাশিৰ প্রাকৃতিক গেছ আৰু খনিজ তেল উদ্ঘাটন কৰিবলৈ সাহস দেখুওৱা নাছিল৷ কিন্তু শেহতীয়াকৈ তুৰস্কই পূব ভূমধ্য সাগৰীয় অঞ্চলৰ পৰা একপক্ষীয়ভাৱে তেল আৰু প্রাকৃতিক গেছ উদ্ঘাটনৰ বাবে চিন্তা–চর্চা চলাইছে৷ ইতিমধ্যে বিশাল জলৰাশিত দেশখনে আৰম্ভ কৰিছে জৰীপ৷ তুৰস্কৰ এই একপক্ষীয় সিদ্ধান্তৰ পাছতেই প্রতিৱেশী ৰাষ্ট্র গ্রীচে ইয়াৰ তীব্র বিৰোধিতা কৰিছে৷ ইফালে ফ্রান্সেও তুৰস্কৰ গতি–বিধিৰ ওপৰত নজৰ ৰাখিবলৈ সমগ্র অঞ্চলটোলৈ প্রেৰণ কৰিছে যুদ্ধবিমানসহ বায়ুসেনাৰ দল৷ একে সময়তে নৌসেনাই ৰণতৰীৰে নিৰীক্ষণ কৰিছে তুৰস্কৰ কাম–কাজ৷ ৰাষ্ট্রপতি ৰিছেপ টায়ীপ এর্ডোগানৰ নেতৃত্বত ভূমধ্য সাগৰীয় অঞ্চলত তুৰস্কৰ আধিপত্যৰ দাবী তীব্রতৰ হৈছে৷ দেশখনৰ এনে দাবীক কেতিয়াও সমর্থন নকৰে গ্রীচে৷ লক্ষণীয়ভাৱে ইউৰোপ মহাদেশত নৰৱেৰ পাছতেই শান্তিকামী দেশ হিচাপে চিহ্ণিত হৈ আহিছে গ্রীচ৷ দেশখনে বিশ্বৰ বিভিন্ন প্রান্তত চলি থকা যুদ্ধ–সংঘর্ষৰ বিৰোধিতা কৰি আহিছে৷ কিন্তু তুৰস্কৰ শেহতীয়া সিদ্ধান্তৰ পাছতেই যুযুধান হৈ পৰিছে ইউৰোপৰ এই শান্তিকামী দেশখন৷ অকল সেয়াই নহয়, ভূমধ্য সাগৰীয় অঞ্চলত তুৰস্কক সামৰিক প্রত্যাহ্বান জনাবলৈ সাজু আছে বুলিও হুংকাৰ দিছে গ্রীচে৷ বিগত চাৰি বছৰৰ ভিতৰত আই এম এফৰ ঋণৰ ফাণ্ডত পৰি গ্রীচৰ অর্থনীতি বিধ্বস্ত হৈছে৷ একালৰ সমৃদ্ধিশালী ইউৰোপীয় ৰাষ্ট্রখনত চলি আছে এতিয়া ভয়াৱহ অর্থনৈতিক সংকট৷ আনকি অৱসৰপ্রাপ্ত কর্মচাৰীসকলৰ পেন্সন তথা অন্যান্য কল্যাণকামী আঁচনিৰ ধন কর্তন কৰি প্রতিমুহূর্ততে জনতাৰ ক্ষোভৰ বিস্ফোৰণৰ সন্মুখীন হৈছে গ্রীচ৷ কিন্তু আর্থিক বিপর্যয় চলি থকা দেশখনে ভূমধ্য সাগৰত তুৰস্কৰ বিৰুদ্ধে যুদ্ধৰ হুংকাৰ দি সমগ্র বিশ্বতে সৃষ্টি কৰিছে চাঞ্চল্য৷
পূব ভূমধ্য সাগৰীয় অঞ্চলৰ প্রাকৃতিক সম্পদৰ ওপৰত পূর্বৰে পৰা গ্রীচৰ নজৰ আছে৷ ইউৰোপীয় দেশখনে এই সম্পদ সমগ্র মহাদেশখনৰ কল্যাণৰ বাবে ব্যৱহাৰ হোৱাটো বিচাৰি আহিছে৷ আনকি ফ্রান্সেও ইউৰোপৰ বাবে এয়া এক ‘ভাগ্যলক্ষ্মী’ বুলি চিহ্ণিত কৰি আহিছে৷ কিন্তু গ্রীচৰ উপকূলৰ সমীপতে থকা এই সম্পদৰ ওপৰত তুৰস্কই একচেটীয়া আধিপত্য বিস্তাৰ কৰিবলৈ তৎপৰতা গ্রহণ কৰাৰ লগে লগে গ্রীচৰ সমান্তৰালকৈ ফ্রান্সেও সতর্কবাণী প্রেৰণ কৰিছে আংকাৰা প্রশাসনলৈ৷ লক্ষণীয়ভাৱে ফ্রান্স আৰু গ্রীচৰ উপৰি ইউৰোপৰ প্রতিখন দেশে ভূমধ্য সাগৰীয় অঞ্চলৰ প্রাকৃতিক সম্পদৰ ওপৰত নিয়ন্ত্রণ সাব্যস্ত কৰাৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে তুৰস্ক চৰকাৰক৷ ইফালে, আমেৰিকাই ভূমধ্য সাগৰীয় অঞ্চলৰ অশান্তিয়ে ইউৰোপজুৰি সশস্ত্র সংঘাতৰ পৰিৱেশ সৃষ্টি কৰিব পাৰে বুলি আশংকা কৰিছে৷ নাটো বাহিনীৰ সদস্য ৰাষ্ট্র তুৰস্কৰ শেহতীয়া কাম–কাজে ইউৰোপৰ আভ্যন্তৰত সৃষ্টি কৰা মতানৈক্যৰ বাবেই এতিয়া অন্যান্য অশান্ত সাগৰীয় অঞ্চলসমূহতো সৃষ্টি হৈছে অস্থিৰতা৷ বিশেষকৈ পাৰস্য উপসাগৰীয় অঞ্চলত ভূমধ্য সাগৰৰ এই অস্থিৰতাই নতুন ইন্ধন যোগাব বুলি নিৰাপত্তা বিশেষজ্ঞসকলে ধাৰণা কৰিছে৷ বিভিন্ন সময়ত বিশ্বজুৰি প্রাকৃতিক সম্পদত নিয়ন্ত্রণ সাব্যস্ত কৰা ইউৰোপৰ দেশসমূহে এতিয়া গৃহভূমিতেই সম্পদৰ বাবে যদি সামৰিক সংঘাতত লিপ্ত হয়, তেন্তে ইউৰোপীয় সংঘৰ ঐক্যলৈ নামি আহিব ভাবুকি৷ ইতিমধ্যে ব্রেক্সিটৰ জৰিয়তে ব্রিটেইনে ইউৰোপীয় সংঘৰ পৰা প্রস্থান প্রক্রিয়া নিশ্চিত কৰাৰ পাছত সমগ্র সংস্থাটোলৈ নামি আহিছে বিভিন্ন ধৰণৰ সংকট৷ এই সংকটৰ মাজতে যদি গ্রীচ, তুৰস্ক আৰু ফ্রান্সৰ মাজৰ মতানৈক্যই ভূমধ্য সাগৰীয় অঞ্চলত যুদ্ধৰ সূত্রপাত ঘটায়, তেন্তে বিশ্ব শান্তিৰ বাবে সেয়া হ’ব এক নতুন প্রত্যাহ্বান৷ ইতিমধ্যে আর্থিক বিপর্যয় সত্ত্বেও গ্রীচে সমৰ শক্তিক অত্যাধুনিক কৰাৰ পোষকতা কৰি যুযুধান ৰূপ প্রকট কৰি তুলিছে৷

You might also like