নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অবৈধ প্ৰেমৰ সাক্ষী হোৱাটোৱেই কাল হ’ল ডেলিভাৰী বয়ৰ : দুই অভিযুক্তক আটক

নিয়মীয়া বাৰ্তা, গৰৈমাৰী, ৭ ছেপ্টেম্বৰ : এটা চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰি গ’ল সমগ্ৰ দক্ষিণ কামৰূপক। অবৈধ প্ৰেমৰ সাক্ষী হোৱাৰ বাবেই হত্যাৰ বলি হ’ব লগা হ’ল গৰৈমাৰীৰ টুক্ৰাপাৰা গাঁৱৰ ৰজব আলীৰ পুত্ৰ আজাহাৰ আলী। ইতিমধ্যে আজাহাৰ আলী হত্যাকাণ্ডৰ লগত জড়িত দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে ছয়গাঁও আৰক্ষীয়ে। ছয়গাঁৱৰ কুকুৰমাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কামৰূপৰ বৰদিয়া চাপৰিৰ জিন্নত আলী আৰু নলবাৰী জিলাৰ কুৰিহামাৰী চৰৰ ইছমাইল আলী নামৰ দুই অভিযুক্তক।

উল্লেখ্য যে গৰৈমাৰীৰ টুক্ৰাপাৰা গাঁৱৰ আজাহাৰ আলী গুৱাহাটীৰ ব্লিনকিট কোম্পানীৰ ডেলিভাৰী বয় হিচাপে কৰ্মৰত আছিল যদিও যুৱকজন ২৯ আগষ্টৰ নিশা নিৰুদ্দেশ হয়৷ অৱশ্যে ডেলিভাৰী বয় আজাহাৰ আলীয়ে ব্যৱহাৰ কৰা এএছ-০১এফএক্স-৬৭৪১ নম্বৰৰ বাজাজ প্লেটিনা মটৰ চাইকেলখন ৩০ আগষ্টৰ পুৱা কুকুৰমাৰাৰ জাৰাবাড়ীৰ জংঘলত ঢাকি থোৱা অৱস্থাত উদ্ধাৰ হয়। উক্ত ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে ৩০ আগষ্টত কুকুৰমাৰা আৰক্ষী পহৰা চকীত এখন এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে।

৩১ আগষ্টৰ পুৱাৰ ভাগত ডেলিভাৰী বয় আজাহাৰ আলীৰ মৃতদেহটো চাম্পুপাৰাৰ কলহী নৈত পানীত উপঙি থকা উদ্ধাৰ হয়৷ আজাহাৰ আলীৰ ক্ষত-বিক্ষত মৃতদেহ প্ৰত্যক্ষ কৰিয়েই স্থানীয় ৰাইজ তথা আৰক্ষীয়ে ডেলিভাৰী বয়জনক কোনোবা অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰা বুলি নিশ্চিত হৈছিল। আৰক্ষীয়ে প্ৰায় এসপ্তাহ পিছত কালি দিনৰ ভাগত দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে, হত্যাত অভিযুক্ত জিন্নত আলীৰ পত্নী থকা স্বত্ত্বেও এগৰাকী যুৱতীৰ সৈতে অবৈধ প্ৰেমৰ সম্পৰ্ক আছিল। সেই প্ৰেমৰ সাক্ষী হোৱা বাবেই আজাহাৰ আলীক জিন্নত আলী আৰু তেওঁৰ বন্ধু ইছমাইল আলীয়ে পলাশবাৰীৰ জাৰাবাৰীত ২৯ আগষ্টৰ নিশা পাথৰ আৰু ডেগাৰেৰে ঘপিয়াই হত্যা কৰি কলহী নদীত উটুৱাই দিছিল। ছয়গাঁও আৰক্ষীয়ে অভিযুক্ত দুটাক আটক কৰাৰ পিছতেই আৰক্ষীক ধন্যবাদ দিছে পৰিয়াল তথা স্থানীয় লোকে।

You might also like