নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূমিকম্পত আহত মহিলাক মৰিবলৈ এৰি দিছে উদ্ধাৰকাৰীয়ে : ধর্মীয় গোড়ামিৰ নামত চূড়ান্ত অমানৱীয় কার্য

নিউজ ডেস্ক, ৭ ছেপ্টেম্বৰ : ধর্মৰ নামত মানৱতাক একাষৰীয়া কৰা নিকৃষ্ট কাণ্ডক লৈ বিশ্বজুৰি তীব্র প্রতিক্রিয়া হৈছে৷ তালিবানশাসিত আফগানিস্তানত ধর্মৰ বাবেই ভূমিকম্পৰ ফলত হোৱা ধ্বংসস্তূপত আবদ্ধ হৈ থকা মহিলাক উদ্ধাৰ কৰা নাই, অর্থাৎ আহত মহিলাসকলক ধ্বংসস্তূপতে মৰিবলৈ এৰি দিছে উদ্ধাৰকাৰীয়ে৷ ধর্মান্ধ তালিবানশাসিত আফগানিস্তানত আখৰে আখৰে পালিত হৈ আছে শ্বৰীয়ত আইন৷ ভয়ংকৰ প্রাকৃতিক দুর্যোগৰ সময়তো এই নিয়ম কোনেও উলংঘা কৰিবলৈ সাহস কৰা নাই৷ ইয়াৰ পৰিপ্রেক্ষিতত ভূমিকম্পত বিধ্বস্ত দেশখনৰ ঠায়ে ঠায়ে ধ্বংসস্তূপত পৰি থকা আহত মহিলাক উদ্ধাৰ কৰা হোৱা নাই৷

শ্বৰীয়ত আইন অনুসৰি মহিলাই পৰপুৰুষৰ ছায়া চোৱাটো হাৰাম অর্থৎ পৰপুৰুষৰ স্পর্শ পাব নোৱাৰে মহিলাই৷ এনে কঠোৰ ধর্মীয় অন্ধবিশ্বাসৰ বাবে দেশখনত ভূমিকম্পত আহত মহিলাসকলক উদ্ধাৰ কৰা হোৱা নাই৷ যাৰ পৰিণতিত উদ্ধাৰ কৰিলে জীৱন ৰক্ষা পৰা মহিলাসকলকো উদ্ধাৰ কৰা নাই প্রশাসনে৷ মৃত্যুৰ ক্ষণ গণি থাকিবলৈ ধ্বংসস্তূপত এৰি দিয়া হৈছে অনেক মহিলাক৷ ভূমিকম্পৰ পিছত আমেৰিকা যুক্তৰাষ্ট্রৰ সংবাদ মাধ্যম নিউয়র্ক টাইমছৰ প্রতিবেদনত এই চাঞ্চল্যকৰ তথ্য প্রকাশ পাইছে৷

মহিলাৰ অধিকাৰ খর্ব কৰাৰ বাবেই উদ্ধাৰকাৰী দলে আনকি ধ্বংসস্তূপত মহিলা আবদ্ধ হৈ থকা নাই বুলি প্রকাশ কৰিছে৷ ধ্বংসস্তূপত থকা আহত মহিলাসকলক তাতেই এৰি দিয়া হৈছে৷ আনকি যিসকল মহিলাৰ মৃত্যু হৈছে তেনে মহিলাৰ দেহ কাপোৰেৰে মেৰিয়াই আঁতৰ কৰি দিয়া হৈছে৷

ভূমিকম্পত ৰক্ষা পৰা কুনাৰৰ এগৰাকী মহিলাই প্রকাশ কৰা মতে, উদ্ধাৰকাৰী দলে তেওঁক এটুকুৰা ঠাইত বলপূর্বক পেলাই থৈ আহিছে আৰু কোনো সহায় কৰা নাই৷ স্বেচ্ছাসেৱী দলৰ মহিলা এগৰাকীয়ে প্রকাশ কৰা মতে, উদ্ধাৰকাৰী দলৰ বাবে নাৰী অস্পৃশ্য৷ গতিকে উদ্ধাৰৰ কোনো চেষ্টা কৰা নাই৷

You might also like