🔹 অসমবাসীৰ হৃদয়ত চিৰদিন জুবিন থাকিব এটা মিঠা সুৰ হৈ
বিশেষ বাৰ্তা, ২৩ ছেপ্টেম্বৰ : পঞ্চভূতত বিলীন জনতাৰ প্রিয় শিল্পী জুবিন গাৰ্গ। প্ৰিয় শিল্পীগৰাকীয়ে বিচৰা ধৰণেই ‘মায়াবিনী ৰাতিৰ বুকুত’ গীতেৰে সকলোৱে জনালে শেষ বিদায়। উপস্থিত সকলোৱে সমস্বৰে গালে ‘মায়াবিনী ৰাতিৰ বুকুত’। লগতে উপস্থিত জুবিন অনুৰাগীৰ ‘জয় জুবিন গাৰ্গ’ ধ্বনি।
শুকুৰবাৰে ছিংগাপুৰত দেহাৱসান ঘটা জনতাৰ প্ৰিয় শিল্পী জুবিন গাৰ্গৰ মৃতদেহ দেওবাৰে অসমলৈ অনা হয়। তাৰ পিছৰে পৰা প্ৰিয় শিল্পীগৰাকীৰ মৃতদেহ আজি চিতাত উঠোৱালৈ তেওঁৰ লাখ লাখ অনুৰাগীয়ে কান্দি কান্দি শেষ শ্ৰদ্ধাঞ্জলি জনায়। যোৱা তিনি দিন ধৰি কাৰ্যতঃ স্থবিৰ হৈ পৰিল অসম! আজি সৰুসজাইৰ পৰা প্ৰিয় শিল্পীগৰাকীৰ অন্তিম ঠিকনা সোণাপুৰৰ কমাৰকুছিলৈ নশ্বৰ দেহ নিয়াৰ সময়তো ৰাষ্ট্ৰীয় ঘাইপথত যাতায়াত বন্ধ কৰি দিয়া হয়।
অসমীয়াৰ বুকুৰ আপোন শিল্পীগৰাকীৰ আজি দ্বিতীয়বাৰ মৰণোত্তৰ পৰীক্ষাৰ অন্তত সোণাপুৰৰ কমাৰকুছিত শেষকৃত্য অনুষ্ঠান আৰম্ভ হয়। সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰাপথত পথৰ দুয়োকাষে ৰৈ অগণন অনুৰাগীয়ে পুষ্পবৃষ্টিৰে শিল্পীগৰাকীক সংগ দিয়ে। হিয়াৰ আমঠু শিল্পীগৰাকীৰ ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য অনুষ্ঠান সম্পন্ন কৰাৰ পৰত ২১ জাঁই তোপধ্বনিৰে জুবিন গাৰ্গলৈ শ্রদ্ধাঞ্জলি জনোৱা হয়। চন্দন কাঠেৰে জনতাৰ প্ৰিয় শিল্পী জুবিনৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰা হয়। মুখাগ্নি কৰে ভগ্নী পালমী বৰঠাকুৰ আৰু ৰাহুল গৌতম শৰ্মাই। সহযোগ কৰে অৰুণ গাৰ্গ আৰু ৰিতুপ্রয়াগ গাৰ্গে।
কণ্ঠশিল্পীগৰাকীৰ শেষ ৰীতি-নীতি যাতে সঠিকভাৱে সম্পন্ন হয় তাৰ প্ৰতি পৰিয়াল আৰু প্ৰশাসন দুয়োটাই চেষ্টা চলায়। ইয়াৰ পিছতে অশ্রুসিক্ত নয়নেৰে সকলোৱে শেষ বিদায় জনায় প্রাণৰ শিল্পীগৰাকীক। সকলোৰে মুখত এটাই বাক্য- অসমবাসীৰ হৃদয়ত চিৰদিন জুবিন থাকিব এটা মিঠা সুৰ হৈ…