নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খালী চকী : শিলচৰত ৪ ঘণ্টা পলমকৈ সভাস্থলীত উপস্থিত ভূপেন বৰা

বিশেষ বাৰ্তা, ১২ এপ্রিল : দুর্যোগে যেন লগ এৰা নাই ৰাজ্যৰ প্রধান বিৰোধী দল কংগ্রেছক৷ লোকসভা নির্বাচনৰ প্রাকক্ষণত ইজনৰ পাছত সিজন নেতাই দলত্যাগ কৰাৰ সময়তে শিলচৰত প্রথমখন নির্বাচনী জনসভাত অংশগ্রহণ কৰিবলৈ গৈ দুৰৱস্থাৰ সন্মুখীন হ’ল প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰা৷ শিলচৰ সংসদীয় সমষ্টিত দলীয় প্রার্থী সূর্যকান্তি সৰকাৰৰ হৈ প্রচাৰ চলাবলৈ আজি প্রদেশ কংগ্রেছৰ সভাপতি বৰা কাছাৰ জিলাৰ সদৰ চহৰখনত উপস্থিত হৈছিল৷ পূর্বনির্ধাৰিত সূচী অনুসৰি তেওঁ কৰাতিগ্রামত বিয়লি ৩ বজাত এখন নির্বাচনী জনসভাত অংশগ্রহণ কৰাৰ কথা আছিল৷ পিছে জনসভাখনলৈ আশা কৰা ধৰণে আগমন নঘটিল জনসাধাৰণৰ৷ মঞ্চৰ সন্মুখত বৃহৎসংখ্যক চকী খালী থকাৰ বিপৰীতে মাত্র কিছুসংখ্যক লোকহে উপস্থিত আছিল৷ উপস্থিত থকা লোকৰ সংখ্যা আছিল আঙুলিৰ মূৰত লেখিব পৰা৷ হোটেলত থকা প্রদেশৰ কংগ্রেছৰ সভাপতি বৰাই এই খবৰ দলীয় সমর্থকৰ যোগে লাভ কৰে৷ যাৰ বাবে তেওঁ নির্ধাৰিত সময়ত হোটেলৰ পৰা সভাস্থলীলৈ ওলাই নাহিল৷ অৱশ্যে পৰিস্থিতিলৈ লক্ষ্য ৰাখি প্রায় ৪ ঘণ্টা পাছতহে সভাস্থলীত উপস্থিত হয় প্রদেশ কংগ্রেছৰ সভাপতি বৰা৷ ইফালে, প্রদেশ কংগ্রেছৰ সভাপতিজনৰ চকুত যাতে খালী চকী ধৰা নপৰে, তাৰ বাবে স্থানীয় একাংশ দলীয় নেতা–কর্মীয়ে সভাস্থলীত আপ্রাণ চেষ্টা চলোৱা পৰিলক্ষিত হয়৷ খালী চকীসমূহ তেওঁলোকে অন্য স্থানলৈ আঁতৰাই নিয়ে৷ ইয়াৰ সমান্তৰালভাৱে একাংশ লোকক হাতত ধৰি সভাস্থলীত বহুৱাবলৈ চেষ্টা কৰিছিল যদিও তাতো তেওঁলোক সফল নহ’ল৷ শিলচৰৰ নির্বাচনী প্রেক্ষাপটত ভূপেন বৰাৰ এনে দুৰৱস্থাই ব্যাপক চর্চা লাভ কৰিছে৷

You might also like