ভূপেনদা-ময় সুধাকণ্ঠৰ লক্ষ্যস্থান তেজপুৰ, কলাভূমিত শতাব্দীৰ সুবাস
জন্ম শতবৰ্ষৰ শুভাৰম্ভণিৰ দিনটোতে আজি পুৱাই তেজপুৰৰ চৌদিশ হৈ পৰিল ভূপেন হাজৰিকাময়। সুধাকণ্ঠগৰাকীৰ সৃষ্টিৰাজিৰ মূল পৃষ্ঠভূমি সংস্কৃতিৰ নগৰী তেজপুৰৰ সকলো সামাজিক -সাংস্কৃতিক অনুষ্ঠান আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত ড০ ভূপেন হাজৰিকা জন্ম শতবৰ্ষ উদযাপন সমিতিৰ উদ্যোগত বৰ্ষজোৰা কাৰ্য্যসূচীৰে আয়োজিত জন্ম শতবৰ্ষৰ আজি প্ৰথম দিনটোত পুৱা ৭.৩০ বজাতে তেজপুৰৰ ভূপেন হাজৰিকা কলাভূমি প্ৰাংগনত থকা সুধাকণ্ঠ গৰাকীৰ পূৰ্ণাবয়ৱ প্ৰতিমূৰ্তিৰ সন্মুখত শোণিতপুৰ জিলাৰ আয়ুক্ত আনন্দ কুমাৰ দাস আৰু তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাৰ সহযোগত উদযাপন সমিতিৰ সভাপতি ড০ ভুবনেশ্বৰ চহৰীয়াৰ দ্বাৰা বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে।
ইয়াৰ পিছতেই বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মা ,তৰুণ অসম সংঘৰ প্ৰাক্তন সভাপতি ৰবীন্দ্ৰ নাথ শৰ্মা ,অসম চৰকাৰৰ এমট্ৰণৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মা ,শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ ভূপেন শইকীয়া ,উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ধ্ৰুৱজ্যোতি দাস ,যুটীয়া সম্পাদক ড০ পল্লৱ ভট্টাচাৰ্য্য ,জিতুমণি দেৱচৌধুৰী ,ব্যৱস্থাপনা উপসমিতিৰ সভাপতি -সম্পাদক ৰাজীৱ মহন্ত ,মনোৰঞ্জন মহন্ত ,সদৌ অসম লেখিকা সমাৰোহ সমিতি ,অসমীয়া ভাষা উন্নতি সাধিনী সভা ,তেজপুৰ জনসাংস্কৃতিক পৰিষদ ,শোণিতপুৰ শিল্পী সমাজ ,সাংস্কৃতিক অনুষ্ঠান চাতক ,নাট্যানুষ্ঠান জংগম ,তেজপুৰ সাহিত্য সভা ,বৃহত্তৰ তেজপুৰ বেংগলী সমাজ ,অসম নাট্য সন্মিলন,অসমীয়া ক্লাবৰ লগতে তেজপুৰৰ সকলো সামাজিক -সাংস্কৃতিক অনুষ্ঠানৰ বিষয়ববীয়াই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
উদযাপন সমিতিৰ কৰ্ণধাৰ সমিতিৰ সদস্য পংকজ বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত ইয়াৰ পিছতেই তেজপুৰ আদালত চাৰিআলিত তিনি সহস্ৰাধিক লোকৰ অংশগ্ৰহণেৰে দৃষ্টিনন্দন ৰূপত সম্পন্ন হয় “মানুহে মানুহৰ বাবে “শীৰ্ষক গীতেৰে বৃহৎ মানৱ শৃংখল কাৰ্যসূচী ।পাছতে আদালত পাঁচআলিত সহস্ৰাধিক লোকে মানব শৃংখল কৰি মানুহে মানুহৰ বাবে গীত শুভ উদ্বোধন কৰি জিলা আয়ুক্ত গৰাকীয়ে ভাৰত ৰত্ন সুধাকণ্ঠ যুগজয়ী গীত ‘মানুহে মানুহৰ বাবে’ গীতটিৰ সন্দৰ্ভত কয় বিবিচিয়ে কুৰি শতিকাৰ শ্ৰেষ্ঠ গান হিচাপে মান্যতা প্ৰদান কৰিছিলে।
৬০ চনত হোৱা ভাষা আন্দোলনৰ সময়ত হেমাংগ বিশ্বাসৰ লগত ড০ ভূপেন হাজৰিকাএই গীতৰ জৰিয়তে মনৱতাৰ বাণী বিলোৱা বুলি কয় ।১৯৬৬ চনত অশান্ত জৰ্জৰ নগালেণ্ড ভ্ৰমনৰ সময় জয় প্ৰকাশ নাৰায়ণ, বিমলা প্ৰসাদ চলিহা, হেভাৰেজ স্বকোৱাডে ৰ লগত ড০ ভূপেন হাজৰিকায়ো লগত আছিল আৰু সেই সময়ত তেওঁ নগা ভাষাত পৰিবেশন কৰাত মুগ্ধ হৈছিল আৰু বিশেষ ভাৱে প্ৰভাৱিত কৰিছিল। আয়ুক্ত দাসে এইগীতটো কেৱল অসমে নহয় সমগ্ৰ বিশ্বতে মানৱতাবোধ, ভাতৃত্ববোধৰ বাৰ্তা দিয়া বুলি কয়।
জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে এই আয়োজনৰ গুৰুত্ব আৰু তেজপুৰীয়া ৰাইজৰ বৃহৎ সহযোগিতাৰ শলাগ লৈ “মানুহে মানুহৰ বাবে “শীৰ্ষক গীতটোৰ সাৰ্বজনীনতা আৰু মহত্ব উল্লেখ কৰাৰ পিছতেই সাংস্কৃতিক উপসমিতিৰ সম্পাদক সঞ্জয় কৃষ্ণ গোহাঞি বৰুৱা ,সীমান্ত কাকতি আৰু ময়ূৰ কাঞ্চন বৰাৰ বিশেষ তৎপৰতাত সংগীতশিল্পী প্ৰাঞ্জল বৰুৱা ,উৎপল বৰা ,সীমান্ত কাকতি ,সঞ্জয় কৃষ্ণ গোহাঞি বৰুৱাৰ জৰিয়তে তেজপুৰ আদালত চাৰিআলিৰ পৰা চাৰ্চ ফিল্ডলৈকে হাতে হাত ধৰি সম্পন্ন হয় “মানুহে মানুহৰ বাবে “শীৰ্ষক গীতেৰে বৃহৎ মানৱ শৃংখল। উল্লেখ্য যে এই মানৱ শৃংখল কাৰ্যসূচীত তেজপুৰৰ বিশিষ্ট পুৰাতত্ববিদ ড০ সতীশ চন্দ্ৰ ভট্টাচাৰ্য্য ,প্ৰবীণ কন্ঠশিল্পী সচ্চিদানন্দ বৰা ,অজিৎ দাসৰ পৰা আবাল বৃদ্ধ বনিতাৰ লগতে সকলো অনুষ্ঠানৰ বিষয়ববীয়া ,বৃহত্তৰ বেংগলী সমাজ ,নেপালী জনগোষ্ঠী ,বিভিন্ন শিক্ষানুষ্ঠানৰ এন এছ এছ ,শিক্ষাৰ্থী বাহিনীৰ দলৰ লগতে জিলা আয়ুক্ত আনন্দ কুমাৰ দাস ,জিলা উন্নয়ন আয়ুক্ত লক্ষীনন্দন চহৰীয়া ,অতিৰিক্ত জিলা আয়ুক্ত কবিতা কাকতি কোৱঁৰ ,কমল বৰুৱা ,সহকাৰী আয়ুক্ত নিলোৎপল চেতিয়া ,আইৰিচ আৰমান আহমেদ ,দিব্যাংগনা মহন ,জিলা প্ৰশাসনৰ আন বিষয়া -কৰ্মচাৰী আৰু আৰক্ষী প্ৰশাসনৰ লোকেও হাতে হাত ধৰি মানৱ শৃংখলত অংশ লৈ “মানুহে মানুহৰ বাবে “শীৰ্ষক সুধাকণ্ঠৰ কালজয়ী গীত পৰিবেশন কৰি সমগ্ৰ তেজপুৰ চহৰ মুখৰিত কৰি তোলে ।
উল্লেখ্য যে ইয়াৰ আগতে পুৱা তেজপুৰৰ প্ৰহ্লাদ চন্দ্ৰ দাস স্মৃতি নৃত্যশালাত দৃষ্টিনন্দন নৃত্যৰে সম্পন্ন হয় জন্ম শতবৰ্ষৰ বিশেষ শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ অনুষ্ঠান ।নৃত্যশালাৰ অধ্যক্ষা জনপ্ৰিয় নৃত্যশিল্পী দীপা দাস পৰিচালিত শিক্ষাৰ্থী সকলে “বিস্তীৰ্ণ পাৰৰে “আৰু “কহুৱা বন মোৰ অশান্ত মন “শীৰ্ষক গীতৰ আধাৰত নৃত্যৰে সমগ্ৰ অনুষ্ঠানটি জীপাল কৰি তোলে ।আনহাতে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অধীনস্থ তেজপুৰৰ জ্যোতি ভাৰতীত শোণিতপুৰ জিলা সাংস্কৃতিক উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত অনুষ্ঠিত হোৱা গীতে মাতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ সুধাকণ্ঠৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই।
শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত জিলা আয়ুক্ত আনন্দ কুমাৰ দাসৰ লগতে অসম আৰক্ষীৰ উপ মহা পৰিদৰ্শক প্ৰশান্ত সাগৰ চাংমাইৰ জ্যোতি ভাৰতীৰ শিল্পীয়ে অংশ গ্ৰহণ কৰাৰ পিছত মূল সাংস্কৃতিক আৰু স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন হয় ।বাণ থিয়েটাৰৰ কাৰ্যনিৰ্বাহক সদস্য পংকজ বৰুৱাই আঁত ধৰা আৰু শোণিতপুৰ জিলা সাংস্কৃতিক উন্নয়ন বিষয়া অঞ্চুমাই বসুমতাৰীয়ে আদৰণী ভাষণ প্ৰদান কৰা এই অনুষ্ঠানতে তেজপুৰৰ পৰা জ্যেষ্ঠ অধিবক্তা সুভাষ চন্দ্ৰ বিশ্বাসৰ তত্বাৱধানত ১৫ বছৰ ধৰি প্ৰকাশ হৈ থকা সাপ্তাহিক কাকত “অসম কাণ্ডাৰী “আৰু সুদীৰ্ঘ ৩৭ বছৰ ধৰি প্ৰকাশ হৈ থকা নেপালী সাপ্তাহিক “দেশবাৰ্তা “ৰ ড০ ভূপেন হাজৰিকা পৰিপুৰিকা আনুষ্ঠানিক ভাৱে উন্মোচন কৰে বিধায়ক পৃথ্বিৰাজ ৰাভা ,জিলা আয়ুক্ত আনন্দ কুমাৰ দাস আৰু আৰক্ষী উপ মহা পৰিদৰ্শক প্ৰশান্ত সাগৰ চাংমাই ।
অনুষ্ঠানটিত জিলা আয়ুক্ত গৰাকীয়ে ভাষণ প্ৰদান কৰি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ বিশাল সৃষ্টিৰাজিয়ে অসমীয়া জাতিক উদ্ভাসিত কৰি ৰাখিছে বুলি কৈ ড০ ভূপেন হাজৰিকাৰ গীত সমূহত সংকীৰ্ণতাৰ বিপৰীতে সাৰ্বজনীনতা থকাৰ গীত সমূহৰ মহত্ব আৰু গুৰুত্ব বিশ্বজুৰি বন্দিত হৈছে বুলি মন্তব্য কৰে ।আনহাতে জ্যোতি ভাৰতীৰ শিল্পী আলিম্পন চৌধুৰী পৰিচালিত কেবাটাও ভূপেন্দ্ৰ সংগীতেৰে সজোৱা সমবেত গীতেৰে আৰম্ভ হোৱা সাংস্কৃতিক অনুষ্ঠানত জিলাখনৰ বিভিন্ন প্ৰান্তৰ গায়ক -গায়িকা ক্ৰমে -মুৰুলী নাথ ,দিৱস কাশ্যপ ,আলিম্পন চৌধুৰী ,বিনন বড়ো ,প্ৰণৱ চন্দ্ৰ লহকৰ ,নৰেন্দ্ৰ নাথ হালৈ ,ৰাতুল কৃষ্ণ শৰ্মাই সুধাকণ্ঠৰ গীত পৰিবেশন কৰাৰ লগতে জনপ্ৰিয় নৃত্যশিল্পী মিতালী দত্ত বৰঠাকুৰৰ পৰিচালনাত ভূপেন হাজৰিকাৰ গীতৰ আধাৰত দৃষ্টিনন্দন নৃত্য ,নিদেৰ্শনা দাসৰ নৃত্যৰ লগতে জ্যোতি কলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ লিখন শৰ্মাৰ নেতৃত্বত জ্যোতি কলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়ৰ শিক্ষাৰ্থীয়ে এখন আলেখ্য পৰিৱেশন কৰে ।
আনহাতে জন্ম শতবৰ্ষ উপলক্ষে তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ লগতে বিভিন্ন শিক্ষানুষ্ঠানে গীতে মাতে শ্ৰদ্ধাঞ্জলি সম্পন্ন কৰে ।আনহাতে,বাম পৰ্বতীয়াৰ লুইত পাৰ সমাজসেৱা কেন্দ্রৰ সৌজন্যত আজি ৮ চেপ্তেম্বৰ তাৰিখে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ প্রতি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰা হয়৷ সভাপতি দ্বিজেন্দ্রনাথ শৰ্মাৰ বন্তি প্রজ্জ্বলনৰে আৰু উপ-সভাপতি যোগেন্দ্ৰ নাথ শইকীয়াই প্রতিচ্ছবিত মাল্যার্পণৰেঅনুষ্ঠানৰ শুভাৰম্ভনী হয়। ৰাইজৰ উপস্থিতিত সমস্বৰে সুধাকণ্ঠৰ কালজয়ী গীত ‘মানুহে মানুহৰ বাবে’ পৰিবেশিত হয়।সন্ধিয়া সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা জন্ম শতবৰ্ষ উদযাপন সমিতিৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত ভূপেন হাজৰিকা কলাভূমিত অনুষ্ঠিত হয় “শতাব্দীৰ সুবাস “শীৰ্ষক বিশেষ সাংস্কৃতিক অনুষ্ঠান ।ইফালে বিয়লি মাজগাঁওস্থিত শ্ৰীশ্ৰীশংকৰদেৱ মন্দিৰ অনুষ্ঠানত গীতে মাতে জন্ম শতবৰ্ষ অনুষ্ঠানৰ শুভাৰম্ভ কৰে ।
বিশেষ বাৰ্তা, তেজপুৰ, ৮ ছেপ্টেম্বৰ