সৃষ্টিশীলতাৰ সিপাৰে কেতিয়াবা
ড০ পার্থসাৰথি মহন্ত
প্রশ্ণটো পুৰণি, কিন্তু কেতিয়াও পুৰণি নহয়৷ শিল্পীসকল কিয় বেলেগ? প্রায়েই আমাৰ সকলোৰে মনলৈ অহা এটা প্রশ্ণ৷ তেওঁলোকক আনতকৈ কিয় বেলেগ দেখা যায়? খোজ–কাটল, সাজ–পোছাক, কথা–বার্তা বেলেগ বেলেগ৷ কিয়? আমি বিভ্রান্ত হৈ পৰোঁ৷ কেতিয়াবা অস্থিৰ, কেতিয়াবা ভিৰৰ মাজতো অকলশৰীয়া৷
কেতিয়াবা তেওঁলোকক দেৱতাৰ দৰে ভালপোৱা হয়৷ কেতিয়াবা তেওঁলোকক উন্মাদ বুলি উলাই কৰা হয়৷ বহু কবি, গায়ক, চিত্রশিল্পী, অভিনেতা, নৃত্যশিল্পী, চলচ্চিত্র নির্মাতা, লেখক, সংগীতজ্ঞক আৱৰি আছে এই ৰহস্যই৷ সঁচাকৈয়ে তেওঁলোক বেলেগ হৈয়ে জন্ম হয় নেকি? নে আমি তেওঁলোকৰ জীৱন ধাৰণৰ ধৰণটো বুজিব নোৱাৰোঁ৷
শিল্পীৰ মন৷ সাধাৰণ মানুহৰ মনৰ লগত একে নহয় এই মন৷ মনোবিজ্ঞানৰ মতে, সৃষ্টিশীলতা প্রায়ে বেলেগ ধৰণে কাম কৰা মগজুতহে থাকে৷ আনে যি নেদেখে, তেওঁলোকৰ চকুত পৰে৷ আনে য’ত ছাঁ দেখে, তেওঁলোকে ৰং দেখে৷ ৰাতিৰ নিস্তব্ধতাতো সংগীত শুনে৷ বেছিভাগ মানুহৰ কাৰণে সুপ্ত বা লুপ্ত আৱেগ তেওঁলোকে অনুভৱ কৰে৷ বিজ্ঞানে কয়, কল্পনা আৰু সামগ্রিক চিন্তাৰ উৎস সোঁফালৰ মগজুৰ মতেই তেওঁলোকৰ মনৰ জগতখন চলে৷ সেয়া জীৱবিজ্ঞান৷ লগতে আছে সংবেদনশীলতাৰ কথাও৷ শিল্পীসকলে সুখ–দুখ, আনন্দ, অন্যায়, প্রেম সকলো অনুভৱ কৰে, আনতকৈ অধিক তীব্রতাৰে৷ আমাৰ বাবে সৰু ঘটনা এটা তেওঁলোকৰ ভিতৰত ভূমিকম্পৰ দৰে অনুভৱ হ’ব পাৰে৷ সেইবাবেই তেওঁলোকে বেছিকৈ কান্দে, জোৰেৰে হাঁহে আৰু সাংঘাতিক কষ্ট পায়৷ সাধাৰণতে বহুতৰে বাবে সেয়া অস্বাভাৱিক, কাৰণ তেওঁলোকৰ অন্তৰ আৱেগেৰে উপচি থাকে৷
অস্থিৰতা৷ শিল্পীৰ এটা সাধাৰণ বৈশিষ্ট্য৷ সাধাৰণভাৱে থিয় হৈ বা বহি থাকিব নোৱাৰে অনেক শিল্পীয়ে৷ অস্বস্তিত তেওঁলোকে আৰাম পায়৷ নিয়ম ভংগ কৰিবলৈ ভয় নকৰে৷ এই অস্থিৰতা দুর্বলতা নহয়৷ এয়া জুই৷ এই জুইৰ পৰাই হয় সৃষ্টি৷ নিদ্রাহীন ৰাতিবোৰ, যাযাবৰী মন আৰু হঠাৎ এক বিস্ফোৰণ– সৃষ্টি হয় গীত, কবিতা, চিত্রকলা৷ বাহিৰৰ জগতখনৰ বহুতৰে বাবে হ’ব পাৰে উন্মাদনা, কিন্তু শিল্পীৰ বাবে ই কেৱল সৃষ্টিৰ ছন্দ৷ ইতিহাস উদাহৰণেৰে ভৰপূৰ৷ মহান কবিসকলে লিখিছিল যেতিয়া পৃথিৱী শুইছিল৷ হূদয় যেতিয়া ধুমুহাই বিধ্বস্ত কৰিছিল মহান সংগীতজ্ঞসকলে তেতিয়া ৰচনা কৰিছিল৷ তেনে শিল্পীৰ বাবে গতানুগতিকতা বিৰক্তিকৰ– সমলয়ৰ বাবে তেওঁলোকক প্রয়োজন বিশৃংখলতাৰ৷
তেওঁলোক দেখাত কিয় বেলেগ হয়৷ শিল্পীসকলে প্রায়ে বেলেগ ধৰণে সাজ–পোছাক পিন্ধে, বেলেগ ধৰণে কথা কয় আৰু বেলেগ ধৰণে আচৰণ কৰে৷ কোনো কোনোৱে ভাবে মনোযোগ বিচৰাৰ বাবে৷ হয়ো, নহয়ো৷ নহয়, কাৰণ তেওঁলোকৰ অন্তর্জগতখন ইমানেই চহকী যে বাহিৰ জগতখনে ইয়াক ধৰি ৰাখিব নোৱাৰে৷ কাপোৰ বিদ্রোহৰ প্রকাশ হৈ পৰে৷ শব্দবোৰ কল্পনাৰ আহিলা হৈ পৰে৷ আচৰণ হৈ পৰে উপস্থাপন৷ সাধাৰণ মানুহে সমাজৰ লগত নিজকে খাপ খুৱাই ল’বলৈ যত্ন কৰাৰ বিপৰীতে শিল্পীসকলে নিজৰ দৃষ্টিভংগীৰ লগত খাপ খুৱাই সমাজখন গঢ় দিবলৈ চেষ্টা কৰে৷ সেয়েহে আজি তেওঁলোকক বেলেগ লাগিব পাৰে, কিন্তু কাইলৈ হৈ পৰে পৰিৱর্তনৰ নায়ক৷
পুৰণি কথা এটা আছে– উন্মাদনাৰ পৰশ নথকা কোনো মহান প্রতিভা নাই৷ মনোবিজ্ঞানীসকলো একমত– সৃষ্টিশীলতা প্রায়ে অস্থিৰতাৰ বোকোচাত উঠি আহে৷ শিল্পীসকল প্রায়ে চৰম শিখৰত থাকে৷ তেওঁলোক অত্যন্ত আশাবাদী আৰু অত্যন্ত আশাহীন৷ তেওঁলোক অত্যন্ত আত্মবিশ্বাসী আৰু অত্যন্ত সন্দিহান৷ এই অহৰহ দোলনে উত্তেজনাৰ সৃষ্টি কৰে আৰু এই উত্তেজনাৰ পৰাই শিল্পীৰ সৃষ্টি হয়৷ একাংশ শিল্পী এই হেঁচাত ভাগি যায়৷ কিন্তু বেছিভাগেই বিষক সৌন্দর্যলৈ ৰূপান্তৰিত কৰে৷ উন্মাদনা হৈ পৰে সুৰ, দুখ হৈ পৰে কবিতা, সংগ্রাম হৈ পৰে প্রেৰণা৷
তেওঁলোক জানি–বুজি বেলেগ হয় নেকি? নে বেলেগ হৈয়ে জন্ম হয়? উত্তৰটো হ’ল– দুয়োটাই৷ বহু শিল্পীয়ে শৈশৱৰ পৰাই সৃষ্টিশীলতাৰ লক্ষণ দেখুৱায়– অস্থিৰ কল্পনা অস্বাভাৱিক প্রশ্ণ সংগীত, ৰং বা কাহিনীৰ এটি আকর্ষণ৷ অস্বাভাৱিক হ’বলৈ সাহস কৰে৷ সমাজে বাস্তৱিক হ’বলৈ ক’লেও তেওঁলোকে সপোন চাবলৈ নেৰে৷ আনে যদি পোনে পোনে খোজকাঢ়ে তেওঁলোকৰ গতি হ’ব হয়তো সর্পিল৷ এনে ভিন্ন পছন্দৰ বাবে তেওঁলোকক জেদী যেন লাগিব পাৰে, কিন্তু তেওঁলোকক কৰি তোলে অকৃত্রিম৷ তেওঁ জীয়াই থকাৰ বাবে জীয়াই নাথাকে, প্রকাশৰ বাবে জীয়াই থাকে৷
শিল্পীসকল যদি ইমান বেলেগ, আমাক কিয় লাগে? উত্তৰটো সহজ৷ কাৰণ আমি যি কৰিব নোৱাৰোঁ, তাক তেওঁলোকে প্রকাশ কৰে৷ আমি অনুভৱ কৰা, কিন্তু লিখিব নোৱাৰা গীতবোৰ তেওঁলোকে গায়৷ আমি লুকুৱাই ৰখা আৱেগবোৰত তেওঁলোকে ৰং সানে৷ আমি ক’বলৈ ভয় কৰা সঁচা কথাবোৰ তেওঁলোকে কয় আৰু আমি মুক্ত অনুভৱ কৰোঁ৷ তেওঁলোক আমাৰ অব্যক্ত অনুভূতিৰ কণ্ঠ৷
সেই কাৰণেই শিল্পী অবিহনে পৃথিৱীখন হৈ পৰিলেহেঁতেন নিস্তব্ধ, ৰংহীন আৰু যান্ত্রিক৷ তেওঁলোকৰ কাৰণে পৃথিৱীয়ে প্রাণ পাই উঠে, পৃথিৱীখন সজীৱ হৈ উঠে৷ তেওঁলোকেই সোঁৱৰাই দিয়ে মানৱতাৰ কথা৷ সোঁৱৰাই দিয়ে যে জীৱনটো কেৱল খাই–লৈ জীয়াই থকাই নহয়, সপোন চোৱা, অনুভৱ কৰা, সৃষ্টি কৰাটোহে জীৱন৷
কিন্তু বহু সময়ত আমি তেওঁলোকক ভুলকৈ বুজো৷ শিল্পীক লৈ একাংশৰ মনত সংশয়ো থাকে৷ তেওঁলোকে প্রশ্ণ কৰে– এওঁলোক কিয় ভিন্ন? আমি পাহৰি যাওঁ যে এই পার্থক্য দুর্বলতা নহয়– এয়া আচলতে প্রতিভাৰ প্রাচুর্য৷ আমিহে তেওঁলোকৰ অসাধাৰণ মাত্রাক সাধাৰণ মানদণ্ডৰে জুখিবলৈ যাওঁ, আমাৰ ভুল বুজাবুজিৰ উৎসই হ’ল আমাৰ ভয়, আমাৰ সংশয়– অজ্ঞাতৰ প্রতি ভয়, অস্বাভাৱিকৰ ভয়, অনুকূল হ’বলৈ অস্বীকাৰ কৰাজনৰ প্রতি ভয়৷ আমি উপলব্ধি নকৰোঁ যে তেওঁলোকে অধিক গভীৰভাৱে অনুভৱ কৰা আৰু অধিক মুক্তভাৱে নিজকে প্রকাশ কৰা মানুহ৷
শিল্পীসকলে সমাজৰ আগত এখন দাপোণ ধৰি থাকে৷ কেতিয়াবা সেই দাপোণখন ধুনীয়া হয়– আমাৰ সংস্কৃতি, আমাৰ উৎসৱ, আমাৰ ৰং–ৰহইচ দেখুৱায়৷ দাপোণখন কেতিয়াবা কঠোৰ হয়– অন্যায়, হিংসা, আমাৰ ব্যর্থতা দেখুৱায়৷ আমি যি দেখো, ভাল নাপাব পাৰোঁ, কিন্তু আওকাণ কৰিব নোৱাৰোঁ৷ কাৰণ তেওঁলোকৰ সততাই ৰজাকেই নহয় প্রজাকো অস্বস্তিত পেলায়৷ বহু শিল্পী প্রতিৰোধৰো সন্মুখীন হয়, কিন্তু ইতিহাসে কয় যে প্রগতিৰ বাবে এনে সততাৰে প্রয়োজন৷
শিল্পী হোৱাটো আশীর্বাদ আৰু বোজা দুয়োটাই৷ আশীর্বাদে দিয়ে সৌন্দর্য সৃষ্টি কৰাৰ, মানুহক অনুপ্রাণিত কৰাৰ আৰু কালজয়ী কাম কৰাৰ ক্ষমতা৷ নিঃসংগতা, ভুল বুজাবুজি আৰু আশাৰ চাপ হ’ল বোজা৷ সমাজে শিল্পীৰ সফলতাক উদযাপন কৰিব পাৰে যদিও তেওঁৰ সংগ্রামক সমর্থন নকৰিবও পাৰে৷ এই দ্বৈততাৰ কাৰণেই মঞ্চত সুখী দেখা শিল্পীজন ব্যক্তিগতভাৱে অকলশৰীয়া হ’ব পাৰে৷ তেওঁলোকৰ জীৱন হাতচাপৰি আৰু নিস্তব্ধতা, খ্যাতি আৰু শূন্যতা, আনন্দ আৰু দুখৰ মিশ্রণ৷
শিল্পীৰ এটা মানসিক বৈশিষ্ট্য হ’ল থিৰেৰে নাথাকে৷ ঘূৰি ফুৰে৷ আৱেগ, স্মৃতি আৰু সপোনৰ মাজেৰেও ভ্রমণ কৰে৷ এই ভ্রমণ শাৰীৰিক নহয়, অস্তিত্ববাদী৷ সকলোতে আৰু ক’তোৱেই নহয়৷ সেইকাৰণেই তেওঁলোকৰ কথাই সকলোকে চুই যায়৷
আমি আকৌ ঘূৰি আহোঁ সেই পুৰণি প্রশ্ণটোলৈ– শিল্পীসকল সঁচাকৈয়ে সাধাৰণ মানুহতকৈ পৃথক নেকি? উত্তৰ আকৌ একেটাই– হয় আৰু নহয়৷ হয়, কাৰণ তেওঁলোকৰ মনটোৱে অস্বাভাৱিক ধৰণে কাম কৰে আৰু তেওঁলোকৰ পছন্দই তেওঁলোকক অস্বাভাৱিক কৰি তোলে৷ নহয়, কাৰণ তেওঁলোক দৰাচলতে আমাৰ পৰিৱর্তিত ৰূপ, আমি যি অনুভৱ কৰোঁ, তেওঁলোকেও কৰে, কিন্তু অধিক গভীৰভাৱে আমি ক’ব বিচৰাখিনি তেওঁলোকে প্রকাশ কৰে, কিন্তু অধিক স্পষ্টভাৱে৷ আমি গোপনে সপোন দেখা কিন্তু চেষ্টা কৰিবলৈ সাহস নকৰা জীৱনটো তেওঁলোকে কটায়৷
গতিকে প্রশ্ণটো আচলতে শিল্পীসকল কিয় বেলেগ হোৱাতকৈ হ’ব লাগে আমি কিয় তেওঁলোকক আমাৰ দৰে একে হ’ব বুলি আশা কৰোঁ৷ তেওঁলোকৰ জীৱনে আমাক সোঁৱৰাই দিয়ে যে অস্বিত্ব আৰু দৃষ্টিভংগীত ভিন্নতা সদায় থাকিব৷ দৰাচলতে আমি নিজকহে এবাৰ ভালকৈ চাব লাগে– সম্পূর্ণ মানুহ হ’বলৈ আমিওতো স্বাধীন৷
ফোন : ৯৪৩৫০–৪৮৪৮০