নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পূর্ব সূচী মতেই গুৱাহাটীত হ’ব বিহু

নিয়মীয়া বাৰ্তা, ১৪ এপ্ৰিলঃ  ৰাজ্যত উদ্বেগজনকভাৱে ক’ভিডৰ সংক্রমণ বৃদ্ধি হোৱাৰ প্রতি লক্ষ্য ৰাখি চৰকাৰে বিহু উদযাপনৰ ক্ষেত্রত এছ অ’ পি প্রস্তুত কৰিছিল যদিও গুৱাহাটী মহনগৰীত পূর্ব নির্ধাৰিত কার্যসূচী অনুসৰি বিহু উদযাপন কৰা হ’ব৷ অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ প্রাক্মুহূর্তত সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে বৃহত্তৰ গুৱাহাটী বিহু সন্মিলনী সমন্বয়ৰক্ষী সমিতিৰ উপদেষ্টা কৈলাস শর্মাই৷

উপদেষ্টা শর্মাই কয় যে গুৱাহাটীত পূর্ব নির্ধাৰিত কার্যসূচী মতে বিহু উদযাপন কৰা হ’ব৷ বিহু সমিতিসমূহে চৰকাৰৰ এছ অ’ পি মানি চলিব যদিও সময়ৰ ক্ষেত্রত কিছু তাৰতম্য ঘটিব পাৰে৷ চৰকাৰে নিশা ১১ বজাৰ লগে লগে বিহুৰ অনুষ্ঠান সামৰিবলৈ দিছে যদিও ৰাইজে বিচাৰিলে মঞ্চত গীত পৰিৱেশন কৰা শিল্পীক বিহু সমিতিয়ে নমাই দিব নোৱাৰে৷ গতিকে চৰকাৰৰ এছ অ’ পি মানি চলিব বিচাৰিলেও সময়ৰ ক্ষেত্রত কিছু তাৰতম্য ঘটিব৷ চৰকাৰে যদি বিহু পাতিব নালাগে বুলি জাননী দিয়ে তেন্তে বিহু উদযাপন সমিতিসমূহে বিহু বন্ধ কৰিবলৈ সাজু৷

কাৰণ মানুহৰ জীৱনতকৈ বিহু ডাঙৰ নহয়৷ সেয়ে বিহু উদযাপনৰ বাবে সকলো ৰাইজ সজাগ হ’ব লাগে৷ বিহু চাবলৈ অহা সকলোৱে মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব মানি চলিব লাগে৷

অৱশ্যে সামাজিক দূৰত্ব মানি চলাৰ ক্ষেত্রত ৰাইজ সজাগ আৰু আগ্রহী নহ’লে বিহু সমিতিসমূহে একো কৰিব নোৱাৰে৷ গতিকে এইক্ষেত্রত চৰকাৰে ব্যৱস্থা গ্রহণ কৰিব লাগে৷ তেনেদৰে বিহুথলী ছেনিটাইজ কৰাৰ ক্ষেত্রতো চৰকাৰে ব্যৱস্থা গ্রহণ কৰিব লাগে৷ বৃহত্তৰ গুৱাহাটী বিহু সন্মিলনী সমন্বয়ৰক্ষী সমিতিৰ সাধাৰণ সম্পাদক প্রিন্স ফাইজুল হকেও গুৱাহাটীত বিহু পূর্ব নির্ধাৰিত কার্যসূচী অনুসৰি বিহু উদযাপন কৰিব বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰে৷

তেওঁ কয় যে পূর্ব নির্ধাৰিত কার্যসূচী অনুযায়ী বিহু উদ্যাপন কৰা হ’ব যদিও বিহু উদযাপন কৰাৰ ক্ষেত্রত চৰকাৰে নির্ধাৰণ কৰি দিয়া এছ অ’ পিৰ বিশেষ একো সালসলনি নঘটে৷ অৱশ্যে সময়সূচী কিছু দীঘলীয়া হ’ব পাৰে৷

ইফালে জনপ্রিয় শিল্পী জুবিন গার্গে চৰকাৰৰ এছ অ’ পি মানি চলি ৰাজ্যত বিহু উদ্যাপন কৰিব লাগে আৰু এইক্ষেত্রত বিহু সমিতিসমূহে ৰাজনীতি কৰিব নালাগে বুলি কৰা মন্তব্যৰ তীব্র প্রতিক্রিয়া প্রকাশ কৰে কৈলাস শর্মাই৷ তেওঁ কয়– জুবিন গার্গ এজন জনপ্রিয় শিল্পী৷ কিন্তু তেওঁ অসমৰ অভিভাৱক নহয়৷ জুবিন গার্গে এনেধৰণৰ বিতর্কিত মন্তব্য কৰিব নালাগে৷ বিহু সন্মিলনীয়ে বা বিহু সমিতিয়ে বিহু উদযাপন নকৰা হ’লে জুবিন গার্গৰ সৃষ্টি নহ’লহেঁতেন৷ বিহু উদ্যাপন সমিতিসমূহে জুবিন গার্গে শিল্পী হিচাপে পৰিচিতি লাভ কৰাৰ আগৰে পৰা বিহু উদযাপন কৰি আহিছে৷ গতিকে জুবিন গার্গ ভালে থাকক আৰু তেওঁ নতুন নতুন সৃষ্টি কৰাত অধিক মনোনিৱেশ কৰক৷ বিহু সমন্বয়ৰক্ষী সমিতিয়ে বিহুক লৈ কোনোদিনে ৰাজনীতি কৰা নাই৷ বৰঞ্চ তেওঁহে বিহুক লৈ এনেধৰণৰ কথা–বতৰাৰে ৰাজনীতি কৰাৰ পৰা বিৰত থাকক৷

You might also like