নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিৰোধীৰ পৰাজয় হ’লে ইভিএমক দোষ নিদিবঃ ড০ শৰ্মা

নিয়মীয়া বাৰ্তা, ১৪ এপ্ৰিলঃ ৰাজ্যখনত অহা ২ মে’ত হ’বলগীয়া বিধানসভা নির্বাচনত ভোটগণনা মুক্ত আৰু নিকা কৰাৰ দাবীত মঙলবাৰে মহাজোঁটে দেশৰ নির্বাচন আয়োগলৈ এখন স্মাৰক–পত্র প্রেৰণ কৰে৷ ৰাজ্যত সহকাৰী মুখ্য নির্বাচনী বিষয়াৰ জৰিয়তে আয়োগলৈ প্রেৰণ কৰা স্মাৰক–পত্রখনত ভোটগণনা মুক্ত আৰু নিকা কৰা সম্পর্কত মহাজোঁটৰ তৰফৰ পৰা ছটা পৰামর্শ আগবঢ়ায়৷

সেই পৰামর্শকেইটা হৈছে– প্রতিটো সমষ্টিত ভোটগণনাৰ কামত প্রতিখন টেবুলত নিয়োজিত চৰকাৰী বিষয়া–কর্মচাৰীৰ বিতং তালিকা ৰিটার্নিং বিষয়াসকলে যাতে প্রতিগৰাকী প্রতিদ্বন্দ্বী প্রার্থীক প্রদান কৰে, ষ্ট্রংৰুমৰ পৰা ভোটগণনা গৃহৰ টেবুললৈ ইভিএম অনা প্রক্রিয়া ভিডিঅ’ ৰেকর্ডিং কৰা, প্রতিদ্বন্দ্বী প্রার্থীসকলৰ অনুমোদিত এজেণ্টক ষ্ট্রংৰুম খোলাৰ পৰা ভোটগণনা প্রক্রিয়া সম্পূর্ণ নোহোৱা পর্যন্ত ষ্ট্রংৰুমৰ দ্বাৰৰ সন্মুখত থকাৰ অনুমতি প্রদানৰ দাবী জনায়৷ সেইদৰে প্রতিগৰাকী প্রতিদ্বন্দ্বী প্রার্থীক সমষ্টিটোত প্রদান কৰা প’ষ্টেল বেলটৰ সংখ্যা, প’ষ্টেল বেলট প্রদান কৰাৰ দিন আৰু গ্রহণ কৰাৰ দিনৰ বিষয়ে তথ্য যোগান ধৰা৷

একেদৰে প্রতিটো সমষ্টিৰ ‘এবচেণ্টি’ ভোটাৰৰ সংখ্যা আৰু তেওঁলোকে প্রদান কৰা ভোটৰ সংখ্যা, নির্বাচনী দায়িত্বত নিয়োজিত বিষয়া–কর্মচাৰীৰ সংখ্যা আৰু তেওঁলোকে প্রদান কৰা ভোটৰ সংখ্যাৰ বিষয়েও প্রতিদ্বন্দ্বী প্রার্থীসকলক অৱগত কৰিবলৈ দাবী জনায়৷ স্মাৰক–পত্রখনত মহাজোঁটে ইভিএমৰ ভোটগণনাৰ পূর্বেই প’ষ্টেল বেলট, ‘এবচেণ্টি’ বেলট আৰু নির্বাচনী দায়িত্বত নিয়োজিত বিষয়া–কর্মচাৰীয়ে দিয়া ভোটগণনাৰ দাবী জনায়৷ সেইদৰে এটা ৰাউণ্ডৰ ভোটগণনাৰ আনুষ্ঠানিক ঘোষণা সম্পূর্ণ নোহোৱা পর্যন্ত পৰৱর্তী ৰাউণ্ডৰ গণনা আৰম্ভ নকৰাৰো দাবী জনায়৷

উল্লেখ্য যে ইয়াৰ পূর্বে মহাজোঁটে ষ্ট্রংৰুমৰ চিচি টিভিৰ লিংক প্রতিগৰাকী প্রতিদ্বন্দ্বী প্রার্থীক প্রদান কৰিবলৈ দাবী জনাইছিল যদিও আজিলৈ সেই দাবীৰ প্রতি আয়োগে গুৰুত্ব আৰোপ নকৰাৰো অভিযোগ কৰে৷ নির্বাচন আয়োগৰ ওচৰত আজি মহাজোঁটে মুক্ত আৰু নিকা ভোটগণনাৰ বাবে ছটাকৈ পৰামর্শসম্বলিত স্মাৰক–পত্র প্রদানৰ পিছত সংবাদ মাধ্যমৰ আগত প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই কয় যে বিহাৰ বিধানসভা নির্বাচনৰ ভোটগণনাৰ সময়ত নির্বাচন আয়োগৰ গাউডলাইন ভংগ কৰা হৈছিল৷

প’ষ্টেল বেলটৰ গণনা ইভিএমৰ গণনাৰ পিছত মাজনিশা কৰা হৈছিল৷ সেই ভোটগণনাত ব্যাপক বিসংগতি হোৱাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছিল৷ সেয়ে মহাজোঁটে এইবাৰ ভোটগণনা সম্পূর্ণ স্বচ্ছ আৰু নিকা কৰাৰ দাবী কৰি আয়োগক ছটাকৈ পৰামর্শ আগবঢ়াইছে৷ মহাজোঁটৰ স্মাৰক–পত্রখনত কংগ্রেছৰ ৰিপুণ বৰা, দেৱব্রত শইকীয়া, প্রদ্যুৎ বৰদলৈ, বিপিএফৰ খাম্ফা বৰগয়াৰী, এআইইউডিএফৰ কৰিমুদ্দিন বৰভূঞা, চি পি আই (এম)ৰ সুপ্রকাশ তালুকদাৰ, চি পি আইৰ মুনিন মহন্ত, চি পি আই (এমএল)ৰ পংকজ দাস, ৰাষ্ট্রীয় জনতা দলৰ শ্বাহনুৰুল শ্বাহ মুস্তাফা, অঞ্চলিক গণ মর্চাৰ মনজিৎ মহন্ত, আদিবাসী নেচনেল পার্টীৰ বীৰেন মির্ধা আৰু জিমাছাঁয়া পিপল্ছ পার্টীৰ মহেশ দেউৰীয়ে স্বাক্ষৰ কৰাৰ লগতে পত্রখন দাখিলৰ সময়ত উপস্থিত থাকে৷

ইপিনে হর্ছ ট্রেডিঙৰ শংকাৰ দোহাই দি মহাজোঁটৰ প্রার্থীসকলে অসম এৰি বাহিৰত আশ্রয় লোৱাৰ প্রসংগত তীব্র কটাক্ষ কৰি ‘নেডা’ৰ আহ্বায়ক তথা ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষা, লোকনির্মাণ বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে তেওঁলোকে নাটক কৰিছে৷ নাটক কৰিছে কৰি থাকক৷ কিন্তু পিছত যাতে তেওঁলোকে ইভিএমক দোষাৰূপ নকৰে৷ যিটো সময়ত তেওঁলোক ইভিএমৰ দুৱাৰমুখত থাকিব লাগে, সেই সময়ত তেওঁলোক ৰাজস্থানলৈ গুচি গৈছে৷ দুদিন পিছত যেতিয়া নির্বাচনী ফলাফলত তেওঁলোক হাৰিব তেতিয়া তেওঁলোকে ইয়াত নথকাৰ সুযোগ লৈ ইভিএম সলনি কৰিছে বুলি মোক বদনাম দিলে নহ’ব৷

এই প্রসংগতে তেওঁ আৰু কয় যে অপূর্ব বৰুৱাৰ দৰে বিশ্ববিদ্যালয়ৰ অধ্যাপকেও সামাজিক মাধ্যমত অচিৰেই লকডাউন দি সেই সময়তে ইভিএমসমূহ সলনি কৰিব বুলি কৰা মন্তব্যৰ আঁত ধৰি কয় যে কোন ক’ত গৈছে ক’বলগীয়া নাই৷ কিন্তু নির্বাচনী ফলাফলৰ পিছত তেওঁলোক নথকাৰ সুযোগ লৈ ইভিএম সলনি কৰা বুলি আমাক বদনাম দিলে নহ’ব৷

You might also like