নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

BRICSত উত্তৰ-পূবৰ একমাত্ৰ ব্যৱসায়ী হিচাপে অংশগ্ৰহণ বিক্ৰম বোথ্ৰাৰ

🔹  উত্তৰ-পূবত ব্যৱসায়ৰ সম্ভাৱনাৰ নতুন দুৱাৰ মুকলিৰ চেষ্টা ঢেকীয়াজুলিৰ ব্যৱসায়ীৰ

বিশেষ বাৰ্তা, ১৪ জুলাই : শ্বহীদ নগৰী ঢেকীয়াজুলিৰ বিশিষ্ট ব্যৱসায়ী বিক্ৰম বোথ্ৰাই ব্ৰাজিলত অনুষ্ঠিত হোৱা BRICS সন্মিলনত উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ ব্যৱসায়ী হিচাপে অংশগ্ৰহণ কৰি জীৱন সলনি কৰিব পৰা বিধৰ অভিজ্ঞতা লাভ কৰা বুলি সংবাদ মাধ্যমত নিজৰ অনুভৱ প্ৰকাশ কৰে। ঢেকীয়াজুলিৰ বিশিষ্ট ব্যৱসায়ী তথা ৰিটেইল এছ’চিয়েছন অৱ ইণ্ডিয়াৰ (RAI) উত্তৰ-পূবৰ চেয়াৰমেন বিক্ৰম বোথ্ৰাই কয় যে ব্ৰিকছ সন্মিলনত উত্তৰ-পূৰ্বাঞ্চলত উৎপাদিত চাহপাত, পাট-মুগা শিল্প, বাঁহ শিল্পকে ধৰি স্থানীয়ভাৱে উৎপাদিত সামগ্ৰীসমূহ কিদৰে বিশ্বজনীন কৰি তুলি বিশ্ব পৰ্যায়ত ব্যৱসায় কৰি প্ৰচুৰভাৱে লাভান্বিত হ’ব পাৰি, সেই সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয় ৷ ইয়াৰ লগতে উত্তৰ-পূবৰ ৰিটেইল ব্যৱসায়ীসকলৰ সমস্যাসমূহ আলোচনা কৰি সমাধানৰ দিশ উন্মোচন কৰাৰ উপৰি পৰ্যাৱৰণ, ট্ৰেড আৰু ইনভেষ্টমেন্ট, প্ৰকৃতি সংৰক্ষণ, ছ’লাৰ এনাৰ্জী সংৰক্ষণ ইত্যাদি বিভিন্ন বিষয়ত বিশদভাৱে আলোচনা কৰা হয় বুলি তেওঁ জনায় ।

ব্ৰাজিল, ৰাছিয়া, ইণ্ডিয়া, চাইনা, ছাউথ আফ্ৰিকা- উক্ত পাঁচখন ৰাষ্ট্ৰ একলগ হৈ অৰ্থনীতি, ব্যৱসায়-বাণিজ্য, ৰাজনীতি, কলা-সংস্কৃতিৰ বহুল প্ৰচাৰ, প্ৰসাৰ কৰাৰ লগতে আমদানি-ৰপ্তানি কৰি কেনেকৈ সকলো দিশতে নিজকে চহকী ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব পাৰি, সেইক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ উদ্দেশ্যে ব্ৰিকছ সন্মিলন অনুষ্ঠিত কৰা হয় বুলি জনায় BRICS সন্মিলনত উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ ব্যৱসায়ী হিচাপে অংশগ্ৰহণ কৰা ঢেকীয়াজুলিৰ আচকৰণ বিঞ্জৰাজ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী বিক্ৰম বোথ্ৰাই। ভাৰতৰ ৰিটেইল ছেক্টৰত বহুত সম্ভাৱনীয়তা আছে ৷ লেটিন আমেৰিকাৰ মাৰ্কেটত ট্ৰেড কৰিব পাৰিলে বহুত সম্ভাৱনা আছে। ইয়াত অংশগ্ৰহণ কৰি বেলেগ ৰাষ্ট্ৰই কেনেদৰে কাম কৰি আছে সেয়া জানিব পাৰি। তাৰ পৰা আহি ব্যৱসায়ৰ জৰিয়তে কেনেকৈ সমাজক লৈ আগবাঢ়ি যাব পাৰি, সেই কামত মনোনিৱেশ কৰিব বুলি জনায় ৷

BRICS সন্মিলনত অল্টাৰনেটিভ SOURCES OF ENERGY সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয় ৷ ছ’লাৰ এনাৰ্জীৰ ক্ষেত্ৰত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নেতৃত্বত প্ৰতি ঘৰে ঘৰে ছ’লাৰ এনাৰ্জী উৎপাদনৰ লক্ষ্যত ভাৰতবৰ্ষ বহুদূৰ আগবাঢ়ি যোৱাত বৰ্তমান সমগ্ৰ বিশ্বই ভাৰতবৰ্ষই ছ’লাৰ এনাৰ্জীৰ ক্ষেত্ৰত আগবাঢ়ি যোৱা কথাটোত বাৰুকৈয়ে শলাগ লয় বুলি জনায় বিশিষ্ট ব্যৱসায়ীগৰাকীয়ে। অসমৰ মুখ্যমন্ত্ৰী আৰু উদ্যোগ মন্ত্ৰীক লগ কৰি BRICS সন্মিলনত লাভ কৰা অনন্য অভিজ্ঞতা সন্দৰ্ভত আলোচনা কৰি উত্তৰ-পূৰ্বাঞ্চলত ব্যৱসায়ৰ জৰিয়তে আশাৰ সঞ্চাৰ কৰিব বুলি জনায় বিশিষ্ট ব্যৱসায়ী বিক্ৰম বোথ্ৰাই ৷ “VOCAL FOR LOCAL TO MAKE IT GLOBAL” শ্লোগানেৰে উত্তৰ-পূৰ্বাঞ্চলত ব্যৱসায়ৰ সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি কৰিব বুলি জনায় ব্যৱসায়ীগৰাকীয়ে।

প্ৰেৰক কল্পজ্যোতি নাথ

You might also like