চীনৰ মাকাওত যোৱা ১৪ আৰু ১৫ জানুৱাৰীত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় যোগাসন প্ৰতিযোগিতাত পিএমশ্ৰী ১নং টাউন প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী তথা শিৱসাগৰৰ দিচাংমুখ চৰাইপৰা গাঁৱৰ বিৰিণা গোৱালাই বিশেষ সফলতা লাভ কৰি সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে।
শিক্ষক অনিল গোৱালা আৰু সুনীতা পাংগিং গোৱালাৰ কন্যা বিৰিণাই চাৰিটা শাখাত অনুষ্ঠিত যোগাসন প্ৰতিযোগিতাৰ ট্ৰেডিচনেল শাখাত সোণৰ পদক লাভ কৰি ৰাজ্যখনৰ লগতে সমগ্ৰ ভাৰতবৰ্ষকে গৌৰৱান্বিত কৰি তুলিছে। আনহাতে, আৰ্টিষ্টিক পেয়াৰ-ৰিডমিক পেয়াৰত দ্বিতীয় স্থান আৰু চেম্পিয়ন অৱ দ্য চেম্পিয়নত দ্বিতীয় ৰাণাৰ আপৰ খিতাপ অৰ্জন কৰে প্ৰতিভাশালী খেলুৱৈ বিৰিণাই।
উল্লেখ্য যে বিগত বৰ্ষত গুজৰাটত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ যোগাসনত চেম্পিয়নৰ খিতাপ অৰ্জন কৰি চীনৰ মাকাওত খেলিবলৈ নিৰ্বাচিত হৈছিল বিৰিণা গোৱালা। ইফালে, খেলুৱৈগৰাকীয়ে অসমৰ মাটিত পদাৰ্পণ কৰাৰ পাছতে আজি ডিব্ৰুগড় এয়াৰপৰ্টত বিভিন্নজনে আদৰণি জনায়।
ডিব্ৰুগড় বৰবৰুৱাত গোৱালা সমাজ, ডিমৌ চাৰিআলিত অসম চাহ জনজাতি ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল-সংগঠনে তেওঁক অভিনন্দন জনায়। আজি বিৰিণা টেক্সি আলিত উপস্থিত হোৱা পিছতে মিচিং বিহুৰ দলে প্ৰায় এক কিঃমিঃ শোভাযাত্ৰা কৰি আদৰি নিয়ে স্ব-গৃহলৈ।