নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱৰ কল্লোল ভৱন প্ৰেক্ষাগৃহত ‘অমূল্য মান্না আলোকচিত্ৰ বঁটা’ প্ৰদান অনুষ্ঠান

নগাঁৱৰ ঐতিহ্য বহনকাৰী এটি প্ৰাচীন সামাজিক-সাংস্কৃতিক  অনুষ্ঠান কল্লোল ৷  চহৰখনৰ কলঙৰ পাৰৰ নৈসৰ্গিক পৰিৱেশত গঢ় লৈ উঠা এই কল্লোল ভৱন প্ৰেক্ষাগৃহত আজি দিনৰ ১১.৩০ বজাত অমূল্য মান্না স্মৃতি ৰক্ষা সমিতিৰ ফটোগ্ৰাফী ইনষ্টিটিউট অৱ আছাম আৰু ইউ বি ফটোজৰ সহযোগত অনুষ্ঠিত হয় অমূল্য মান্না আলোকচিত্ৰ বঁটা প্ৰদান শীৰ্ষক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান৷

অনুষ্ঠানটিত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি প্ৰসিদ্ধ গীটাৰবাদক তথা বেবেজীয়া পণ্ডিত কনক শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ কৃষ্ণ দুলাল বৰুৱাই অমূল্য মান্নাক ‘অদম্য সাহস আৰু উদ্যমৰ প্ৰতীক বুলি দোহাৰি তিনি বছৰ বয়সত মাতৃ আৰু ন বছৰ বয়সত পিতৃক হেৰুৱাই জীৱিকাৰ সন্ধানত শুদা হাতখন লৈ কৰ্মৰ সন্ধানত ঘূৰি ফুৰা লোকজনে  এদিন কেমেৰা হাতত লৈ আলোকচিত্ৰ শিল্পী হিচাপে প্ৰসিদ্ধি লাভ কৰা মান্নাৰ দুখৰীয়া জীৱন স্মৃতি আলোকপাত কৰি বৰুৱাই অমূল্য মান্নাক অসমৰ প্ৰথমজন ফটো সাংবাদিক আৰু সাংস্কৃতিক সংৱাদসেৱাৰ বাটকটীয়া  বুলি প্ৰকাশ কৰি মননশীল বক্তব্য আগবঢ়ায় ৷

ন্যাস সমিতিৰ সম্পাদক মুকুল প্ৰসাদ বৰঠাকুৰে আঁত ধৰা অনুষ্ঠানটিত বঁটা গ্ৰহণ কৰি তপন দাসে কয়— ১৯৭২ চনত সপ্তম শ্ৰেণীত পঢ়ি থাকোঁতেই মই এটা কেমেৰা কিনিছিলোঁ ৷ মোৰ দুৰন্ত হেঁপাহ আছিল এজন ভাল ফটোগ্ৰাফাৰ হোৱাৰ ৷  ফটোগ্ৰাফাৰ হোৱাৰ প্ৰতি থকা দুৰ্বলতাৰ বাবেই সপোনত নভবা কথা এটা আজি বাস্তৱত দেখিবলৈ পাইছোঁ ৷ শ্ৰদ্ধাৰ অমূল্য মান্না ছাৰৰ ছাত্ৰ ন’হলেও আজি তেখেতৰ মহাপ্ৰয়াণৰ শ্ৰদ্ধাঞ্জলিৰ এই পবিত্ৰ দিনটোত তেখেতৰ নামত উছৰ্গা কৰা বঁটাপ্ৰাপ্তিয়ে মোক যেন মোৰ কামৰ স্বীকৃতি প্ৰদান কৰিলে এই অনুভৱেই হৈছে ৷ অৱশ্যে এটা কথা ঠিক যে  কলাসুলভ মন থাকিব লাগিব ফটোগ্ৰাফাৰ হ’বলৈ ৷ মানুহ নিৰোগী হৈ থকাৰ আন এটা মহৌষধ ফটোগ্ৰাফী ৷

অনুষ্ঠানৰ আৰম্ভণিতে শিল্পী অভিনন্দা মান্নাই পৰিবেশন কৰা গণেশ বন্দনাৰে আৰম্ভ হোৱা অনুষ্ঠানটিত কল্লোলৰ সাধাৰণ সম্পাদক তথা  সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰখনৰ বিশিষ্ট ব্যক্তি নৌচাদ আখতাৰ হাজৰিকাই আলোকচিত্ৰ শিল্পী তপন দাসৰ জীৱনৰ অভিজ্ঞতাক শ্ৰদ্ধা নিবেদি শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰা অনুষ্ঠানটিত অমূল্য মান্না স্মৃতি ৰক্ষা সমিতিৰ সভাপতি শৈলেন শইকীয়া, নগাঁও জিলা সাহিত্য সভাৰ সভাপতি ড° শৰৎ বৰকটকী, তাৰিণী মোহন শৰ্মা, গকুল চেত্ৰী, অজিত বৰঠাকুৰ, সপোনটি বৰদলৈ, মুৰুলী শৰ্মা, প্ৰাঞ্জল বৰদলৈ, উজ্জ্বল বৰুৱা, প্ৰতীক ভট্টাচাৰ্য, বিপুল কুমাৰ বৰা, সুৰজিৎ গোস্বামী, উজ্জ্বল জ্যোতি দাস, কানু লস্কৰ, নৃপেন শইকীয়া প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ৷

শিল্পী দাসক প্ৰদান কৰা বঁটাত এখন ফুলাম গামোচা, চেলেং,সম্বৰ্দ্ধনা পত্ৰ, স্মাৰক আৰু নগদ বিশ হাজাৰ টকা আছে ৷ শিল্পী অৰূপ মান্নাৰ শলাগৰ শৰাইৰে অনুষ্ঠানৰ সামৰণি পৰে ৷

নিয়মীয়া বাৰ্তা, বেবেজীয়া, ১৯ জানুৱাৰী :
You might also like