শাসকীয় মিত্ৰজোঁটৰ ভাৰতীয় জনতা পাৰ্টি (বিজেপি) আৰু অসম গণ পৰিষদ (অগপ) দলে দলীয় প্ৰাৰ্থী তালিকা অথবা দল দুটাৰ মাজত হোৱা আসন ভাগ-বাটোৱাৰাৰ বিষয়টো ৰাজহুৱা কৰা নাই যদিও যদিও ধুবুৰীত বিষয়টো লৈ বৰ্তমানে ৰাইজৰ মাজত আৰম্ভ হৈছে তুমুল চৰ্চা।
আনকি, আসন ভাগ-বাটোৱাৰাত ধুবুৰী জিলাৰ ধুবুৰীকে ধৰি বিলাসীপাৰা আৰু গৌৰীপুৰ বিধান সভা সমষ্টি কেইটাৰ কোনটো সমষ্টি কোনটো দলে পাব সেয়া লৈ বৰ্তমানে উৎকণ্ঠাতো ভূগা দেখা গৈছে দল দুটাৰ একাংশ প্ৰাৰ্থীত্ব প্ৰয়াসীয়ে।
অৱশ্যে, পূৰ্বৰ দৰে ২৬ৰ বিধানসভা নিৰ্বাচনতো গোলকগঞ্জ বিধানসভা সমষ্টি বিজেপিয়ে লাভ কৰাটো খাটাং বুলিয়েই মত সকলোৰে। ইপি, ধুবুৰী আৰু গৌৰীপুৰ বিধানসভা সমষ্টি দুটা বিজেপিয়ে লাভ কৰিব বুলি প্ৰত্যয়িত হৈ থকা দেখা গৈছে সমষ্টি দুটাৰ বিজেপিৰ প্ৰাৰ্থীত্ব প্ৰয়াসী সকলৰ অধিকাংশই।
আনহাতে, দিঠকত গৈ বিলাসীপাৰা বিধানসভা সমষ্টিটো অগপক এৰি দিয়া হোৱাৰ সম্ভাৱনা থকা বুলিও বেকত কৰা পোৱা গৈছে সেই সকলে। ইয়াৰ বিপৰীতে, অগপৰ একাংশ প্ৰাৰ্থীত্ব প্ৰয়াসীয়ে বিলাসীপাৰা বিজেপিয়ে লাভ কৰাৰ বিপৰীতে ধুবুৰী আৰু গৌৰীপুৰ বিধানসভা সমষ্টি দুটা অগপই পাব বুলি আশাবাদী হৈ থকা দেখা গৈছে।
অৱশ্যে, বিলাসীপাৰা সমষ্টিটো বিজেপিয়ে পালে ধুবুৰী আৰু গৌৰীপুৰ বিধানসভা সমষ্টি দুটা অগপই বিচৰাটো খাটাং বুলি মত স্থানীয় একাংশ ৰাজনৈতিক বিশ্লেষকৰ। তেওঁলোকৰ দাবী এয়াও যে বিলাসীপাৰা বিধানসভা সমষ্টিটো অগপই লাভ কৰিলে ধুবুৰী আৰু গৌৰীপুৰ বিধানসভা সমষ্টি দুটা বিজেপিয়ে লাভ কৰাটো প্ৰায় নিশ্চিত।
অৱশ্যে, দিঠকত গৈ কি হয় সেয়া জানিবলৈ অপেক্ষা কৰিব লাগিব বিজেপি-অগপ দলৰ প্ৰাৰ্থী তালিকা প্ৰকাশ হোৱালৈ।
নিয়মীয়া বাৰ্তা, ধুবুৰী, ১৩ মাৰ্চ