নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশিষ্ট ক্ৰীড়া সংগঠক প্ৰেমধৰ শৰ্মাৰ বিয়োগ

ৰাজ্যৰ প্ৰবীণ ক্ৰীড়া সাংবাদিক, বিশিষ্ট ক্ৰীড়া সংগঠক প্ৰেমধৰ শৰ্মাৰ দেহাৱসান। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৬। দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত শৰ্মাৰ মৃত্যু হয়।

তেওঁ আছিল একেধাৰে ক্ৰীড়া সাংবাদিক, ক্ৰীড়া সংগঠক, ক্ৰীড়া ধাৰাভ্যষাকাৰ। ক্ৰীড়া সাংবাদিকতাৰ বাবে দেশ-বিদেশ ভ্ৰমিছিল তেওঁ। একেধাৰে তেওঁ অসম অলিম্পিক সন্থা, অসম ফুটবল সন্থা, অসম কাবাদী সন্থা, অসম টেবুল টেনিছ সন্থা, গুৱাহাটী প্ৰেছ ক্লাব, সদৌ অসম ফুটবল ৰেফাৰী সন্থা, অসম ক্ৰিকেট সন্থা, গুৱাহাটী ক্ৰীড়া সন্থা, সৰ্বভাৰতীয় ক্ৰীড়া সাংবাদিক সন্থা আদিৰ সৈতে বিভিন্ন বিষয়ত জড়িত আছিল।

১৯৭০ৰ পৰা ১৯৯৫ চনলৈ বৰদলৈ ট্ৰফীৰ লগতে বিভিন্ন ফুটবল প্ৰতিযোগিতাৰ জনপ্ৰিয় ধাৰাভাষ্যকাৰ আছিল তেওঁ। মৃত্যুৰ সময়ত শৰ্মাই পত্নী, ২ পুত্ৰ সন্তান এৰি গৈছে।

ডিজিটেল ডেস্ক, ১৩ মাৰ্চ

You might also like