অসম বিধানসভা নিৰ্বাচনৰ প্ৰভাৰী নিযুক্তি বিজেপিৰ
লগতে জম্মু-কাশ্মীৰ বিধানসভাৰ বিৰোধী দলৰ নেতা তথা বিধায়ক সুনীল কুমাৰ শৰ্মা আৰু কেন্দ্ৰীয় চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী দৰ্শনা বেন জাৰ্দোশক নিৰ্বাচন সহ-প্ৰভাৰী হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে
অসম বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি বিজেপিয়ে আজি নিৰ্বাচনৰ দায়িত্বত থকা বিষয়াসকলৰ নাম ঘোষণা কৰিছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ইয়াত অনুমোদন জনাইছে।
দলৰ ৰাষ্ট্ৰীয় উপ-সভাপতি তথা সাংসদ বৈজয়ন্ত পাণ্ডাক অসম বিধানসভা নিৰ্বাচনৰ নিৰ্বাচন প্ৰভাৰী হিচাপে নিযুক্তি দিয়া হৈছে। লগতে জম্মু-কাশ্মীৰ বিধানসভাৰ বিৰোধী দলৰ নেতা তথা বিধায়ক সুনীল কুমাৰ শৰ্মা আৰু কেন্দ্ৰীয় চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী দৰ্শনা বেন জাৰ্দোশক নিৰ্বাচন সহ-প্ৰভাৰী হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে।
বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অৰুণ সিঙে স্বাক্ষৰ কৰা পত্ৰত উল্লেখ কৰা হৈছে যে এই নিযুক্তিসমূহ তৎক্ষণাত কাৰ্যকৰী হ’ব। ৰাষ্ট্ৰীয় উপ-সভাপতি বৈজয়ন্ত পাণ্ডাৰ নেতৃত্বত সুনীল কুমাৰ শৰ্মা আৰু দৰ্শনা বেন জাৰ্দোশে অসমত বিজেপিৰ নিৰ্বাচনী ৰণনীতি প্ৰস্তুত কৰাৰ দায়িত্ব পালন কৰিব।
ডিজিটেল ডেস্ক, ১৫ ডিচেম্বৰ