নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাউলীত বৃহৎ পৰিমাণৰ জালনোট জব্দ, ধৃত ব্যৱসায়ী

নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰ : বৰপেটাৰ হাউলীত বৃহৎ পৰিমাণৰ জালনোট জব্দ হয় । আৰক্ষী আৰু হাউলীস্থ এছ এছ বিৰ ৬৪ বেটেলিয়নৰ যৌথ অভিযানত জব্দ হয় ১ লাখ ২৫ হাজাৰ টকাৰ জালনোট ।

আৰক্ষী আৰু এছ এছ বিৰ ৬৪ বেটেলিয়নে অভিযান চলাই জালনোটসমূহ জব্দ কৰাৰ লগতে জালনোট ব্যৱসায়ৰ সৈতে জড়িত এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে। ধৃত জালনোট ব্যৱসায়ীজন বৰপেটাৰ মন্দিয়াৰ জয়নাল হক চৌধুৰী ।

নিজৰ ই-ৰিক্সাৰে জালনোটখিনি লৈ মন্দিয়াৰ পৰা হাউলীলৈ গৈ থকা অৱস্থাত মৈৰামাৰাত অভিযান চলাই অভিযানকাৰী দলটোৱে জালনোটখিনি জব্দ কৰাৰ লগতে জালনোট ব্যৱসায়ীটোক গ্ৰেপ্তাৰ কৰে।

সম্প্ৰতি ধৃত জালনোট ব্যৱসায়ীটোক হাউলী আৰক্ষীয়ে জেৰা চলাই আছে ।

You might also like