ক্ষেত্ৰী ধৰ্মপুৰত গাঁও পঞ্চায়তৰ কাৰ্যালয় মুকলি প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকাৰ
পশ্চিম নলবাৰী অঞ্চলৰ ৬০নং ক্ষেত্ৰী ধৰ্মপুৰ গাঁও পঞ্চায়তৰ কাৰ্যালয়টো মুকলি কৰাৰ লগতে একেটি চৌহদত বৰক্ষেত্ৰী উন্নয়ণ খণ্ডৰ এটি শাখা কাৰ্যালয় মুকলি কৰে বিধায়ক নাৰায়ণ ডেকাই৷
উল্লেখ্য যে প্ৰতিসপ্তাহৰ দুদিনকৈ ইয়াৰ পাৰ্শ্চৱৰ্তী বৰী-ঠুটিকাটা, শোলমাৰা, পিপলিবাৰী, কৈহাটী, আমৃখোৱা আদি পাঁচখনকৈ পঞ্চায়তৰ কাম কাজ কৰাৰ লগতে ৰাইজৰ সুবিধা হোৱাকৈ বিধায়ক নাৰায়ণ ডেকাই বৰী-টাপা ঠুটিকাটাত উক্ত কাৰ্যালয়টো আনুষ্ঠানিকভাৱে মুকলি কৰে ৷
অনুষ্ঠানত নলবাৰী জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীৰ উপস্থিতিত কাৰ্যালয় মুকলি অনুষ্ঠানত জিলা পৰিষদৰ চি ই অ প্ৰণৱ দত্ত গোস্বামী,জিলা পৰিষদৰ সদস্যা চিমি বৰ্মণ, পঞ্চায়ত সভানেত্ৰী অৰ্পনা দাস, বিজেপি নেতা মিন্টু দত্ত, বুদ্ধদেৱ দাস, ৰাজু ভূঞাৰ লগতে ১৫খন পঞ্চায়তৰ সভাপতি, আঞ্চলিক সদস্যৰ লগতে বিজেপি কাৰ্যকৰ্তা আৰু স্থানীয় ৰাইজ আদি উপস্থিত থাকে৷
আনহাতে প্ৰাক্তন বিধায়কগৰাকীয়ে অঞ্চলটোৰ মিলন চুবুৰী নামগৃহৰ মনিকূট নিৰ্মাণ, পশ্চিম দাহুদী নামঘৰৰ চাৰিবেৰ নিৰ্মাণ, দাহুদী কালী মন্দিৰৰ ভোগ গৃহ নিৰ্মাণ, আটলাণ্টা স্প’ৰ্টচ ক্লাৱ গৃহৰ নিৰ্মাণ, ভদ্ৰকুছি পূৱ নামগৃহৰ পকীবেৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে।
অনুষ্ঠানত জিলা পৰিষদৰ সদস্যা চিমি বৰ্মন, মণ্ডল সভাপতি ৰাজু ডেকা গাঁও পঞ্চায়তৰ সভানেত্ৰী অৰ্পনা দাস, পঞ্চায়ত সদস্যা ফুলকন বৰ্মনৰ লগতে আন আন গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।
নিয়মীয়া বার্তা, চামতা, ২৩ ফেব্ৰুৱাৰী