নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ বিজয় নিশ্চিত : ড০ তপন দাস

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৫ এপ্ৰিলঃ অসম গণ পৰিষদৰ সাধাৰণ সম্পাদক ড° তপন দাসে ৫নং গুৱাহাটী লোকসভা সমষ্টিৰ এন ডি এ মিত্ৰজোঁটৰ মনোনীত প্রার্থী বিজুলী কলিতা মেধিৰ সৈতে সাতগাঁও বাথৌ মন্দিৰত আজি অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্রহণ কৰে। সভাত উপস্থিত থাকি তেওঁ কয় যে ৰাইজৰ ব্যাপক সঁহাৰি আৰু কৰ্মকৰ্তাসকলৰ উৎসাহে সুনিশ্চিত বিজয়ৰ উমান ইতিমধ্যেই প্ৰদান কৰিছে। ভোটাৰ ৰাইজৰ এই মৰম-চেনেহে তাক প্ৰমাণ কৰিছে। বিজেপি মিত্ৰজোঁট বিজয় সুনিশ্চিত। গুৱাহাটী লোকসভা সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ এইবাৰ নিৰ্বাচনত বিজয় নিশ্চিত। ইফালে ডিমৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত টোপাতলীত অসম গণ পৰিষদৰ টোপাতলী আঞ্চলিক সমিতিৰ সাধাৰণ সভা তথা নিৰ্বাচনকেন্দ্ৰিক এক পৰ্যালোচনা সভাত উক্ত আঞ্চলিকৰ সমূহ বিষয়ববীয়া তথা কৰ্মকৰ্তাৰ লগতো আলোচনা কৰে ড০ তপন দাসে। সভাখনত অনাগত গুৱাহাটী লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত গ্রহণ কৰিবলগীয়া বিভিন্ন ধৰণৰ সজাগতা,কাৰ্য্যপন্থা আৰু পদক্ষেপ সম্পর্কে বিস্তাৰিত আলোচনা কৰা হয়।

You might also like