নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জন্মদিনৰ দিনাই দৃষ্টিহীনক স্মাৰ্ট ভিজন প্ৰযুক্তিৰে স্ক্ৰীনিঙৰ ব্যৱস্থা যতীন বৰাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৫ এপ্ৰিলঃ আজি জনপ্ৰিয় অভিনেতা যতীন বৰাৰ জন্মদিন। জন্মদিনৰ দিনাই Care U 365 নামৰ স্বেচ্ছাসেৱী সংগঠন এটিৰ সহযোগত অভিনেতাগৰাকীয়ে কেইটামান বিশেষ পদক্ষেপ লয়। কাহানিও চিকিৎসকৰ ওচৰলৈ গৈ নোপোৱা অথবা উপযুক্ত চিকিৎসাৰ অভাৱত দৃষ্টিহীনতাৰ সমস্যাত ভুগি থকা ৭জনকৈ বিশেষ ব্যক্তিক গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ নেত্ৰালয়ত তেওঁ Low Vision, Smart Glass আৰু Clinical Diagnosisৰ এটা স্ক্ৰীণিং পদ্ধতিৰ সুবিধা কৰি দিয়ে। ড° কস্তুৰী ভট্টাচাৰ্য্য আৰু ড৹ নীলোৎপৰ্ণা দেউৰীৰ সহযোগত এই দৃষ্টিহীন লোকসকলক স্মাৰ্ট গ্লাছ পৰিধান কৰোৱাই তেওঁলোকৰ দৃষ্টিশক্তিৰ পৰিসীমাৰ উমান লোৱা হয়। এই স্ক্ৰীনিং চলি থকা সময়ত প্ৰতিগৰাকী দৃষ্টিহীন ব্যক্তিৰ প্ৰতিক্ৰিয়া দেখি গম পোৱা গৈছে যে নিজৰ দৃষ্টিৰে ক্ষন্তেকৰ বাবে হ’লেও পৃথিৱীখনক প্ৰত্যক্ষ কৰিবলৈ পাই তেওঁলোক যথেষ্ট সুখী হয়। উল্লেখযোগ্য যে অভিনেতা যতীন বৰাই সদায়ে সমাজত এই ধৰণৰ সজাগতা সৃষ্টি কৰাত অৰিহণা যোগাই আহিছে। এই অনুষ্ঠানত উপস্থিত দৃষ্টিহীন ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু চিকিৎসক-কৰ্মীসকলৰ সৈতে অভিনেতাগৰাকীয়ে কেক কাটি নিজৰ বিশেষ দিনটো উদযাপন কৰে। উল্লেখযোগ্য যে যতীন বৰাই এনেধৰণৰ বহু স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত সমাজহিতৈষী বহু কাম কাজ কৰাৰ লগতে নিজেও বহু অনুষ্ঠানৰ লগত পোনপটীয়াকৈ জড়িত হৈ আছে।

You might also like