নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ২৬ এপ্রিল, ব’হাগ মাহৰ ১৩ তাৰিখ
শুকুৰবাৰ : তিথি– কৃষ্ণা দ্বিতীয়া, নক্ষত্র : অনুৰাধা, যাত্রা : নাই

মেষ : উপার্জন আৰু সঞ্চয় বৃদ্ধিৰ যোগ৷ হেৰুওৱা সম্পদ পুনঃপ্রাপ্তি৷ অবাধ্য সন্তান–সন্ততিৰ ওপৰত কঠোৰ হ’ব পাৰে৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ২৷

বৃষ : বৈষয়িক অৱস্থাৰ স্বল্পাধিক উন্নতি সম্ভৱ৷ শিল্পীসকলৰ প্রাপ্য সন্মান লাভে আনন্দৰ কাৰকতা৷ পত্নীৰ লগত মত বিৰোধ৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৪৷

মিথুন : অপ্রত্যাশিতভাৱে ধন লাভৰ যোগ আছে৷ কর্মসূত্রত ভ্রমণৰ যোগ৷ নতুন উৎসাহজনক খবৰে আনন্দিত কৰিব৷ মনত হতাশা৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৮৷

কর্কট : পৈতৃক সম্পত্তি লাভৰ ক্ষেত্রত বিলম্ব৷ অভিজ্ঞ ব্যক্তিৰ পৰামর্শত সংকট মুক্তি আৰু প্রয়োজনীয় ধনাগমন৷ বিদ্যাত শুভ৷ শুভ ৰং ক’লা, শুভ সংখ্যা ৭৷

সিংহ : কর্মক্ষেত্রত জটিলতা উদয় হ’ব পাৰে৷ কোনো কাৰণত মনটো গধুৰ হ’ব পাৰে৷ শৰীৰ মধ্যম৷ প্রেমত শুভ৷ শুভ ৰং সোণালী, শুভ সংখ্যা ৫৷

কন্যা : ৰাজহুৱা কামত জড়িতসকলে সহানুভূতি লাভ কৰিব৷ দুই–এটা কামত বাধাৰ কাৰকতা৷ দাম্পত্যত মতানৈক্য৷ বিদ্যাত জটিলতা৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৩৷

তুলা : কর্মক্ষেত্রত শান্তিৰে কাম কৰিব পাৰিব৷ আর্থিকত ভালেই দেখা যায়৷ বিদ্যাত শুভ ফল৷ প্রেমত বুজাবুজি৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৬৷

বৃশ্চিক : আর্থিকত অসুবিধা পাব পাৰে৷ ফুৰা–চকাত সতর্ক হ’ব৷ বিদ্যাত বিশৃংখল৷ শুভ ৰং বগা, শুভ সংখ্যা ৯৷

ধনু : ব্যৱসায়ত লাভৰ কাৰকতা৷ সমাজসেৱীসকলৰ সন্মান বৃদ্ধিৰ কাৰক৷ নিবনুৱাৰ কর্মপ্রাপ্তিৰ যোগ৷ দাম্পত্যত শুভ ফল৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৪৷

মকৰ : চাকৰিয়ালসকলৰ বাবে দিনটো শুভ৷ কর্মত নতুন পৰিকল্পনাত উপকৃত হ’ব৷ নিবনুৱাৰ কর্মপ্রাপ্তিৰ যোগ৷ প্রেমত বাধা৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৫৷

কুম্ভ : পুৰণা মামলা–মোকর্দমা নিষ্পত্তি হ’ব পাৰে৷ বাধা–বিঘিনিৰ মাজেদি কর্মত সাফল্য৷ আয় বৃদ্ধিৰ বিকল্প চেষ্টাত সাফল্য৷ শুভ ৰং সোণালী, শুভ সংখ্যা ১৷

মীন : আর্থিকত উন্নতি৷ যোগাযোগ আদিত আশাপূর্ণ অগ্রগতি৷ মানসিক অৱস্থা বিশেষ ভালে নাযাব পাৰে৷ প্রেমত শুভ ফল৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ২৷

You might also like