নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উজনি অসমত বিজেপি কৃষক মৰ্চাৰ উদ্যোগত সাংগঠনিক সভা

বিশেষ বাৰ্তা, ৫ ডিচেম্বৰঃ সমাগত লোকসভা নিৰ্বাচন। এই লক্ষ্যৰে সাংগঠনিক স্থিতি দৃঢ় কৰাৰ ক্ষেত্ৰত তৎপৰ হৈছে ভাৰতীয় জনতা পাৰ্টী কৃষক মৰ্চা। কৃষক মৰ্চাৰ সভাপতি উৎপল বৰাৰ নেতৃত্বত আৰু সাধাৰণ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্যৰ তত্ত্বাৱধানত কৃষক মৰ্চাই ৩৯খন সাংগঠনিক জিলাতে বিশেষ সাংগঠনিক সভা অনুষ্ঠিত কৰাৰ লক্ষ্য লৈছে। তাৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যেই যোৱা দেওবাৰে আৰু সোমবাৰে ক্ৰমে ঢকুৱাখানা আৰু ধেমাজিত বিজেপি জিলা কাৰ্যালয়ত সাংগঠনিক সভা অনুষ্ঠিত কৰে। এই সভাত কৃষক মৰ্চাৰ জিলা, মণ্ডলৰ কাৰ্যকৰ্তাসকলক উদ্দেশ্যি কৃষক মৰ্চাৰ সাধাৰণ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্যই কাৰ্যকৰ্তাসকলক উদ্দেশ্যি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কৃষকসকলৰ বাবে প্ৰদান কৰা আঁচনিসমূহ প্ৰকৃত কৃষকে যাতে লাভ কৰিব পাৰে তাৰ বাবে কৃষক মৰ্চা কাৰ্যকৰ্তাসকলক অধিক চকু ৰাখিবলৈ আহ্বান জনায়। ইয়াৰ উপৰি অসম চৰকাৰে ধানৰ যি মূল্য নিৰ্ধাৰণ কৰিছে কৃষকসকলে যাতে সেই সঠিক মূল্য লাভ কৰিব পাৰে, কোনো মধ্যভোগীয়ে যাতে মাজত সোমাব নোৱাৰে, তাৰ ওপৰত কৃষকসকলৰ মাজত সজাগতা আনিবলৈ আহ্বান জনায়। ধেমাজি আৰু ঢকুৱাখনাৰ সাংগঠনিক বৈঠকৰ পাছত পৰ্যায়ক্ৰমে অসমৰ আন আন জিলাসমূহত এই কাৰ্যসূচী চলি থাকিব বুলি ৰঞ্জিত ভট্টাচাৰ্যই জানিবলৈ দিয়ে। এই বিশেষ সাংগঠনিক বৈঠকত কৃষক মৰ্চাৰ আন এগৰাকী ৰাজ্যিক সাধাৰণ সম্পাদক সঞ্জীৱ বৰা, উপ-সভাপতি ভাস্কৰ বৰুৱা, সম্পাদকদ্বয় ক্ৰমে বিতোপন দলে আৰু ৰচিক দাস, নীতি আৰু গৱেষণা কোষৰ আহ্বায়িকা অসমী বৰা, সামাজিক মাধ্যম কোষৰ আহ্বায়ক দিব্যজ্যোতি বৰদলৈ লগতে আন আন কাৰ্যকৰ্তাসকল উপস্থিত থাকে।

#বাৰ্তা ডেস্ক

You might also like