নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জয়যাত্ৰা অব্যাহত ‘লাচিত দ্য ৱাৰিয়ৰ’ৰ

বিশেষ বাৰ্তা, ৫ ডিচেম্বৰঃ মিনা মহন্ত আৰু ইন্দ্ৰাণী বৰুৱাৰ দ্বাৰা প্ৰযোজিত ড০ পাৰ্থসাৰথি মহন্তৰ দ্বাৰা লিখিত আৰু পৰিচালিত লাচিত দ্য ৱাৰিয়ৰ শীৰ্ষক এনিমেচন ফ্লিমখনে শ্ৰেষ্ঠ আৰু দুটা উচ্চ সন্মানীয় আন্তঃৰাষ্ট্ৰীয় ফিল্ম উৎসৱত সন্মান লাভ কৰিছে। মহান অসমীয়া যোদ্ধা লাচিত বৰফুকনৰ জীৱনৰ ওপৰত নিৰ্মিত চুটি ছবিখনে শেহতীয়াকৈ চেন্নাইৰ এডিচন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ এনিমেচন ছবিৰ সন্মান লাভ কৰিছে। উক্ত ছবিখনক পুডুচেৰীত মকখো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত এই সন্মান প্ৰদান কৰা হয়। লাচিত দ্য ৱাৰিয়ৰৰ কথন ড° অমৰজ্যোতি চৌধুৰী আৰু সংগীত ৰূপম তালুকদাৰৰ। ছবিখনৰ সৃষ্টিশীল পৰিচালক অনুপম মহন্ত, ষ্ট’ৰী বৰ্ডিং আৰু চিত্ৰকল্প হৃষীকেশ বৰাৰ আৰু ভিএফএক্স ৰাতুল দত্তৰ।

#বাৰ্তা ডেস্ক

You might also like