নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীহাটৰ শিঙিমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা

নিয়মীয়া বাৰ্তা, ৫ ডিচেম্বৰঃ ৰূপহীহাটৰ শিঙিমাৰীত আজি দুপৰীয়া এক ভয়ংকৰ পথ দুৰ্ঘটনা সংগঠিত হয় ৷ উক্ত পথ দুৰ্ঘটনাত তিনিজন বাইক আৰোহীৰ লগতে এগৰাকী মহিলা আহত হয় ৷ আহত লোকসকলক ৰাইজৰ তৎপৰতাত শিঙিমাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও দুজনৰ অৱস্থা অতি সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে নগাঁও মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰিছে৷ জানিব পৰা মতে আজি দুপৰীয়া এ এছ-০২-এই-৫৪৭১ নম্বৰৰ তীব্ৰবেগী পালছাৰ বাইকে নিয়ন্ত্ৰণ হেৰুৱাই স্কুলৰ সন্মুখত থকা বেৰিকেডত খুন্দিওৱাৰ ফলত সংঘটিত হৈছিল উক্ত পথ দুৰ্ঘটনাটি ৷ বাইকখনে এগৰাকী স্থানীয় পথচাৰী মহিলাক খুন্দা মাৰি আহত কৰে ৷ ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী উপস্থিত হৈ বাইকখন জব্দ কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে ৷

প্ৰেৰক জহিৰুল ইছলাম

You might also like