নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিশাসিত ৰাজ্যৰ জনপ্রিয় মুখ্যমন্ত্রী ড০ শর্মা

ইণ্ডিয়া টুডে’ৰ সমীক্ষা

নিয়মীয়া বাৰ্তা ২২ জানুৱাৰীঃ দেশৰ বিজেপিশাসিত ৰাজ্যসমূহৰ ভিতৰত সবাতোকৈ জনপ্রিয় মুখ্যমন্ত্রী অসমৰ ড০ হিমন্ত বিশ্ব শর্মা৷ ইণ্ডিয়া টুডে’ৰ ‘মুড অৱ দ্য নেচন ছার্ভে ২০২২’ৰ অধীনত দেশৰ সবাতোকৈ জনপ্রিয় মুখ্যমন্ত্রীৰ সমীক্ষাত অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৫৬.৬ শতাংশৰে বিজেপিশাসিত ৰাজ্যৰ সর্বাধিক জনপ্রিয় মুখ্যমন্ত্রী হিচাপে স্বীকৃত হৈছে৷ বিজেপিশাসিত ৰাজ্যসমূহৰ ভিতৰত অসমৰ মুখ্যমন্ত্রীয়ে সর্বাধিক ৫৬.৬ শতাংশ লাভ কৰাৰ বিপৰীতে গুজৰাট, উত্তৰাখণ্ড, উত্তৰ প্রদেশ আৰু মধ্যপ্রদেশৰ মুখ্যমন্ত্রীয়ে অসমৰ মুখ্যমন্ত্রীতকৈ জনপ্রিয়তাৰ হাৰত কিছু কম শতাংশ লাভ কৰে৷ গুজৰাট, উত্তৰাখণ্ড, উত্তৰ প্রদেশ আৰু মধ্যপ্রদেশৰ মুখ্যমন্ত্রীয়ে জনপ্রিয়তাৰ হাৰত ৫০ শতাংশতকৈ অধিক লাভ কৰিলেও হিমাচল প্রদেশ, কর্ণাটক আৰু বিহাৰৰ মুখ্যমন্ত্রীৰ জনপ্রিয়তাৰ হাৰ ৪০ শতাংশতকৈ কম৷ হাৰিয়ানা, পুডুচেৰী আৰু গোৱাৰ মুখ্যমন্ত্রীৰ জনপ্রিয়তাৰ হাৰ ৩৫ শতাংশৰ তলত৷ লক্ষণীয় যে এই সমীক্ষাত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ কাম–কাজক লৈ ৫৮ শতাংশ লোক সন্তুষ্ট আৰু পৰৱর্তী প্রধানমন্ত্রী হিচাপে ৫২.৫ শতাংশ লোকে মোদীক বিচাৰে৷

তাৎপর্যপূর্ণ যে জনপ্রিয়তাৰ শীর্ষৰ ৬টা স্থানত অ–বিজেপি চৰকাৰৰ মুখ্যমন্ত্রী আছে৷ ওড়িশাৰ মুখ্যমন্ত্রী নবীন পাটনায়ক প্রায় ৭১ শতাংশৰে শীর্ষস্থানত থকাৰ বিপৰীতে ৬৯.৯ শতাংশৰে দ্বিতীয় স্থানত পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জী, তৃতীয় স্থানত ৬৭.৫ শতাংশৰে তামিলনাডুৰ মুখ্যমন্ত্রী এম কে ষ্টেলিন, চতুর্থ স্থানত ৬১.৮ শতাংশৰে মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী উদ্ধৱ থাকৰে, পঞ্চম স্থানত ৬১.১ শতাংশৰে কেৰালাৰ মুখ্যমন্ত্রী পিনাৰাই বিজয়ন আৰু ষষ্ঠ স্থানত ৫৭.৯ শতাংশৰে দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল৷ দেশৰ জনপ্রিয়তাৰ শীর্ষ ১০ত স্থান লাভ কৰা বিজেপিশাসিত ৰাজ্যৰ একমাত্র অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷

You might also like