নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বৰ সবাতোকৈ জনপ্রিয় নেতা প্রধানমন্ত্রী মোদী

মর্নিং কনছাল্টৰ সমীক্ষা

নিয়মীয়া বাৰ্তা ২২ জানুৱাৰীঃ বিশ্ব নেতাৰ জনপ্রিয়তাৰ শীর্ষত ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ মর্নিং কনছাল্ট পলিটিকেল ইণ্টেলিজেঞ্চে চলোৱা সমীক্ষাত ৭১ শতাংশৰে বিশ্বৰ সবাতোকৈ জনপ্রিয় নেতা হিচাপে স্বীকৃতি পাইছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ তালিকাত ১৩ বিশ্ব নেতাৰ ভিতৰত প্রধানমন্ত্রী মোদীয়ে ৭১ শতাংশ লাভ কৰাৰ বিপৰীতে আমেৰিকাৰ ৰাষ্ট্রপতি জ’ বাইডেনে ৪৩ শতাংশৰে ষষ্ঠ স্থান লাভ কৰিছে৷ মর্নিং কনছাল্টে ৱেবছাইটত প্রকাশ কৰা মতে, ২০২১ চনৰ মে’ মাহত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ জনপ্রিয়তা হ্রাস পালেও ২০২২ চনত পুনৰ মোদীৰ জনপ্রিয়তা বৃদ্ধি পাইছে৷

২০২১ চনৰ মে’ মাহত মোদীৰ জনপ্রিয়তা ৬৩ শতাংশৰ বিপৰীতে শুকুৰবাৰে প্রকাশ কৰা সমীক্ষাত মোদীৰ জনপ্রিয়তা ৭১ শতাংশলৈ বৃদ্ধি হৈছে৷ অৱশ্যে ২০২০ চনৰ মে’ মাহত মোদীৰ জনপ্রিয়তা আছিল ৮৪ শতাংশ৷ সমীক্ষাত মোদীৰ পাছতেই স্থান লাভ কৰিছে মেক্সিকোৰ ৰাষ্ট্রপতি এড্রেছ মেনুৱেল লোপেজ অব্রাডৰ৷ তেওঁ ৬৬ শতাংশ লাভ কৰিছে৷ ইয়াৰ পাছতেই ৬০ শতাংশৰে ইটালীৰ প্রধানমন্ত্রী মেৰি’ ড্রাঘী, ৪৮ শতাংশৰে জাপানৰ প্রধানমন্ত্রী ফুমি’ কিচিডা আৰু ৪৪ শতাংশৰে জার্মানীৰ ছেঞ্চেলৰ অ’লাফ স্ক’ল্জ৷ ব্রিটেইনৰ প্রধানমন্ত্রী বৰিছ জনছনে ২৬ শতাংশৰে তালিকাত ত্রয়োদশ স্থান লাভ কৰিছে৷

You might also like