নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অমৰ জোৱান জ্যোতিৰ শিখা নির্বাপিত

ইতিহাস মচি নতুনত্বৰ চেষ্টা কেন্দ্রীয় চৰকাৰৰ

নিয়মীয়া বাৰ্তা ২২ জানুৱাৰীঃ ৫০ বছৰৰ মূৰকত নুমাল ঐতিহাসিক ইণ্ডিয়া গেটৰ অমৰ জোৱান জ্যোতিৰ শিখা৷ দেশৰ স্বাধীনতাৰ ৭৫সংখ্যক বার্ষিকী উদ্যাপনৰ সময়তে জোৱানৰ কাৰণে জ্বলন্ত চিৰন্তন শিখাক আজি নুমাই দিয়া হ’ল৷ ১৯৭১ চনৰ শ্বহীদ জোৱানৰ স্মৃতিত অমৰ জোৱান জ্যোতিত প্রজ্বলন কৰা চিৰন্তন শিখাক নুমাই দি ৰাষ্ট্রীয় যুদ্ধ স্মাৰকৰ শিখাত সংলগ্ণ কৰা হ’ল৷ আজি সেনাবাহিনীয়ে পেৰেড, বেণ্ড আৰু চেল্যুটেৰে অমৰ জোৱান জ্যোতিৰ অনন্ত শিখাক নুমাই দি ইণ্ডিয়া গেটৰে সমীপত ২০১৯ চনত নির্মিত ৰাষ্ট্রীয় যুদ্ধ স্মাৰকৰ শিখাৰ সৈতে মিলাই দিয়া হ’ল৷ গণৰাজ্য দিৱস উদ্যাপনক লৈ মাজত মাত্র ৫ দিন থকাৰ সময়তে ঐতিহাসিক অমৰ জোৱান জ্যোতিৰ অনন্ত শিখাক নুমাই দিয়াক লৈ তীব্র প্রতিক্রিয়া সৃষ্টি হৈছে৷ ইণ্টিগ্রেটেড ডিফেঞ্চ ষ্টাফ চীফ এয়াৰ মার্শ্বাল বলভদ্র ৰাধাকৃষ্ণৰ সভাপতিত্বত অনুষ্ঠিত সামৰিক বহিনীৰ কার্যসূচীৰে ৫০ বছৰ ধৰি চলি থকা অমৰ জোৱান জ্যোতিৰ শিখা নুমুওৱাক লৈ কঠোৰ সমালোচনাৰ সন্মুখীন হৈছে প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰ৷

উল্লেখ্য যে ১৯৭১ চনৰ যুদ্ধত প্রাণ হেৰুওৱা সেনা জোৱানৰ স্মৃতিত ইণ্ডিয়া গেটৰ অমৰ জোৱান জ্যোতি ইন্দিৰা গান্ধী নেতৃত্বাধীন কংগ্রেছ চৰকাৰৰ দিনত স্থাপন কৰা হৈছিল৷ আনপিনে প্রথম বিশ্বযুদ্ধৰ সময়ত প্রাণ হেৰুওৱা ব্রিটিছ–ভাৰত সেনা জোৱানৰ স্মৃতিত নির্মাণ কৰা হৈছিল ইণ্ডিয়া গেট৷ দেশৰ ৰাজধানী নতুন দিল্লীৰ ইণ্ডিয়া গেটৰ পৰা ৪০০ মিটাৰ দূৰত্বত ২০১৯ চনত নির্মাণ কৰা হৈছিল ৰাষ্ট্রীয় যুদ্ধ স্মাৰক৷ প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন চৰকাৰৰ দিনত নির্মাণ কৰা ৰাষ্ট্রীয় যুদ্ধ স্মাৰকত বিগত তিনি বছৰ ধৰি সকলো সেনাৰ কার্যসূচী পালন কৰি থকা হৈছে৷ তাৰ প্রতি লক্ষ্য ৰাখিয়েই পূর্বৰ কংগ্রেছ চৰকাৰে নির্মাণ কৰা ৫০ বছৰ ধৰি চলি অহা অমৰ জোৱান জ্যোতিৰ শিখা নুমাই দি ৰাষ্ট্রীয় যুদ্ধ স্মাৰকত সংলগ্ণ কৰা হয়৷ বিৰোধী কংগ্রেছকে ধৰি অনেক দলে প্রধানমন্ত্রী নৰেন্দ্র মোদী চৰকাৰে ইতিহাস মচি দিয়াৰ ষড়যন্ত্র চলোৱা বুলি প্রতিক্রিয়া ব্যক্ত কৰিছে৷ কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে টুইটত কয়– একাংশ লোকে দেশপ্রেম আৰু ইয়াক বুজিব নোৱাৰে৷ কংগ্রেছৰ জ্যেষ্ঠ নেতা মনীষ তিৱাৰীয়ে কয়– যিবোৰ ঘটিছে, সেয়া ৰাষ্ট্রীয় দুখজনক ঘটনা আৰু ইতিহাসক পুনৰ ৰচনাৰ প্রয়াস৷ অমৰ জোৱান জ্যোতিক ৰাষ্ট্রীয় যুদ্ধ স্মাৰকৰ শিখাৰ সৈতে সংলগ্ণ কৰাৰ অর্থই ইতিহাসক মচি দিয়া৷ বিজেপিয়ে ৰাষ্ট্রীয় যুদ্ধ স্মাৰক নির্মাণ কৰিছে৷ ইয়াৰ অর্থ এয়ে নহয় যে তেওঁলোকে অমৰ জোৱান জ্যোতিৰ শিখাক নুমাই দিব৷ ইপিনে বিৰোধীৰ এই প্রতিক্রিয়াৰ পাছত আত্মপক্ষ সমর্থন কৰি চৰকাৰী সূত্রত প্রকাশ পাইছে যে অমৰ জোৱান জ্যোতিৰ শিখা নুমাই দিয়া হোৱা নাই৷ এই শিখা ৰাষ্ট্রীয় যুদ্ধ স্মাৰকৰ শিখাৰ সৈতে মিলাই দিয়া হৈছে৷ ১৯৭১ চনৰ শ্বহীদক শ্রদ্ধাঞ্জলি জনাবলৈ অমৰ জোৱান জ্যোতিৰ শিখা জ্বলি থকাটো উচিত নেদেখি৷ কিয়নো ইয়াত আন যুদ্ধৰ কোনো শ্বহীদৰ নাম লিপিবদ্ধ হৈ থকা নাই৷

আনপিনে ইতিহাসক নতুনত্ব দিয়াৰ প্রয়াসেৰে অমৰ জোৱান জ্যোতিৰ শিখাক ৰাষ্ট্রীয় যুদ্ধ স্মাৰকৰ শিখাৰ সৈতে মিলাই দিয়াটোত আত্মপক্ষ সমর্থন কৰি চৰকাৰী সূত্রত কয় যে দুটাকৈ শিখা বর্তাই ৰখাটো জটিল৷ উল্লেখ্য যে ২০১৯ চনত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে শুভ উদ্বোধন কৰা ৰাষ্ট্রীয় যুদ্ধ স্মাৰক ৪০ একৰ ভূমি সাঙুৰি আছে৷ এই স্মাৰক নির্মাণত ব্যয় হৈছিল ১৭৬ কোটি টকা৷ অমৰ জোৱান জ্যোতিৰ শিখা ৰাষ্ট্রীয় যুদ্ধ স্মাৰকৰ সৈতে সংলগ্ণ কৰাৰ পাছতেই প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আজি ঘোষণা কৰে যে ইণ্ডিয়া গেটত নেতাজী সুভাষ চন্দ্র বসুৰ বিশাল প্রতিমূর্তি স্থাপন কৰা হ’ব৷ এই প্রতিমূর্তিটো ৬ ফুট বহল আৰু ২৮ ফুট দীঘল হ’ব৷ প্রধানমন্ত্রীগৰাকীয়্ কয় যে স্বাধীনতাৰ পাছত দিল্লীৰ কিছুসংখ্যক পৰিয়ালৰ কাৰণেহে নতুন নির্মাণ কৰা হৈছে৷ আমি ঠেক চিন্তাক দেশৰ পৰা আঁতৰাইছোঁ আৰু নতুন ৰাষ্ট্রীয় স্মৃতিচিহ্ণ নির্মাণ কৰি আছোঁ৷ যাৰ জৰিয়তে অন্য বিশাল ব্যক্তিক গৌৰৱান্বিত কৰা হৈছে৷

You might also like