নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰপেটাৰ ৪ সমষ্টিত কংগ্ৰেছ দুখন, অগপ-তৃণমূল কংগ্ৰেছৰ এখনকৈ আসন লাভ

বৰপেটা নিৰ্বাচনী জিলাৰ চাৰিটা সমষ্টিৰ দুটা সমষ্টিত কংগ্ৰেছ ,এটা সমষ্টিত অসম গণ পৰিষদ আৰু এটা তৃণমূল কংগ্ৰেছ দলে লাভ কৰে ৷ জিলাখনৰ ২৪  নং বৰপেটা বিধান সভা সমষ্টিত অসম গণ পৰিয়দৰ প্ৰাৰ্থী দীপক কুমাৰ দাসে তেওঁৰ নিকটতম প্ৰতিদ্বন্দী নিৰ্দলীয় প্ৰাৰ্থী গগণ চন্দ্ৰ হালৈক ৪৭,৪০২ টা ভোটৰ ব্যৱধানত পৰাজিত কৰি বিধান সভালৈ নিৰ্বাচিত হয় ৷ দীপক দাসে পায় ৯৪,০৮৬ টা ভোট লাভ কৰাৰ বিপৰীতে হালৈয়ে লাভ কৰে ৪৬,৬৮৪ টা ভোট ৷ আনহাতে তৃতীয় গৰাকী প্ৰাৰ্থী উদ্ধৱ দাসে লাভ কৰে ৩,৬৭০টা ভোট ৷

মন্দিয়া সমষ্টিত তৃণমূল কংগ্ৰেছ দলৰ প্ৰাৰ্থী শ্বেৰমান আলী আহমেদে তেওঁৰ নিকটতম প্ৰতিদ্বন্দী কংগ্ৰেছৰ আব্দুল খালেকক ২৭,৫৬১ টা ভোটৰ ব্যৱধানত পৰাজিত কৰি বিধান সভালৈ নিৰ্বাচিত হয় ৷ শ্বেৰমান আলী আহমেদে লাভ কৰে ১,১৩,৪৮০ টা ভোট আৰু কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকে লাভ কৰে ৮৫,৯১৯ টা ভোট ৷ সমষ্টিটোত এআই ইউ ডি এফৰ প্ৰাৰ্থী ৰফিকুল ইছলামে ৪৯,১৭৪ টা ভোট লাভ কৰি তৃতীয় স্থানত ৰয় ৷

নৱ গঠিত পাকাবেতবাৰী  সমষ্টিত তৃতীয় বাৰৰ বাবে কংগ্ৰেছৰ জাকিৰ হুছেইন শিকদাৰে তেওঁৰ নিকটতম প্ৰতিদ্বন্দী এ আই ইউ ডি এফৰ মীনাক্ষী ৰহমানক ৬৫,২৬৭ টা ভোটৰ ব্যৱধানত পৰাজিত কৰি বিধান সভালৈ নিৰ্বাচিত হৈছে ৷ বিধায়ক জাকিৰ হুছেইন শিকদাৰে লাভ কৰে ১,৫৭,৭৪৮ টা ভোট ৷ মিনাক্ষী ৰহমানে লাভ কৰে ৯২,৪৮১ টা ভোট ৷ পাকাবেতবাৰীত প্ৰাক্তন বিধায়ক ডাঃ তাৰাপ্ৰসাদ দাসে ৯,২৪৬ টা ভোট লাভ কৰি তৃতীয় স্থানত থমকি ৰয় ৷

চেঙা সমষ্টিত আব্দুৰ ৰহিম আহমেদে তেওৰ নিকটতম প্ৰতিদ্বন্দ্বী আশ্ৰাফুল হুছেইনক ৮৭,৩৪৯ টা  ভোটৰ ব্যৱধানত পৰাজিত কৰি বিধান সভালৈ নিৰ্বাচিত হয় ৷ কংগ্ৰেছ প্ৰাৰ্থী আব্দুৰ ৰহিম আহমেদে লাভ কৰে ১,৩৯,১৬৭ টা ভোট ৷ এআই ইউ ডি এফৰ প্ৰাৰ্থী আশ্ৰাফুল হুছেইনে ৫১,৮১৮ টা ভোট লাভ কৰি পৰাজয় বৰণ কৰে ৷ চেঙা সমষ্টিত আফটাদুৰ আলী খানে ৪৪,০২১ টা ভোট লাভ কৰি তৃতীয় স্থানত থাকে ৷

ডিজিটেল ডেস্ক, ৫ মে’

You might also like