নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাৰিপৰা দুৱৰী গাঁৱত শিক্ষাবন্ধুৰ শিশু গ্রন্থমেলাৰ সফল সমাপ্তি

নিয়মীয়া বাৰ্তা, ২৩ ফেব্ৰুৱাৰীঃ শিৱসাগৰ জিলাৰ হাৰিপৰা দুৱৰী গাঁৱত যোৱা ১৯ ফেব্রুৱাৰীত শিৱসাগৰ বুক ডিপো আৰু হাৰিপৰা দুৱৰী গাঁৱৰ সহযোগত শিক্ষাবন্ধু নামৰ সংস্থাটোৰ উদ্যোগত শিশু গ্রন্থ উৎসৱ অনুষ্ঠিত হয়৷ তিনিদিনীয়া কার্যসূচীৰ প্রথম দিনাৰ প্রথমটো কার্য হিচাপে গ্রন্থমেলাৰ দুৱৰা মুকলি কৰে সেই অঞ্চলৰে ললিত দুৱৰীয়ে৷

ইয়াৰ পিছতে গছপুলি ৰোপণ কৰে ৰোহিণী আৰন্ধৰা, শিক্ষাবন্ধুৰ পতাকা উত্তোলন কৰে সংস্থাটোৰ মুখ্য সঞ্চালক নিৰৱ বাইলুং আহোমে আৰু বন্তি প্ৰজ্বলন কৰে নিৰু কুমাৰ দুৱৰীয়ে ৷ বন্তি প্ৰজ্বলনৰ পিছতে মুকলি পৰিৱেশত চৰকাৰী মাধ্যমৰ প্রধান শিক্ষকৰ মনৰ কথা নামৰ অনুষ্ঠানটি অনুষ্ঠিত হয়৷ এই অনুষ্ঠানত ৰাজীৱ বুঢ়াগোহাঁই, ৰূপা হাজৰিকা, দীপ্তি ভূঞা আৰু দিতিমণি বুঢ়াগোহাঁয়ে ভাগ লয়৷

 গ্রন্থমেলাৰ মূল মঞ্চ উদ্বোধন কৰে শিক্ষা বিষয়া তথা বুৰজ্ঞীবিদ ৰেখামণি বৰাই৷ মঞ্চ মুকলিৰ পিছতে সাধাৰণ সভা অনুষ্ঠিত হয়৷ সভাত অদিতি খাওন্দৰ শিশু গল্প পুথি ‘মৰমৰ উপহাৰ’, দীপ প্রতিম বৰাৰ ‘প্রতীক্ষা আজীৱন’ নামৰ কবিতা পুথি আৰু চিৰাজ চুতীয়াৰ ‘নীলা নীলা দুচকুতে’ নামৰ উপন্যাসখন আনুষ্ঠানিকভাৱে প্রকাশ কৰা হয়৷

সভাত অধ্যাপক ড০ সীমান্ত বৰুৱা, সাংবাদিক মনোজ কুমাৰ গগৈ, শিক্ষক নিৰোদ গগৈকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ সাধাৰণ সভাৰ শেষত দেওবিল বনুৱা প্রাথমিকৰ বিদ্যালয়ৰ শিশুবন্ধুৰ ছাত্র–ছাত্রীৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হোৱাৰ পিছতে প্রথমদিনাৰ কার্যসূচী সমাপ্তি ঘটে৷

২০ ফেব্রুৱাৰীৰ দিনা বন্তি প্ৰজ্বলন কৰে ইন্দেশ্বৰ গগৈয়ে ৷ ইয়াৰ পিছতেই চিত্রাংকন প্রতিযোগিতা আয়োজন কৰা হয়৷ পৰৱৰ্তী কাৰ্যসূচী অনুযায়ী ছাত্র–ছাত্রীৰ সৈতে মত বিনময় কৰে নিয়মীয়া বার্তাৰ উপ–সম্পাদক প্রদীপ গগৈয়ে৷ মত বিনময় অনুষ্ঠানৰ পিছতেই অতিথি হিচাপে গ্রন্থ মেলাত উপস্থিত হোৱা প্রাক্তন আছু কর্মী শৰৎ হাজৰিকা আৰু সমাজকর্মী ৰাজলক্ষ্মী ভূঞাই শিশুসকল আৰু অভিভাৱকক উদ্দেশ্য কৰি বহুখিনি গঠনমূলক বক্তব্য ৰাখি অনুষ্ঠানটি গাম্ভীর্যপূর্ণ কৰি তোলে৷

অতিথিৰ বক্তব্যৰ পিছতেই কুইজ প্রতিযোগিতা আৰম্ভ হয় আৰু প্রদীপ গগৈয়ে কুইজ প্রতিযোগিতাখন সুচাৰুৰূপে চলাই নিয়ে৷ কুইজ প্রতিযোগিতাৰ পিছতেই ছাত্র–ছাত্রীৰ সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হয়৷ এই অনুষ্ঠানটি ধোপাবৰীয়া প্রাথমিক আৰু দুৱৰী আৰন্ধৰা প্রাথমিকৰ শিশুবন্ধুৰ ছাত্র–ছাত্রীয়ে আগভাগ লয় আৰু দ্বিতীয় দিনাৰ কার্যসূচী অন্ত পৰে৷ তৃতীয় তথা অন্তিমটো দিনত বন্তি প্ৰজ্বলন কৰে মোহেশ্বৰ দুৱৰী৷ ইয়াৰ পিছতে আমন্ত্রিত অতিথি ভূতাত্ত্বিক ড০ বিজয় কৃষ্ণ চেতিয়াই ছাত্র–ছাত্রীৰ লগত মত বিনিময় অনুষ্ঠান আৰম্ভ কৰে৷

তেওঁৰ লগতে সমীৰণ বৰগোহাঁয়ো এই অনুষ্ঠানত ভাগ লয়৷ মত বিনিময় অনুষ্ঠানৰ অন্তত দুৱৰী আৰন্ধৰা প্রাথমিক বিদ্যালয়ৰ শিশুবন্ধুৰ ছাত্র-ছাত্রীয়ে মূকাভিনয় প্রদর্শন কৰে৷ মূকাভিনয়ৰ পিছতেই কুইজ আৰু চিত্রাংকন প্রতিযোগিতাৰ ফলাফল আৰু বঁটা বিতৰণী কার্যসূচী আৰম্ভ হয়৷ বঁটা বিতৰণী কার্যসূচীৰ পিছতেই শিশুবন্ধুৰ ছাত্র–ছাত্রীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হয়৷

তিনিদিনীয়া শিশুগ্রন্থ মেলাখন শিশুৰ বিকাশৰ উদ্দেশ্য আগত ৰাখি হাৰিপৰা দুৱৰী গাঁৱৰ মহিলা সমিতিৰ লগতে সমূহ ৰাইজৰ আন্তৰিক প্রচেষ্টাত আৰু শিক্ষাবন্ধুৰ নিৰৱ বাইলুং আহোম, ৰীতামণি গগৈ চাংমাই, পল্লৱী হাজৰিকা, বিকি চক্রধৰা, সংগীতা চাংমাই, হিৰক বাইলুং, দুলুমণি বাইলুং, উৎপলা বাইলুঙৰ একাণপতীয়া প্রচেষ্টাত সফলতা লাভ কৰিবলৈ সক্ষম হয়৷

You might also like