নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জয়পুৰত সেনাৰ ঘৰে ঘৰে গৈ স্বাস্থ্য পৰীক্ষা

নিয়মীয়া বাৰ্তা, ১ জুনঃ ডিব্ৰুগড় জিলাৰ জয়পুৰস্থিত সেনা শিবিৰৰ উদ্যোগত বেটেলিয়নটোৰ সোণাৰিস্থিত শিবিৰৰ তৰফৰ পৰা আজি এক স্বাস্থ্য পৰীক্ষাৰ ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰা হয়। ‘মোবাইল মেডিক অন ফুট কেম্প’ নামেৰে আজি পুৱা সেনা বাহিনীৰ চিকিৎসকৰ দল এটাই সোণাৰিৰ আইদেউ পুখৰী গাঁৱৰ প্ৰতিঘৰ লোকৰ ঘৰত সোমাই বহু লোকৰ স্বাস্থ্য পৰীক্ষা কৰে। এই সময়ছোৱাত সেনাৰ চিকিৎসকে ৰোগীসকলক বিশেষ নিদান আৰু ঔষধ প্ৰদানো কৰে। সেনা বাহিনীটোৰ দ্বাৰা লোৱা এনে ব্যতিক্ৰমী পদক্ষেপক স্থানীয় ৰাইজে ভূয়সী প্ৰশংসা কৰে। উল্লেখযোগ্য যে বৃদ্ধাৱস্থাৰ বাবে চিকিৎসালয় নতুবা চিকিৎসকৰ ওচৰলৈ যাব নোৱাৰা অঞ্চলটোৰ ৬৭গৰাকী ৰোগাক্ৰান্ত লোক সেনাৰ এই পদক্ষেপত উপকৃত হয় বুলি সেনাৰ এক সূত্ৰত প্ৰকাশ।

প্ৰেৰক দুষ্যন্ত নাথ

You might also like