নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইণ্ডিয়া বুক অৱ ৰেকর্ডছত স্থান লাভ দৃষ্টিহীন কণ্ঠশিল্পী মনোজ কুমাৰ দাসৰ

বৰঞ্চ এই অক্ষমতাই মোক অধিক মানসিকভাৱে দৃঢ় কৰি তুলিছিল৷ এক দুর্ভাগ্যজনক ঘটনাই দৃষ্টিশক্তি চিৰদিনৰ বাবে কাঢ়ি নিলেও কেতিয়াও শিল্পীগৰাকীয়ে মানসিকভাৱে ভাগি পৰা নাছিল

‘শাৰীৰিক অক্ষমতা সফলতা অর্জনৰ বাবে কেতিয়াও হেঙাৰ হ’ব নোৱাৰে৷’ বিভিন্ন সময়ত চর্চিত এই বাক্যশাৰী দিঠকত পৰিণত হৈছে দৃষ্টিহীন কণ্ঠশিল্পী মনোজ কুমাৰ দাস (কাশ্যপ)ৰ ক্ষেত্রত৷ ভাৰতৰ কিংবদন্তি শিল্পী কিশোৰ কুমাৰৰ বিভিন্ন হিন্দী চিনেমাৰ ৫৩টা কালজয়ী গীত একেৰাহে পৰিৱেশন কৰি ইণ্ডিয়া বুক অৱ ৰেকর্ডছৰ দৃষ্টিহীন শিতানত প্রথমগৰাকী ভাৰতীয় তথা অসমৰ কনিষ্ঠতম শিল্পী হিচাপে অভিলেখ গঢ়িলে শিল্পী দাসে৷

গুৱাহাটী প্রেছ ক্লাবত আয়োজিত এখন সংবাদ মেলত এই স্বীকৃতিৰ কথা সদৰী কৰি শিল্পী দাসে কয় যে শাৰীৰিক অক্ষমতা মোৰ বাবে কেতিয়াও হেঙাৰ হোৱা নাছিল৷ বৰঞ্চ এই অক্ষমতাই মোক অধিক মানসিকভাৱে দৃঢ় কৰি তুলিছিল৷ এক দুর্ভাগ্যজনক ঘটনাই দৃষ্টিশক্তি চিৰদিনৰ বাবে কাঢ়ি নিলেও কেতিয়াও শিল্পীগৰাকীয়ে মানসিকভাৱে ভাগি পৰা নাছিল৷

অক্ষমতাক সফলতাৰ কাৰকৰূপে লৈ অসমীয়াৰ হিয়াৰ আমঠু জুবিন গার্গলৈ শ্রদ্ধা নিবেদিবলৈ শিল্পীগৰাকীয়ে লৈছিল এই কঠিন পদক্ষেপ৷ যোৱা তিনি ডিচেম্বৰত আন্তঃৰাষ্ট্রীয় প্রতিবন্ধী দিৱসৰ দিনাখন গণেশগুৰিত এক অনুষ্ঠানত ইণ্ডিয়া বুক অৱ ৰেকর্ডছৰ বিষয়াসকলৰ সন্মুখতে একেৰাহে প্রখ্যাত শিল্পী কিশোৰ কুমাৰৰ ৫৩টা গীত পৰিৱেশন কৰি এই অভিলেখ গঢ়িবলৈ সক্ষম হয়৷

সংবাদ মেলযোগে ৰাইজক এই স্বীকৃতিৰ কথা আনুষ্ঠানিকভাৱে সদৰী কৰি শিল্পীগৰাকীয়ে তেওঁৰ এই কঠিন যাত্রাত সহযোগ আগবঢ়োৱা প্রতিগৰাকী ব্যক্তি তথা অনুষ্ঠানক কৃতজ্ঞতা জ্ঞাপন কৰে৷ তেওঁ কয় যে প্রতিবন্ধী শিল্পীসকলে নিজৰ মানসিক দৃঢ়তা সদায়েই অটুট ৰাখিব লাগে৷

আমাৰ ৰাজ্যত বহু শিল্পী আছে, যিয়ে প্রতিভাৱান হোৱাৰ পিছতো শাৰীৰিক প্রতিবন্ধকতাৰ বাবে নিজৰ প্রতিভাক ৰাইজৰ সন্মুখত দেখুৱাব পৰা নাই৷ এইক্ষেত্রত উক্ত শিল্পীসকলক বিচাৰি উলিয়াই প্রাপ্য সুবিধা প্রদান কৰি এখন প্রতিভা বিকাশৰ মঞ্চ দিবলৈ চৰকাৰক তেওঁ আহ্বান জনায়৷ প্রয়োজনত ৰাজ্যৰ বিভিন্ন ক্ষেত্রৰ মানৱতাবাদী লোকসকলকো এইক্ষেত্রত সক্রিয় সহযোগ আগবঢ়াবলৈ তেওঁ অনুৰোধ জনায়৷

এই অভিলেখ গঢ়াৰ সপোনক বাস্তৱ ৰূপ দিয়াৰ আঁৰৰ ব্যক্তি ক্রমে ভাস্কৰজ্যোতি ফুকন, জয়ন্ত গোস্বামী, ড০ ৰঞ্জন কুমাৰ দাস, সুজিৎ দে’, প্রসেনজিৎ চেতার্জী, দাৰাক উল্লাহ, বিজু খান, সন্দীপ চমৰীয়া, বলেন বৈশ্য, হীৰেন চহৰীয়া, দেৱাশিস শর্মা, ৰূপম বৰগোঁহাই, ফুলকণ কুমাৰ প্রমুখ্যে বহুকেইগৰাকী শুভাকাংক্ষীৰ শলাগ লয় শিল্পীগৰাকীয়ে৷ আজিৰ সংবাদ মেলত শিল্পীগৰাকীৰ লগতে ড০ ৰঞ্জন কুমাৰ দাস, শান্তনু শর্মা, প্রাণপ্রতিম চলিহা প্রমুখ্যে আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশ লৈ শিল্পীগৰাকীক উৎসাহিত কৰে৷

ডিজিটেল ডেস্ক, ১০ ডিচেম্বৰ

You might also like