কটকত দক্ষিণ আফ্ৰিকা বধ, বলাৰৰ ধুমুহাত তচনচ প্ৰটিয়াজ বাহিনী
প্রাৰম্ভিক বিপর্যয় সত্ত্বেও হার্দিক পাণ্ডিয়াৰ বিস্ফোৰক অপৰাজিত অর্ধশতকৰ সহায়ত টীম ইণ্ডিয়াই নির্ধাৰিত ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ১৭৫ ৰান সংগ্রহ কৰে
ঘৰুৱা দল টীম ইণ্ডিয়াই সহজ জয়েৰে টি–২০ শৃংখলাত অভিযান আৰম্ভ কৰিছে৷ কটকত অনুষ্ঠিত মেচখনত ভাৰতে দক্ষিণ আফ্রিকাক ১০১ ৰানত পৰাস্ত কৰি পাঁচখনীয়া মেচৰ শৃংখলাটোত ১–০ত অগ্রগতি লাভ কৰিছে৷
মেচখনত টীম ইণ্ডিয়াই জয়ৰ বাবে বান্ধি দিয়া ১৭৬ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি বেটিং বিপর্যয়ৰ সন্মুখীন হৈ প্রটিয়াজ বাহিনীয়ে ১২.৩ অভাৰত মাত্র ৭৪ ৰানহে কৰে৷ দেৱাল্ড ব্রেভিছে সর্বাধিক ২২ ৰান কৰে৷
দলটোৰ মাত্র ৪গৰাকী বেটাৰে দহকৰ ঘৰ স্পর্শ কৰে৷ ভাৰতৰ হৈ অর্শদীপ, বুমৰাহ, বৰুণ আৰু অক্ষৰে দুটাকৈ, হার্দিক আৰু শিৱমে এটাকৈ উইকেট লয়৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰিবলৈ আহি প্রাৰম্ভিক বিপর্যয় সত্ত্বেও হার্দিক পাণ্ডিয়াৰ বিস্ফোৰক অপৰাজিত অর্ধশতকৰ সহায়ত টীম ইণ্ডিয়াই নির্ধাৰিত ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ১৭৫ ৰান সংগ্রহ কৰে৷
ইনিংছ আৰম্ভণি সুখকৰ নাছিল ঘৰুৱা দলটোৰ৷ দলীয় স্ক’ৰ ৪৮ ৰানতে তিনিজনকৈ আগশাৰীৰ বেটাৰক হেৰুৱাই দলটো বিপদত পৰিছিল৷ আঘাতৰ পৰা সুস্থ হৈ প্রত্যাৱর্তন কৰা শুভমন গিলে মাত্র ৪ ৰান কৰাৰ বিপৰীতে অভিষেক শর্মাই ১৭ আৰু অধিনায়ক সূর্যকুমাৰ যাদৱে ১২ ৰান কৰে৷
অৱশ্যে তিলক বার্মাই অক্ষৰ পেটেলৰ সৈতে লগ লাগি চতুর্থ উইকেটত ৩০ ৰান সংগ্রহ কৰি দলৰ বিপর্যয় কিছু ৰোধ কৰে৷ তিলকে ২৬ আৰু অক্ষৰে ২৩ ৰান কৰি বিদায় লয়৷ হার্দিকে মাত্র ২৮টা বলত ৬টা চাৰি আৰু ৪টা ছয়েৰে অপৰাজিতভাৱে ৫৯ ৰান সংগ্রহ কৰি দলক সন্তোষজনক স্থিতিত উপনীত কৰায়৷ শিৱম ডুবেই ১০ আৰু জিতেশ শর্মাই অপৰাজিত ১০ ৰান কৰে৷ দক্ষিণ আফ্রিকাৰ হৈ এনগিৰিয়ে সর্বাধিক ৩টা উইকেট লয়৷
ডিজিটেল ডেস্ক, ১০ ডিচেম্বৰ