নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ২১ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত উপৰাষ্ট্ৰপতি জগদ্বীপ ধনখেৰ

  • ভাৰতীয় আৰু বিদেশী উভয় সংস্থাৰ পৰা ২০২১-২২ বৰ্ষত ২৫ টাকৈ পেটেন্ট ডিব্ৰুগড় বিশ্ববিদ্যালয়ে লাভ কৰিছেঃ মুখ্যমন্ত্ৰী ড° শৰ্মা

 

নিয়মীয়া বাৰ্তা, ৩ মে’: ‘যিবোৰ বিশ্ববিদ্যালয় উচ্চ শিক্ষাৰ মন্দিৰ, সেইবোৰে ইয়াৰ শৈক্ষিক কাৰ্যসূচীক আৰু অধিক উদ্ভাৱনীমূলক আৰু ভবিষ্যতৰ দিনত ফলাফলভিত্তিক কৰি তুলিবলৈ চেষ্টা কৰিব লাগে’—উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰে আজি ডিব্ৰুগড়ত এনেদৰেই কয়।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ২১ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ভাষণত কয় যে নৱ প্ৰজন্মই প্ৰয়োজনীয় দক্ষতা আৰু জ্ঞান প্ৰদান কৰিলে সমাজত বহু অলৌকিক কাম কৰি সমাজ,দেশক বহু উন্নয়নৰ দিশলৈ লৈ যাব পাৰে।বিশ্ববিদ্যালয়সমূহে কেৱল গতানুগতিক ডিগ্ৰীৰ ওপৰত গুৰুত্ব দিয়াই নহয়,দক্ষতা ভিত্তিক কাৰ্যসূচীৰ ওপৰতো গুৰুত্ব দিব লাগে। যিবোৰ সামগ্ৰিক,বহু বিষয়ক আৰু চাকৰিমুখী হব পাৰে।ডিব্ৰুগড় বিশ্ববিদ্যালয়ে দ্ৰুত অগ্ৰগতি লাভ কৰি আহিছে।জি-২০ ইউনিভাৰ্চিটি কানেক্ট কাৰ্যসূচীৰ অংশ হ’বলগীয়া ৭৫ খন প্ৰতিষ্ঠানৰ ভিতৰত ডিব্ৰুগড় বিশ্ববিদ্যালয় অন্যতম আছিল বুলি উপৰাষ্ট্ৰপতি ধনখৰে ভাষণত উল্লেখ কৰে।বিশ্ববিদ্যালয়সমূহে প্ৰদান কৰা গতানুগতিক ডিগ্ৰীৰ পৰা দক্ষতা বিকাশ আৰু উদ্যোগীকৰণৰ দৰে ফলাফলমুখী কাৰ্যসূচীলৈ ৰূপান্তৰিত হোৱাৰ দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰে।তেওঁ ছাত্ৰ-ছাত্ৰীসকলক গুণগত শিক্ষা প্ৰদান আৰু প্ৰতিযোগিতাৰ জগতখনৰ সন্মুখীন হ’বলৈ নিজকে সুপ্ৰস্তুত কৰি তোলাৰ ক্ষেত্ৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভূমিকাক প্ৰশংসা কৰে।ভাষণত উপৰাষ্ট্ৰপতিয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰন্তৰ প্ৰচেষ্টাৰ বাবেই আজিৰ অসমে এক নতুন প্ৰাণ পোৱা বুলি সদৰী কৰি মুখ্যমন্ত্ৰী গৰাকী অদম্য শক্তিৰে বহু গুণৰ অধিকাৰী বুলি মঞ্চৰ পৰাই ভাষণত উপৰাষ্ট্ৰপতি ধনখৰে উল্লেখ কৰাতো যথেষ্ট তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে।

কাৰ্যসূচীৰ সময়ত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাজ্যৰ বিশিষ্ট সাহিত্যিক নিৰুপমা বৰগোহাঁইক সন্মানীয় ডি লিট ডিগ্ৰী আৰু জলবায়ু বিজ্ঞানী ভূপেন্দ্ৰ নাথ গোস্বামীক ডি এছ চি ডিগ্ৰী প্ৰদান কৰে।সমাৱৰ্তনৰ সময়ত ১৬৮৪ জন ছাত্ৰ-ছাত্ৰীক ডিগ্ৰী প্ৰদান কৰা হয় য’ত ৭৫ গৰাকী ছাত্ৰ-ছাত্ৰীক পি এইচ ডি ডিগ্ৰী, ৭২ গৰাকী ছাত্ৰ-ছাত্ৰীক এম ফিল ডিগ্ৰী প্ৰদান কৰা হয়। লগতে ৩৯ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীক স্বৰ্ণ পদক প্ৰদান কৰা হয়।অনুষ্ঠানৰ সময়ত বিজ্ঞান, কলা আৰু বাণিজ্য বিভাগৰ শ্ৰেষ্ঠ স্নাতকসকলকো বঁটা প্ৰদান কৰাৰ বিপৰীতে নৃতত্ত্ব বিভাগত সৰ্বোচ্চ নম্বৰ লাভ কৰা ছাত্ৰ গৰাকীক জোনালী ক্ৰপি সোঁৱৰণী স্বৰ্ণ পদক আৰু এনডাউমেণ্ট বঁটা প্ৰদান কৰা হয়।

আনহাতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ২১ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাষণত কয়– ১৯৬৫ চনৰে পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ে সমগ্ৰ ৰাজ্যখনৰ শৈক্ষিক পৰিবেশ সমৃদ্ধ কৰি ৰাখিছে।ইতিবাচক মানসিকতা আৰু মানৱীয় মূল্যবোধৰ বীজ সিচি ছাত্ৰ-ছাত্ৰী সকলৰ বৌদ্ধিক আৰু মানসিক জ্ঞান, সামৰ্থৰে সবল কৰি তুলিছে।গৱেষণা উদভাৱনাৰ ক্ষেত্ৰত সাম্প্ৰতিক সময়ত দেশৰ অগ্ৰণী বিশ্ববিদ্যালয় হিচাপে আত্মপ্ৰকাশ কৰিছে।আজি এই জ্ঞানৰ মন্দিৰত উপস্থিত থাকিবলৈ পাই নিজকে অতি ধন্য মানিছো বুলি বিশাল ছাত্ৰ-ছাত্ৰী সহ জনতাক সম্বোধন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শমাই।তেওঁ পুনৰাই ভাষণত কয়— এই বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ-ছাত্ৰী সকলে নিজ অন্বেষণৰ দ্বাৰা দেশৰ শৈক্ষিক,সাংস্কৃতিক আৰু অৰ্থনৈতিক বিকাশত উল্লেখযোগ্য বৰঙনি যোগাবলৈ সক্ষম হৈছে।এই ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিবলৈ, বিশ্বৰ বিভিন্ন প্ৰান্তৰ শিক্ষাৰ্থীসকলৰ আগ্ৰহ পৰ্যায়ক্ৰমে বৃদ্ধি পোৱাতো এক উল্লেখযোগ্য বিষয়।ভাৰতীয় আৰু বিদেশী উভয় সংস্থাৰ পৰা ২০২১-২২ বৰ্ষত ২৫ টাকৈ পেটেন্ট লাভ কৰিছে।কেন্দ্ৰীয় চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে,বিশ্ববিদ্যালয়খনলৈ গৱেষণাৰ অনুদান প্ৰদান কৰিছে।জি-২০ অভিৱৰ্তনৰ বাবে এই বিশ্ববিদ্যালয় তালিকাভুক্ত হোৱাতো এক বিৰল ঘটনা।তাৰোপৰি ৰাজ্যৰ শৈক্ষিক উৎকৰ্ষতাৰ পৰিৱেশ সুনিশ্চিত কৰাৰ বাবে আমি সকলোৱে নিৰন্তৰভাবে কাম কৰিব লাগিব।আধুনিক অসমৰ পৰিচয়,আমাৰ শিক্ষা পদ্ধতিৰ সফলতাৰ ওপৰত নিৰ্ভৰ কৰে।ভাৰতৰ সভ্যতা আৰু সংস্কৃতিয়ে যি সময়ত শীৰ্ষত আৰোহণ কৰে, তাৰ ভূমিকা আমাৰ দেশৰ শিক্ষা ব্যৱস্থাই নিৰুপন কৰে।তক্ষশিলা,নালন্দা দিনৰে পৰা এই কথা প্ৰমাণিত হৈছে যে যিখন সমাজত শিক্ষাই উচ্চতাৰ শীৰ্ষত আৰোহণ কৰে, সেইখন সমাজেই নবজাগৰণৰ পথপ্ৰদৰ্শক।আজি আমাৰ ৰাজ্যখনক এন নতুন দিগন্তলৈ লৈ যোৱৰ বাবে নিৰন্তৰ কাম কৰিছো।আজি অসমে এক নতুন পৰিচয়ৰে, ইতিবাচক চিন্তাৰে ভাৰতৰেই নহয় বিশ্বৰ বুকুতে নতুনকৈ আত্মপ্ৰকাশ কৰিবলৈকো সক্ষম হোৱা বুলি সদৰী কৰি যদি আমি সফল আত্মপৰিচয়ৰে প্ৰকাশিত হব লাগে,তেতিয়াহ’লে শ্ৰেষ্ঠতাৰ বিকল্প একোৱেই থাকিব নালাগে বুলিও ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী ড° শৰ্মাই উল্লেখ কৰে।

নৱপ্ৰজন্মৰ ওপৰত গভীৰ আস্থা আৰু বিশ্বাস থকা বুলি কৈ মুখ্যমন্ত্ৰী গৰাকীয়ে বিগত দুটা বৰ্ষত ৰাজ্যখনত শান্তি-সমৃদ্ধিৰে জয়যাত্ৰ অব্যাহত ৰাখি দেশৰ ভিতৰতে এক সুকীয়া পৰিচয় পাবলৈকো সক্ষম হোৱা বুলি উল্লেখ কৰে।বিগত তিনদিন ধৰি কৰ্ণাটকত থকাৰ অভিজ্ঞতা সোঁবৰি মুখ্যমন্ত্ৰী,শৰ্মাই কয়–প্ৰতিখন সভাতে মানুহে নতুন অসমৰ কথা আলোচনা কৰিছে।বিশ্ব অভিলেখ কৰা বিহু নৃত্যৰ বিষয়েও মানুহে গৌৰৱে সোঁৱৰণ কৰিছে।প্ৰতিখন সভাত কিদৰে এক আন্দোলন বিবৰ্জিত পৰিৱেশৰ মাজত,কি ধৰণে অসমে বিকাশ আৰু উত্তৰণৰ দিশত গতি কৰিছে;তাৰ বিষয়েও সমগ্ৰ দেশৰ মানুহে আজি আলোচনা কৰিছে।বিগত তিনিটা দশকত আন্দোলনমুখৰ পৰিৱেশৰ বাবেই সামাজিক উন্নয়ন,অৰ্থনৈতিক উন্নয়ন বা ব্যক্তিগতভাবেও একোৰে সমৃদ্ধিশালী হোৱা নাছিল।এতিয়া ইতিবাচক চিন্তাৰে,শান্ত-সৌম্য পৰিৱেশৰে এক নতুন অসম গঢ় দিয়াৰ প্ৰচেষ্টাৰে নিয়োগৰ সম্ভাৱনা,গৱেষণাৰ সম্ভাৱনা মুকলি কৰি দৰিদ্ৰতা দূৰ কৰাত আমি সকলোৱেই একো একোটা কাৰক হৈ পৰিম বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।নৱপ্ৰজন্মই চাকৰিৰ বাবে হাহাকাৰ কৰাৰ পৰিৱৰ্তে উদ্যোগীকৰণৰ জৰিয়তে আনৰ বাবে চাকৰি সৃষ্টিৰ চেষ্টা কৰিব লাগে।এজন চাকৰি প্ৰত্যাশী নহৈ চাকৰি প্ৰদানকাৰীহে হ’ব লাগে বুলি মুখ্যমন্ত্ৰীয়ে ভাষণত কয়।লগতে উচ্চ শিক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অগ্ৰণী ভূমিকাক বিশেষ শলাগ লয়।

এই কাৰ্যসূচীৰ সময়ত মঞ্চত অসমৰ ৰাজ্যপাল তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আচাৰ্য তথা অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া, উপ-ৰাষ্ট্ৰপতি সুদেশ ধনখৰৰ পত্নী,ৰাজ্যৰ শিক্ষা মন্ত্ৰী ড° ৰ’নোজ পেগু, কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছৰ মন্ত্ৰী ৰামেশ্বৰ তেলী,ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য জিতেন হাজৰিকা উপস্থিত থকাৰ লগতে বিধায়ক প্ৰশান্ত ফুকন,চক্ৰধৰ গগৈ,টেৰচ গোৱালা,জিলা উপায়ুক্ত বিশ্বজিৎ পেগু,আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰাৰ লগতে বিশ্ববিদ্যালয়ৰ সমূহ বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।

ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।

You might also like