নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অজাপ–ৰাইজৰ দলৰ বাবে ১৫টা সমষ্টিত পৰাজিত কংগ্রেছ

নিয়মীয়া বাৰ্তা, ১৬ জুনঃ বিধানসভা নির্বাচনৰ ফলাফল প্রকাশৰ এমাহ পাৰ হৈ যোৱাৰ পিছতো দলৰ মজিয়াত নির্বাচনী বিপর্যয় সম্পর্কত কোনো পর্যালোচনা নোহোৱাক লৈ কংগ্রেছৰ ভিতৰচ’ৰাত একপ্রকাৰ বিদ্রোহৰ সূচনা হৈছে৷ দলৰ ১০গৰাকীকৈ জ্যেষ্ঠ নেতাই ইতিমধ্যে এআইচিচিৰ সাধাৰণ সম্পাদক তথা প্রদেশ কংগ্রেছৰ তত্ত্বাৱধায়ক জিতেন্দ্র সিঙক এক পত্রযোগে নির্বাচনী বিপর্যয় সম্পর্কত আলোচনাৰ বাবে অচিৰেই প্রদেশ কংগ্রেছৰ কার্যনির্বাহক বৈঠক এখন আয়োজন কৰাৰ দাবী উত্থাপন কৰে৷

পত্রখনৰ প্রতিলিপি কংগ্রেছ নেতা ৰাহুল গান্ধীলৈও প্রেৰণ কৰে৷ ইয়াৰ সমান্তৰালভাৱে প্রদেশ কংগ্রেছৰ নতুন সভাপতি নিয়োগক লৈও দলৰ ভিতৰচ’ৰাত লবীকেন্দ্রিক ৰাজনীতি আৰম্ভ হৈছে৷ এনে পৰিস্থিতিৰ পৰিপ্রেক্ষিতত শেহতীয়াকৈ প্রদেশ কংগ্রেছৰ তৰফৰ পৰা নির্বাচনী বিপর্যয় সম্পর্কত হিচাপ–নিকাচ আৰম্ভ হৈছে৷

এক দলীয় সূত্রৰ পৰা জানিব পৰা মতে, প্রাৰম্ভিক হিচাপ–নিকাচত কংগ্রেছে এইবাৰ নির্বাচনত অজাপ আৰু ৰাইজৰ দলৰ বাবেই ১৫ সমষ্টিত পৰাজিত হোৱাটো নিশ্চিত কৰিছে৷ সেই দল দুটাৰ ভোট বিভাজনৰ বাবেই উক্ত সমষ্টিকেইটাত কংগ্রেছ পৰাজিত হ’বলগীয়াত পৰে৷ উক্ত সমষ্টিকেইটা হৈছে– মাহমৰা, সোণাৰি, দেৰগাঁও, যোৰহাট, টীয়ক, আমগুৰি, লখিমপুৰ, ধেমাজি, লাহোৱাল, দুলীয়াজান, নাহৰকটীয়া, চাবুৱা, ডুমডুমা, শদিয়া আৰু বঢ়মপুৰ৷ কংগ্রেছৰ আভ্যন্তৰীণ পর্যালোচনা অনুসৰি মাহমৰা সমষ্টিত বিজেপিয়ে ৫০,৮৯৯টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্রেছে ৩৭,৯০৮, অজাপ আৰু ৰাইজৰ দলে ২০,৬৯২টা ভোট লাভ কৰে৷ সেইদৰে সোণাৰি সমষ্টিত বিজেপিয়ে ৬৯,২৪৭টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্রেছে ৫৪,৩৪৬টা আৰু অজাপই ১৬,৭৩৮টা ভোট লাভ কৰে৷ দেৰগাঁও সমষ্টিত অগপই ৬৩,৬১২টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্রেছে ৫১,১৭১টা আৰু অজাপ–ৰাইজৰ দলে মুঠ ১৪,৯২৯টা ভোট লাভ কৰে৷

যোৰহাট সমষ্টিত বিজেপিয়ে ৬৭,৫০০টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্রেছে ৬১,১৮১টা আৰু অজাপই ৬,৮৪৩টা ভোট লাভ কৰে৷ টীয়ক সমষ্টিত অগপই ৪৭,১২১টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্রেছে ৪৫,৭৫২টা আৰু ৰাইজৰ দলে ৫,৯২৩টা ভোট লাভ কৰে৷ আমগুৰি সমষ্টিত অগপই ৪৯,৪৭০টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্রেছে ৪৩,৩১৫টা আৰু অজাপই ৬,৮৮২টা ভোট লাভ কৰে৷ লখিমপুৰ সমষ্টিত বিজেপিয়ে ৬৯,৮৩৫টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্রেছে ৬৬,৭৫৩টা আৰু অজাপই ২,৪২৮টা ভোট লাভ কৰে৷

ধেমাজি সমষ্টিত বিজেপিয়ে ৮৬,৭৪৪টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্রেছে ৪৪,২২৮টা আৰু অজাপই ৫৬,৫২৮টা ভোট লাভ কৰে৷ লাহোৱাল সমষ্টিত বিজেপিয়ে ৫৮,৭৭৩টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্রেছে ৪১,৭৫১টা, অজাপই ১০,৬৩৮টা, ৰাইজৰ দলে ৫,৫৬২টা আৰু বিদ্রোহী নির্দলীয়ই ২,৫৭৯টা ভোট লাভ কৰে৷ দুলীয়াজান সমষ্টিত বিজেপিয়ে ৫৪,৩৯২টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্রেছে ৪৬,৩৯২টা আৰু অজাপই ২৪,০২৭টা ভোট লাভ কৰে৷

নাহৰকটীয়া সমষ্টিত বিজেপিয়ে ৪৬,৯৯৯টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্রেছে ৩২,১৬৯টা আৰু অজাপই ২৫,০৯৩টা ভোট লাভ কৰে৷ চাবুৱা সমষ্টিত অগপই ৫৩,২০৫টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্রেছে ৩৪,৬৭৩টা, অজাপ–ৰাইজৰ দলে মুঠ ২৮,৩৭৭টা ভোট লাভ কৰে৷ ডুমডুমা সমষ্টিত বিজেপিয়ে ৪৮,৮৭২টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্রেছে ৪০,৭২১টা, ৰাইজৰ দলে ১৫,২২৪টা, অজাপই ৪,৩২১টা ভোট লাভ কৰে৷ শদিয়া সমষ্টিত বিজেপিয়ে ৬৪,১৪৭টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্রেছে ৪২,২১৭টা আৰু অজাপই ২৯,৫৩২টা ভোট লাভ কৰে৷ বঢ়মপুৰ সমষ্টিত বিজেপিয়ে ৭০,১১১টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্রেছে ৬৯,৩৬০টা আৰু অজাপই ১,৯২০টা ভোট লাভ কৰে৷ কংগ্রেছৰ মতে, অজাপ আৰু ৰাইজৰ দলে কৰা ভোট বিভাজনৰ বাবেই উক্ত ১৫টা সমষ্টিত কংগ্রেছ পৰাভূত হ’বলগীয়া হয়৷

এই সম্পর্কত প্রতিক্রিয়া প্রকাশ কৰি কংগ্রেছ বিধায়ক নুৰুল হুদাই কয় যে অজাপ আৰু ৰাইজৰ দলে কংগ্রেছৰ ভোট বিভাজন কৰি বিজেপিক সহায় কৰিলে৷ বিজেপিৰ বি টীম বাবেই বাৰম্বাৰ আহ্বানৰ পিছতো তেওঁলোক মহাজোঁটলৈ অহা নাছিল৷ অজাপ আৰু ৰাইজৰ দলে ভোট বিভাজন নকৰাহেঁতেন এইবাৰ অৱধাৰিতভাৱে দিছপুৰত মহাজোঁটৰ চৰকাৰ হোৱাটো নির্বাচনী ফলাফলৰ অংকই নিশ্চিত কৰে৷

মন কৰিবলগীয়া এয়ে যে যিসময়ত কংগ্রেছৰ এটা মহলে এআইইউডিএফৰে কৰা মিত্রতাৰ বাবেই কংগ্রেছ বিপর্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছে বুলি মন্তব্য কৰি আহিছে, সেই সময়ত দলে যুগুতোৱা তেনেধৰণৰ পর্যালোচনাই দলৰ নেতৃত্বৰ লগতে হাইকমাণ্ডক কিমান আশ্বস্ত কৰে, সেয়াহে লক্ষণীয় হ’ব৷

You might also like